স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয় : Religious Studies

Religious Studies


মৰি গলেই যে মুক্তি পাব , তেনেকুৱা কথা নাই । দৈনিক যিমান মানুহৰ মৃত্যু হয় , তাৰ  ১০০০ জনৰ এজনৰো চাগে মুক্তি নহয় । ( Religious Studies )


কৰ্ম অনুসৰি ব্যক্তিৰ পুনৰজন্ম হয় । ইচ্চা আতাইতকৈ ডাঙৰ বস্তু । জীৱনৰ শেষ সময়ৰ যি ইচ্চা থাকি যায় , সেই ইচ্চা অনুসৰিয়েই মানুহৰ পুনৰজন্ম হয় । 


যদি কোনোবাৰ কুকুৰৰ জীৱন খুব বেছি প্ৰীয় , তেন্তে ভগবানে তেওক এবাৰ কুকুৰ হৈ জন্ম হোৱাৰো সুযোগ দিয়ে । 


সন্তানৰ প্ৰতি বেছি মৰম থকা ব্যক্তিৰ মৃত্যু হলে সেই সন্তানৰ ঘৰতেই পুনৰজন্ম লয় । 


সেই বাবেই বৃদ্ধ অবস্থাত হলেও মানুহে সকলো মায়া মোহ ত্যাগ কৰি প্ৰভুৰ চৰনত শৰন লব লাগে , যাতে এই সংসাৰৰ বান্ধোন চিঙি গৈ মুক্তি পাব পাৰে ।


গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে হে অৰ্জুন , তুমি যুদ্ধ কৰা । জিকিলে মোক পাবা আৰু হাৰিলে স্বৰ্গ পাবা । অৰ্থাত সেই যুদ্ধখন আছিল সংসাৰৰ বান্ধোনৰ যুদ্ধ । যি বান্ধোনত ধন , মায়া ,মোহ আদি সকলোৱে আগুৰি আছিল । সেই বান্ধোন চিঙি ওলাই আহিব পাৰিলে আমি পৰমাত্মাত বিলিন হৈ যাব পাৰো । পৰমাত্মাত বিলিন হোৱা আত্মাৰ পুনৰজন্ম নহয় । তেওঁ সংসাৰৰ বান্ধোনৰ পৰা মুক্তি পায় । 


অৰ্জুনক আৰু কৈছিল যে তুমি হাৰিলে স্বৰ্গ পাবা । স্বৰ্গ মানে হ’ল যি ঠাইৰ ৰজা ইন্দ্ৰ আৰু যি ঠাইত মনোৰন্জনৰ সকলো ব্যৱস্থা আছে , সকলো ধৰনৰ খোৱা বস্তু , মদিৰা , সুন্দৰি আদি সকলো আছে । স্বৰ্গৰ ৰজা ইন্দ্ৰ মানে হ’ল ইন্দ্ৰীয় । য’ত ইন্দ্ৰীয়ৰ সমস্ত সুখ পোৱা যায় ।  ( Religious Studies )


কিন্তু স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয় । স্বৰ্গত তেতিয়ালৈকে থাকিব পাৰিব , যেতিয়ালৈকে পুন্যৰ Balance আছে । Balance শেষ মানে আকৌ কৰ্ম অনুযায়ী জন্ম লব লাগিব । 


স্বৰ্গত থকা মানেই দেৱতা নুবুযায় । আজিৰ দিনত যিবোৰ মানুহক আমি স্বৰ্গসুখী বুলি কও , তেওঁলোকেই স্বৰ্গত থকা ব্যক্তি , যিসকলে পুৰ্বজন্মত কৰা সংগ্ৰামৰ ফলত আজি স্বৰ্গসুখ পাইছে । এনেকুৱা ব্যক্তিৰ মায়া মোহ এইটো জনমতো কম দেখা যায় । কিন্তু যিসকল স্বৰ্গসুখী ব্যক্তি মায়া মোহত আবদ্ধ হৈ পুনৰ বেয়া কামত লিপ্ত হয় , তেওলোকৰ পুন্যৰ Balance শেষ হোৱাৰ লগে লগে আকৌ অধম যোনীত জন্ম লয় ।।। 


এইখিনিলৈ আধ্যাত্মিক কথা আছিল । কিন্তু ইয়াৰ পিছত আছল কথাটো শুনক । 


এতিয়া যিজন মানুহে Bike চলাই বজাৰত গৈ থাকোতে দুৰ্ঘটনা হৈ মৰি যায় , নাইবা Suddenly Cardiac arrest হৈ মৃত্যু হয় , নাইবা আত্মহত্যা কৰে , তেওৰ লগত কি হয় বাৰু ??


তেওঁৰ সকলো মায়া , মোহ , ইচ্চা , আকাংক্ষ্যা থাকি যায় বাবে তেও আকৌ সেইখন ঘৰতে নাইবা সেইটো গোত্ৰতেই ঠিক আগৰ পৰিস্থিতিতেই জন্ম পায় । জন্ম হৈ তেও আগৰ দৰেই স্কুল - কলেজ কৰিব লাগিব । আগৰ দৰেই বেজি লব লাগিব , আগৰ দৰেই সকলো চলি যাব । তেওঁৰ  সংসাৰৰ মায়া - মোহ আদিৰ মাজত সোমাই পৰিব । 


মৰিলেই মুক্তি নহয় । এইটো জনমত যি ঠাই পাইছে , কৰ্মৰ হিচাপ হলে হয়তো আগতকৈও অধম যোনীত জন্ম পাব পাৰে । 

গতিকে এইটো জীৱনতে সংগ্ৰাম কৰক । মৰি গলে মুক্তি পাম বুলি নাভাবিব । 


ভয়াবহ দিন আহি আছে , নিজৰ বাবে নহলেও নিজৰ সন্তানৰ বাবে সংগ্ৰাম কৰক


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages