ঘৰত থকা এইসমূহ বস্তুৰ পৰা নকাৰত্মকতা ওৰ্জাৰ বৃদ্ধি হয় আৰু ঘৰখনত দুখ-কষ্ট থাকে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

ঘৰত থকা এইসমূহ বস্তুৰ পৰা নকাৰত্মকতা ওৰ্জাৰ বৃদ্ধি হয় আৰু ঘৰখনত দুখ-কষ্ট থাকে : Religious Studies

Religious Studies


*বাস্তু শাস্ত্ৰ অনুসাৰে-আপোনাৰ ঘৰত থকা বস্তুসমূহে আপোনাৰ ভাগ্যৰ লগত গভীৰ সম্পৰ্ক থাকে।প্ৰতিটো বস্তুৱে নিজৰ ওৰ্জাৰ দ্ধাৰা পৰিৱেশটো সকাৰত্মক আৰু নকাৰত্মক বনোৱাত কাম কৰে।ঘৰত থকা এইসমূহৰ পৰা নকাৰত্মকতা ওৰ্জাৰ বৃদ্ধি হয় আৰু ঘৰখনত দুখ-কষ্ট থাকে।এই সমূহ বস্তু ঘৰৰপৰা আঁতৰাই ৰাখিব লাগে।( Religious Studies)


*আৰ্ৱজনা-

মান্যতা অনুসাৰে-যি ঘৰত আৰ্ৱজনা আৰু বস্তুসমূহ বিখৰিত হৈ পৰি থাকে-তেনে ঘৰত মা লক্ষ্মীৰ বাস নহয়।বৈদিক জ্যোতিষ শাস্ত্ৰত-মাতা লক্ষ্মীক ধনৰ দেৱী মনা হয়।ঘৰত আৰ্ৱজনা হলে-দৰিদ্ৰতাই বাস কৰে,আৰু আৰ্থিক সমস্যাই লগ নেৰে।ঘৰত সুখ-সমৃদ্ধিৰ বাস বিচাৰিলে আৰু ধনৰ সমস্যাৰ পৰা লগ এৰাব বিচাৰে যদি,নিয়মিত ভাৱে,ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিব লাগে।


*শুকাই যোৱা উদ্ভিদ-

সেউজীয়া উদ্ভিদে-জীৱনলৈ সুখ আৰু সকাৰত্মকতা ওৰ্জা আনে।কিন্তু এই উদ্ভিদে যদি শুকাই যায়-তেন্তে নকাৰত্মক ওৰ্জাৰ সকলোতকৈ ডাঙৰ কাৰণ মনা হয়।যদি আপোনাৰ ঘৰত কোনো উদ্ভিদ শুকাই আছে-সেয়া তৎক্ষণাত আঁতৰাই দিব লাগে।নহলে-জীৱনত সমস্যাৰ সৃষ্টি হৈ থাকিব।ইয়াৰ বাহিৰেও ঘৰত কেতিয়াও কাঁইটিয়া উদ্ভিদ লগাব নালাগে।


*ভঙা-চিঙা- সামগ্ৰী-

বাস্তু শাস্ত্ৰত ভঙা-চিঙা আৰু প্ৰয়োজন নোহোৱা বস্তুবোৰ অশুভ মনা হয়।বহুলোকৰ এই অভ্যাস থাকে যে-ভঙা-চিঙা সামগ্ৰীবোৰ গোটাই থৈ দিয়া।বেয়া বস্তু বা ভঙা-চিঙা বস্তুবোৰ নকাৰত্মক ওৰ্জাৰ বহুত ডাঙৰ কাৰণ মনা হয়।এনে বস্তু ঘৰত থাকিলে সোনকালে ভাল কৰি লব লাগে-নহলে ঘৰৰ পৰা আঁতৰাই পেলাব লাগে।( Religious Studies)

Religious Studies


*মকৰাৰ জাল-

বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত মকৰাই জাল বান্ধিলে অশুভতা মনা হয়।যি ঘৰত মকৰাৰ জাল থাকে-সেই ঘৰত নকাৰত্মকতা ওৰ্জা সদায়ে থাকে।ঘৰত আৰ্থিক সমস্যা আৰু ঘৰৰ পৰিয়ালৰ সদস্যৰ মাজত সমস্যা চলি থাকে।সেইবাবে-ঘৰত মকৰাই জাল বান্ধিলেই সোনকালে চফা কৰিব লাগে।


*বেয়া কৰি ৰখা কোঠালি-

বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰৰ কোনো এটা কোঠালি বিখৰিত হৈ থাকিব নালাগে।মান্যতা অনুসাৰে-অস্ত-ব্যস্ত কোঠালিৰ পৰা জীৱনত নকাৰত্মক প্ৰভাৱ পৰে।বাস্তু শাস্ত্ৰ অনুসাৰে-যি ঘৰত অস্ত-ব্যস্ত কোঠালি থাকে-সেইসখন ঘৰৰ লোকসকলক সদায়ে আৰ্থিক সমস্যাই লগ নেৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages