ভোলানাথে কাম উত্তেজনাত অতিষ্ঠ হৈ পৰাৰ কাৰণ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 5, 2022

ভোলানাথে কাম উত্তেজনাত অতিষ্ঠ হৈ পৰাৰ কাৰণ : Religious Studies

Religious Studies

                                   

দেৱতা আৰু দানৱ সকলে সাগৰ মন্থন কৰাৰ সময়ত এটা অমৃতৰ কলহ ওলাইছিল । সেই অমৃত ভাগ বটোৰাক লৈ দুয়ো পক্ষৰ মাজত কাজিয়া হোৱাৰ উপক্ৰম হৈছিল । তেতিয়া ভগৱান কৃষ্ণই নাৰী বেশ ধৰি সেইটো ভগাই দিবলৈ আছিল । তেওঁৰ নাৰীৰ ৰূপ দেখি দানৱ সকলে বিষে খালে নে অমৃতে খালে একো ধৰিব পৰা নাছিল । ( Religious Studies )


ইকান সিকান কৈ কৈলাশত থকা মহাদেৱৰ কানত শ্ৰীকৃষ্ণৰ ভুৱন ভুলোৱা নাৰী ৰূপৰ কথা কানত পৰিল আৰু এদিন পাৰ্বতী সহ তেওঁ নাৰী ৰূপ দৰ্শন কৰিবলৈ বৈকুণ্ঠলৈ আহিল । মহাদেৱে প্ৰণাম কৰি শ্ৰীকৃষ্ণক তেওঁৰ মনোবান্সা পূৰণ কৰিবলৈ খাটনি ধৰিলে । 


কৃষ্ণই তেওঁক তেওঁৰ নাৰী ৰূপ চাব নালাগে বুলি কলে কাৰন সেই ৰূপ দেখি যদি তেওঁ যদি কামাতুৰ হৈ পৰে তেতিয়া বৰ লাজৰ কথা হৈ পৰিব । নাই তেওঁ নামানে । তেওঁ হেনো মদনক (কামদেৱ) ক জয়ী কৰি আহিছে গতিকে তেওঁৰ একো নহয় । ভক্তৰ অধিন ভগৱান ' তেওঁ বিচাৰিছে যেতিয়া - - -হঠাৎ কৃষ্ণ অন্তুৰ্ধান হ'ল ।  মনৰ আশা পূৰন ন'হল বুলি সদাশিবে পাৰ্বতি সহ কৈলাশলৈ ৰাওঁনা হ'ল । 


কিছুদুৰ গৈ তেওঁলোকে ফুলে ফলে পৰিবেষ্টিত এখন উদ্যান দেখিলে । অলপ সময় তাত জিৰনী লোৱাৰ উদ্দেশ্বেৰে দুয়ো বৃষভৰ পৰা নাপিল । হঠাৎ মহাদেৱে এগৰাকী সুন্দৰী ৰমনীয়ে ভণ্টা খেলি থকা দেখা পালে । ( Religious Studies )

 

কেৰাহিকৈ তেওঁৰ পিনে চাই মিচিক মাচকৈ হাঁহি আছে । তেওঁৰ  ৰূপ সৌন্দৰ্য দেখি মহাদেৱ ৰব নোৱাৰিলে । পাৰ্বতিক এৰি থৈ তেওঁ ৰমনীক লগ পোৱাৰ আশাৰে পিছে পিছে খেদি গ'ল । এই মাত্ৰ ধৰা দিয়াৰ নিচিনা কৰে আৰু পলকতে হাতৰ পৰা গুছি যায় । দৌৰোতে দৌৰোতে ৰমনীৰ  শাৰী সুলকি পৰিল । অৰ্ধ উলংগ ৰূপ দেখি ভোলানাথ ৰব নোৱাৰা হ'ল । 


কাম উত্তেজনাত তেওঁ অতিষ্ঠ হৈ পৰিল । উজুটি খাই বাঘৰ চাল সুলকি পৰিল । ৰমনীক এবাৰ সাৱটি ধৰাৰ চিন্তাত তেওঁৰ সেইবোৰলৈ লক্ষ্য নাই । নাৰীৰ লোভে তেওঁক এনেকৈ পিড়ীত কৰিলে যে দৌৰি থাকোতে তেওঁৰ বীৰ্য স্খলিত হ'ল । দৌৰি দৌৰি তেওঁ ভাগৰি পৰিল । শেষত ভগৱানে নাৰী বেশ পৰিধান কৰি তেওঁৰ আগত ঠিয় দিলে । সদাশিবে লাজে অপমানে ভগৱান শ্ৰীকৃষ্ণই হে যে সৃষ্টি স্থিতি পালন কৰ্তা স্বীকাৰ কৰিলে ।  ( কীৰ্তন ঘোষাৰ " হৰমোহন খণ্ড " ৰ আলাম লৈ ) ।(কথাখিনি সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages