কাতিৰ পূৰ্ণিমাত পবিত্ৰ নদীত স্নান কৰাৰ মহত্ব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 7, 2022

কাতিৰ পূৰ্ণিমাত পবিত্ৰ নদীত স্নান কৰাৰ মহত্ব : Religious Studies

Religious Studies


কাতিৰ পূৰ্ণিমাৰ দিনা-তুলসী পূজাৰ বিশেষ মহত্ব থাকে।মান্যতা অনুসাৰে-এনে কৰিলে ঘৰলৈ সুখ-সমৃদ্ধি, শান্তি আহে। ( Religious Studies )


*২০২২বৰ্ষৰ কাৰ্তিক পূৰ্ণিমা ৮নৱেম্বৰত আছে।কাতি মাহক-আন মাহতকৈ বহুত শুভ আৰু ফলদায়ী মনা হয়।মান্যতা অনুসাৰে-কাতি মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ নদীত স্নান কৰি দান কৰিলে-এই সম্পূৰ্ণ মাহত কৰা পূজা-পাঠৰ ফল পোৱা যায়।কাতি মাহ ভগৱান বিষ্ণুৰ অতি প্ৰিয় মাহ।কাতি মাহৰ পূৰ্ণিমাক দেৱ-দীপাৱলী নামেৰেও জনা যায়।মান্যতা অনুসাৰে-ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ লৈছিল।


*কাতি মাহৰ পূৰ্ণিমাৰ শুভ মুহুত্ব-


*কাতি মাহৰ পূৰ্ণিমাৰ তিথি-৭নৱেম্বৰ আবেলি-৪বাজি ১৫মিনিটত আৰম্ভ হব।যি ৮নৱেম্বৰ আবেলি-৪বাজি-৩১মিনিটত সমাপ্ত হব।পূৰ্ণিমা তিথিত স্নান কৰাৰ শুভ মুহুত্ব আবেলি-৪বাজি-৩১ মিনিটলৈ আছে।দান কৰাৰ শুভ সময়-৮নৱেম্বৰ সুৰ্য্যাস্ত আগলৈ আছে।


*কাতি পূৰ্ণিমাৰ মহত্ব-

কাতি মাহৰ পূৰ্ণিমাক-ত্ৰিপুৰী পূৰ্ণিমা কোৱা হয়।ধাৰ্মিক মান্যতা অনুসাৰে-এইদিনা ভগৱান শিৱই ত্ৰিপুৰাসুৰৰ বধ কৰিছিল। ত্ৰিপুৰাসুৰৰ বধৰ পৰা প্ৰসন্ন হৈ-দেৱতাসকলে কাশীত বন্তি জ্বলাইছিল।সেইবাবে-এই পূৰ্ণিমাক দেৱ-দীপাৱলী কোৱা হয়।। (Religious Studies)


*কাতিৰ পূৰ্ণিমাত পবিত্ৰ নদীত স্নান কৰাৰ মহত্ব-


*ধাৰ্মিক মান্যতা অনুসাৰে-কাতিৰ পূৰ্ণিমা দিনা-পবিত্ৰ নদীত স্নান কৰিলে-ব্যক্তিয়ে পাপৰ পৰা মুক্তি পায়।মান্যতা অনুসাৰে-এইদিনা স্বৰ্গৰ পৰা দেৱতাগণো আহি গংগাত স্নান কৰে।সেইবাবে-কাৰ্তিক পূৰ্ণিমাৰ দিনা গংগা স্নান কৰিব লাগে।গংগালৈ যোৱা সম্ভৱ নহলে-ঘৰতে পবিত্ৰ পানীত গংগা জল মিহলাই স্নান কৰিব লাগে।


*কাৰ্তিক পূৰ্ণিমা দিনা-কি দৰে কৰিব লাগে-দীপদান-


*কাতি মাহৰ পূৰ্ণিমা দিনা-প্ৰদোষ কালত নদী বা পুখুৰীত দীপদান কৰাৰ বিশেষ মহত্ব আছে।এইদিনা-পুৱা কোনো নদী বা পুখুৰীত দীপক প্ৰজলিত কৰিব লাগে।মান্যতা অনুসাৰে-কাতি মাহৰ পূৰ্ণিমা দিনা দীপদান কৰিলে-ঘৰলৈ সুখ-শান্তি, সমৃদ্ধি আহে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।(Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages