সূৰ্য্য দেৱৰ কথাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 27, 2022

সূৰ্য্য দেৱৰ কথাৰে : Religious Studies

Religious Studies


*প্ৰাচীন কালৰ কথাৰে-

এখন গাঁওত এজন ব্ৰাহ্মণ আছিল।সেই ব্ৰাহ্মণজন সূৰ্য্য ভগৱানৰ ভক্ত আছিল।ব্ৰাহ্মণে সদায়ে-পুৱা সূৰ্য্য উদয় হোৱাৰ পূৰ্ৱতে উঠি-স্নান আদি কৰি-সূৰ্য্য ভগৱনাৰ কথা কৈছিল-তথা শুনিছিল।( Religious Studies )


*এই সকলোবোৰ কৰোঁতে ব্ৰাহ্মণৰ পলম হৈছিল আৰু অন্য বাকী কাম কৰিব নোঁৱাৰিছিল।যাৰবাবে-ব্ৰাহ্মণক তেওঁৰ পত্নীয়ে বহুত গালি পাৰিছিল।আৰু সমাজৰ সকলেও-তেওঁক এলেহুৱা বুলিছিল।


*এদিন এই সকলোবোৰ কথাৰ পৰা-অশান্তি পায়-ব্ৰাহ্মণে-বজাৰৰ পৰা পূজাৰ সামগ্ৰী আনি-হাবিলৈ গুচি গল।হাবিত এখন শুকান নদীৰ কাষত-এজোপা শুকান আঁহত গছ আছিল।


*আৰু সেই আঁহত গছৰ তলতে-বহি ব্ৰাহ্মণে-সূৰ্য্য ভগৱানৰ কথা পঢ়িবলৈ ললে আৰু সূৰ্য্য ভগৱানৰ পূজা কৰিলে।পূজি শেষ হোৱাৰ পাছত ব্ৰাহ্মণে-নদীৰ পৰা পানী আনি-সূৰ্য্য ভগৱানক সমৰ্পিত কৰিছিল। আৰু যেতিয়াই-ব্ৰাহ্মণে-অনা পানী-নদী আৰু আঁহত গছত পৰে-তেতিয়াই নদীখন শুদ্ধ পানীৰে-ভৰি পৰে আৰু আঁহত গছজোপা জীপাল হৈ উঠে।


*তেতিয়াই সূৰ্য্য ভগৱান-সেই নদীৰ পানীত প্ৰকট হৈ ব্ৰাহ্মণক কয় যে-হে-ব্ৰাহ্মণ,বিচৰা,যি লাগে! ব্ৰাহ্মণে-সূৰ্য্যদেৱৰ মাত-শুনি ভাবিলে-এই মাত-কোনো ভূত প্ৰেতৰ নহয়টো!( Religious Studies )


*ব্ৰাহ্মণে-ঘৰলৈ আহি-সকলোবোৰ কথা নিজৰ পত্নীক কলে।তেতিয়া ব্ৰাহ্মণৰ পত্নীয়ে বুজিলে-যে-ব্ৰাহ্মণক সূৰ্য্য ভগৱানে-আহি দেখা দিছেহি।


*ব্ৰাহ্মণৰ পত্নীয়ে-ব্ৰাহ্মণক বুজাই লৈ কয় যে-সূৰ্য্য ভগৱান আপোনাৰ দ্বাৰা প্ৰসন্ন হয়-আপোনাক বৰদান দিব বিচাৰিছে।


*তেতিয়া ব্ৰাহ্মণে-নিজৰ পত্নীক কয়-মই বৰদানত কি বিচাৰিম!  তেতিয়া-ব্ৰাহ্মণৰ পত্নীয়ে-ব্ৰাহ্মণক কয় যে-আপুনি কম শব্দত যি বিচাৰিব পাৰে-বিচাৰি লব আৰু ব্ৰাহ্মণক-সৃৰ্য্য ভগৱানৰ পৰা এয়া বিচাৰিবলৈ কয় যে-নিজৰ মহলৰ ভিতৰৰ বিচনাত-সোণৰে ভৰা ফল-মূল পাত-ফুলি থকা দেখিবলৈ পাঁও।


*পাছদিনা যেতিয়া-ব্ৰাহ্মণ-হাবিলৈ যায়-আৰু সূৰ্য্য ভগৱানৰ পূজা আৰু কথা কয়-তেতিয়া পুনৰ সূৰ্য্য ভগৱানে দেখা দি-ব্ৰাহ্মণক বৰদান বিচাৰিবলৈ কয়।তেতিয়া-ব্ৰাহ্মণে-নিজৰ পত্নীয়ে কোৱাৰ দৰে-সূৰ্য্য ভগৱানক কয়।


*তেতিয়া সূৰ্য্য ভগৱানে-ব্ৰাহ্মণক কলে-দেখিবলৈটো তুমি-বহুত সহজ-সৰল হয়।কিন্তু এবাৰতে-সকলোবোৰ বিচাৰিলা।আৰু সূৰ্য্য ভগৱানে কলে-যোৱা তোমাৰ ইচ্ছা পূৰ্ণ হব।


*ব্ৰাহ্মণ যেতিয়া হাবিৰ পৰা-ঘৰলৈ আহে-তেতিয়া দেখি পায়-যে-ব্ৰাহ্মণৰ ভঙা-চিঙা পজা,ৰাজ অট্ৰালিকা হল আৰু সেই অট্ৰালিকালৈ-দাস-দাসী অহা যোৱা কৰি আছে। ব্ৰাহ্মণে-কাষৰে-বৃদ্ধ মহিলা এগৰাকীক সুধিলে-এয়াটো মোৰ ভঙা পজা আছিল।


*সেই সময়তে-অট্ৰালিকাৰপৰা এগৰাকী সুন্দৰ মহিলা-সুন্দৰ গহণা আৰু সুন্দৰ কাপোৰ পিন্ধি বাহিৰলৈ আহিল।আৰু ব্ৰাহ্মণক কলে-ভিতৰলৈ আহক-এয়া আমাৰে ঘৰ হয়।সূৰ্য্য ভগৱানে-আপোনাৰ মনৰকামনা পূৰ্ণ কৰিলে।


*ইমান ধন দেখি-ব্ৰাহ্মণে-সেই মহিলাক কলে-ইমান ধন আমি কি কৰিম!তেতিয়া ব্ৰাহ্মণৰ পত্নীয়ে কলে-ধনৰ দ্বাৰা কি নহয়!দান-পুণ্য-যজ্ঞ আমি কৰিম।তাৰপাছত ব্ৰাহ্মণে-নিজৰ ধনৰ ব্যৱহাৰ পূজা-পাঠ তথা পুণ্য আদিত কৰিলে।


*কিছুদিনৰ পাছত-গাওঁবাসীয়ে-ৰজাৰ ঠাইত-সেই ব্ৰাহ্মণৰ গুণ গাবলৈ ধৰিলে। ৰজাই এই সকলোবো শুনি-ব্ৰাহ্মণক মাতিলে আৰু ব্ৰাহ্মণক সুধিলে যে-কালিলৈকেটো আপোনি খাবলৈ নাপাইছিল!কিন্তু আজি এই ধন কৰপৰা আহিল!কত চুৰ কৰিলে!ব্ৰাহ্মণে-ৰজাৰ কথা শুনি কলে-এই সকলোবোৰ সূৰ্য্য ভগৱানৰ কৃপা হয়।আৰু সকলো কথা ৰজাক বিৱৰি কলে।


*ৰজাই ব্ৰাহ্মণৰ কথা শুনি-ৰজায়ো সূৰ্য্য ভগৱানৰ আৰাধনা আৰু কথা শুনিবলৈ ধৰিলে।ৰজাৰ দ্বাৰা প্ৰসন্ন হয়-সূৰ্য্য ভগৱানে-ৰজাক এটা সুন্দৰ পুত্ৰ দিলে,আৰু ৰজাৰ পৰিয়াল সুখেৰে ভৰি পৰিল।


*এনেদৰে যি ভক্তই সূৰ্য্য ভগৱানৰ কথা শুনে তথা পঢ়ে আৰু সূৰ্য্য ভগৱানৰ পূজা কৰে-তেতিয়া সূৰ্য্য ভগৱানে-সেই ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages