মুষক ভগৱান শ্ৰী গণেশৰ বাহন কেনেদৰে হল জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 23, 2022

মুষক ভগৱান শ্ৰী গণেশৰ বাহন কেনেদৰে হল জানি লওক : Religious Studies

Religious Studies


গণেশ পুৰাণৰ অনুসাৰে-ভগৱান শ্ৰী গণেশৰ বাহন-মুষক(নিগনি)পূৰ্ৱ জনমত-এক গন্ধৰ্ব আছিল।যাৰ নাম-ক্ৰঞ্চ আছিল।( Religious Studies )


এবাৰ দেৱৰাজ ইন্দ্ৰৰ সভাত-ভুলতে ক্ৰঞ্চৰ ভৰি মুনি বামদেৱৰ ওপৰত পৰিল।মুনি বামদেৱে ভাৱিলে যে-ক্ৰঞ্চে তেওঁৰ লগত ধেমালি কৰিছে।সেইবাবে-মুনি বামদেৱে খংতে-ক্ৰঞ্চক নিগনি হোৱাৰ শাপ দিলে।সেই শাপৰ বাবে-ক্ৰঞ্চ এটা নিগনি হল।কিন্তু সেই নিগনি-বিশাল আকাৰৰ আছিল।সেই নিগনি-ইমানে বিশাল আছিল যে-সেই নিগনিৰ সন্মুখলৈ অহা সকলো বস্তুকে ধ্বংস কৰি দিছিল।তেনেদৰে-এদিন সেই নিগনি মহৰ্ষি পৰাশৰৰ আশ্ৰম পালেগৈ। আশ্ৰমত গৈ পায়-নিগনিটোৱে নিজৰ অভ্যাসৰ অনুসৰি-মাটিৰ সকলো সামগ্ৰী ধ্বংস কৰিলে।আৰু আশ্ৰমত উৎপাট কৰিবলৈ ধৰিলে।


নিগনিটোৱে আশ্ৰমৰ গছ-গছনি উভালি পেলালে আৰু সকলো বস্ত্ৰ আৰু গ্ৰন্থসমূহক কুটি পেলালে।সেইসময়ত মহৰ্ষি আশ্ৰমত ভগৱান শ্ৰী গণেশ উপস্থিত আছিল।মহৰ্ষি পৰাশৰে-এই সকলোবোৰ কথা ভগৱান শ্ৰী গণেশক কলে।তেতিয়া-ভগৱান শ্ৰী গণেশে সেই মুষক'ক এটা শিক্ষা দিয়াৰ কথা ভাবিলে।ভগৱান শ্ৰী গণেশে-মুষক'ক ধৰিবলৈ নিজৰ পাশা পেলালে।পাশাই মুষকক ধৰিবলৈ-মুষকৰ পাছে পাছে পাতাল লোক পালেগৈ।সেই-পাশা মুষকৰ ডিঙিত লাগি ধৰিলে।পাশাই ধৰাত মুষক মূৰ্চা গৈছিল।পাশাই টনাত-মুষক ভগৱান শ্ৰী গণেশৰ সন্মুখত উপস্থিত হল।আৰু যেতিয়াই মুষকে চকু মেলিলে-তেতিয়া নিজকে-মুষকে ভগৱান শ্ৰী গণেশৰ সন্মুখত পালে।( Religious Studies )


*তেতিয়া অলপো সময় পলম নকৰাকৈ-মুষকে ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰি দিলে আৰু নিজৰ প্ৰাণৰ ভিক্ষা বিছাৰিলে।ভগৱান শ্ৰী গণেশ-মুষকৰ প্ৰাৰ্থনাত প্ৰসন্ন হল আৰু মুষক'ক কলে-তুমি সকলোকে বহুত কষ্ট দিলা।মই দুষ্টৰ নাশ আৰু সাধু পুৰুষৰ কল্যাণৰ বাবেহে অৱতাৰ লৈছো।কিন্তু শৰণাগতৰ ৰক্ষা কৰাটো মোৰ পৰম ধৰ্ম হয়।সেইবাবে-যি বৰদান লাগে-বিছাৰিব পাৰা।গণেশৰ কথা শুনি-সেই উৎপত্তীয়া মুষক অহংকাৰেৰে ভৰি পৰিল আৰু ভগৱান শ্ৰী গণেশক কলে-মোক আপোনাৰ পৰা একো নালাগে-কিন্তু আপুনি যদি বিছাৰে-মোৰ পৰা বৰ বিছাৰিব পাৰে।মুষকৰ গৰ্বৰে ভৰা বাণী শুনি-ভগৱান শ্ৰী গণেশ মনতে হাঁহি মাৰিলে-আৰু কলে-যদি তোমাৰ বচন সত্য হয়-তেন্তে মোৰ বাহন হোৱা।


*মুষকে-অলপো সময় পলম নকৰাকে-তথাস্তু কলে।ভগৱান শ্ৰী গণেশ হাঁহি মাৰি-তৎক্ষণাত মুষকৰ ওপৰত বহি পৰিল।এতিয়া শক্তিশালী গজাননৰ ভাৰত দবি-মুষকৰ প্ৰাণ সংকটত পৰিল।তেতিয়া-মুষকে গজাননৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে-তেওঁ নিজৰ ভাৰ-মুষকে যাতে লব পাৰে-তাৰ যোগ্য কৰি লওক।এইদৰে-মুষকৰ গৰ্ব ধ্বংস কৰি-ভগৱান শ্ৰী গণেশে মুষকক নিজৰ বাহনৰ যোগ্য কৰি ললে।


*এইবাবেই আজিও লোকসকলে-ঘৰত-নিগনিয়ে উৎপাত কৰিলে-ভগৱান শ্ৰী?গণেশৰ আৰাধনা কৰে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages