কাষলতিৰ তলৰ কলা ডাগ কেনেকৈ আঁতৰাব জানি লওক : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

কাষলতিৰ তলৰ কলা ডাগ কেনেকৈ আঁতৰাব জানি লওক : Assamese Beauty Tips

Assamese Beauty Tips


প্ৰায় সংখ্যক যুৱতীয়ে, নিজৰ চেহেৰা, হাত ভৰি, নখ আদিৰ ভালদৰে যত্ন কৰে। কিন্তু বহুতে নিজৰ কাষলতিৰ তলৰ যত্ন নলয়।  ( Assamese Beauty Tips )


যাৰ ফলত কাষলতিৰ তলত কলা দাগ পৰে। কাষলতিৰ তল কলা দাগ পৰাৰ বাবে, বহু সময়ত সমস্যাত পৰে যুৱতীসকলে। এনে সমস্যাৰ সমাধান ঘৰতে আছে। ঘৰুৱা উপায় অৱলম্বন কৰি এই কলা দাগ আঁতৰ কৰিব পাৰি। 


প্ৰথমতে জানিব লাগিব, আমাৰ কাষলতিৰ তল কিয় কলা দাগ পৰে! অত্যধিক ঘাম যত ইউৰিক এচিডৰ মাত্রা বেছি পৰিমাণে থাকে। পাৰফিউমৰ অত্যাধিক ব্যৱহাৰ। হেয়াৰ ৰিমভাৰ ব্যৱহাৰ। 


এইবিলাক কাৰণতে কাষলতিৰ তল কলা পৰা দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰি।  ( Assamese Beauty Tips )


ইয়াৰ বাবে প্ৰথমে এচামুচ এলোভেৰা জেল, ১চামুচ টুথপেষ্ট, ১চামুচ চুজী, ১চামুচ বেচন। এই সকলোখিনি একেলগে মিশ্রণ কৰি কাষলতিৰ তলত লগাব লাগে। তাৰপিছত অলপ সময় লগাই ৰাখিব লাগে। টুথপেষ্ট থকাৰ বাবে ঠাণ্ডা অনুভৱ হয়। যদি বেছি ঠাণ্ডা অনুভৱ বা জ্বলা পুৰা অনুভৱ হয়, তেন্তে ইয়াক আঁতৰাই দিব লাগে। 


যদি একো সমস্যাৰ সৃষ্টি নহয়, তেতিয়া ১৫-২০মিনিট কাষলতিৰ তলত লগাই ৰাখিব লাগে। ইয়াৰ পাছত ১০মিনিট সময় আঙুলিৰে মাচাজ কৰিব লাগে। তাৰপিছত ভালদৰে চফা কৰি দিব লাগে। অন্তত ১সপ্তাহ এনেদৰে মিশ্রণ লগাব লাগে।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages