আহক এই পবিত্ৰ ঘাঁহ বিধৰ বিষয়ে কিছু কথা জানি লওঁ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

আহক এই পবিত্ৰ ঘাঁহ বিধৰ বিষয়ে কিছু কথা জানি লওঁ : Religious Studies

Religious Studies

আপোনালোক সকলোৱে ঘৰত কিবা নহয় কিবা বৈদিক কাম কৰিলে পুৰোহিতে ফটোত দেখা এবিধ বিশেষ ঘাঁহ ব্যৱহাৰ কৰা দেখিছে । এই ঘাঁহ বিধক সংস্কৃতত 'কুশ' ঘাঁহ বুলি কয় । ( Religious Studies )


আহক এই ঘাঁহ বিধৰ বিষয়ে কিছু কথা জানি লওঁ । 

বাৰিষাৰ পিছত পানীৰ ঢল শুকাই গলে বিশেষকৈ বালিচৰত এই ঘাঁহ বিধ হয় । প্ৰায় 2 ফুট ওখ হয় এইবিধ বিশেষ ঘাঁহ । 


সাগৰ মন্থনৰ সময়ত বিষ্ণুই কুৰ্ম ৰূপ ধাৰণ কৰি মান্ধাৰ পৰ্বতৰ তলত পৰ্বতক সুস্থিৰ কৰি ৰাখিবলৈ যাওঁতে  কুৰ্মৰ গাৰ চুলি সাগৰৰ পানীত পৰিছিল । সেই চুলি পিছত সাগৰৰ ঢৌত উটি আহিছিল পাৰলৈ । যেতিয়া অমৃতৰ কলহি লৈ টনা-আজোৰা লাগিছিল , তেতিয়া কেইটুপালমান অমৃত আহি সেই চুলিত পৰাৰ পিছত এইবিধ ঘাঁহ হৈছিল ।  এইবিধ ঘাঁহ সেইবাবেই পবিত্ৰ বুলি কোৱা হয় । 


ইয়াৰ উপৰিও এই ঘাঁহবিধে  ঋণাত্মক শক্তিক আঁতৰত ৰাখে বুলি বিশ্বাস কৰে । এই ঘাঁহৰ ওচৰত বহিলে মানুহৰ গাত প্ৰখৰ ৰ'দতো ৰ'দৰ প্ৰভাৱ কম পৰে ।  এই ঘাঁহ বিধৰ এটা বিশেষ বৈশিষ্ট্য আছে । এই ঘাঁহৰ ওচৰত rediation ৰ প্ৰভাৱ নপৰে ।   এই ঘাঁহৰ ওচৰে পাজৰে মোবাইল থাকিলে মোবাইলৰ নেটৱৰ্ক কম  হৈ যায় । 


এই ঘাঁহৰ পাতি (mat) বনাই বুদ্ধদেৱে ধ্যান কৰিছিল  ।  বৌদ্ধ ধৰ্মৰ মানুহ সকলে বিশ্বাস কৰে যে এই  ঘাঁহৰ পাতিত বহিলে বহুত সময় ধ্যানত নিমগ্ন হব পাৰে । ধ্যানৰ মুদ্ৰাত বহিলে সাধাৰণতে মানুহৰ আঁঠুৰ বিষ আৰু ভৰিৰ বিষ হয় । কিন্তু এই পাতিত বহিলে  আঁঠুৰ বিষ নহয় । 


হিন্দু ধৰ্মত এই ঘাঁহক  সকলো বৈদিক কাম কৰিলে  ব্যৱহাৰ কৰা হয় । এই ঘাঁহ পানীত ডুবাই লৈ সেই পানী মংগল মন্ত্ৰ পঢ়ি চাৰিওফালে চিতাই লৈ ঠাইডোখৰ পবিত্ৰ কৰি লোৱা হয়।   এই ঘাঁহে বায়ু পৰিষ্কাৰ  আৰু পৰিশোধন কৰে বাবে এইদৰে পানীত ডুবাই লৈ সেই পানী চিতাই দিয়ে চাৰিওফালে । ( Religious Studies )


এই ঘাঁহৰ আঙুঠি বনাই অনামিকা আঙুলিত পিন্ধাই দিয়া হয় । যিহেতু অনামিকা আঙুলিৰ দ্বাৰাই সকলো  শুভ কাম , যেনে  : টিলক নিজে লোৱা বা আনক দিয়া আদি , সেইবাবেই অনামিকা আঙুলিত পিন্ধে । অনামিকা আঙুলিৰ ঠিক তলতেই হাতত সূৰ্য্য ৰেখা থাকে আৰু যি মানুহৰ স্বভাৱ আৰু মগজুৰ লগত জড়িত দিশ দৰ্শায় ।  


সূৰ্য্য ৰেখাক সেই সময়ত স্থবিৰ কৰি ৰাখি মানুহৰ মগজুক একান্ত কৰাৰ কাম কৰে বুলি বিশ্বাস কৰা হয় ।  বহুত খঙাল মানুহো সেই বিশেষ পূজাৰ সময়ত  একদম শান্ত- শিষ্ট স্বভাৱৰ হোৱা আমি দেখা পাওঁ । ইয়াৰ কাৰণ এইটোৱেই যে সেই সময়ত অনামিকা আঙুলিত  লোৱা এই ঘাঁহৰ আঙুঠিয়ে মানুহৰ  খং-ৰাগ কমাই ৰাখে কিছু সময়ৰ বাবে ।  


এই সময়ত বহুতৰে মনত প্ৰশ্ন আহিব যে সূৰ্য্য ৰেখা হাতত আছে আৰু খং উঠে মগজুত , গতিকে কিধৰণে কাম কৰিব । 

এনে প্ৰশ্ন মনত অহাটো স্বাভাৱিক । কিন্তু যদি আপুনি  অকুপ্ৰেচাৰ থেৰাপিৰ কথা  বুজি পায় বা পঢ়িছে , তেন্তে আপুনি বুজি পোৱাত সহজ হব ।


ইয়াৰ উপৰিও এই ঘাঁহ আয়ুৰ্বেদত বিভিন্ন ঔষধত কামত আহে । এই ঘাঁহৰ শিপা ডিচেন্ত্ৰী  , কিডনী পাথৰ আদি ৰোগত কামত আহে ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages