জিলাখনৰ পৰা কিশোৰীসকল আন ৰাজ্যলৈ সৰবৰাহ হৈ অহাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজক গভীৰভাৱে উদ্ধিগ্ন কৰি তুলিছে - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 8, 2022

জিলাখনৰ পৰা কিশোৰীসকল আন ৰাজ্যলৈ সৰবৰাহ হৈ অহাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজক গভীৰভাৱে উদ্ধিগ্ন কৰি তুলিছে

Assamese News


শিৱসাগৰত বাল্য বিবাহ- যৌন উৎপীড়নৰ বিৰুদ্ধে আয়োজিত সভাত উন্মোচিত ভয়াবহ ছবি। ( Assamese News )


এমাহত ২৯ কিশোৰী বহিঃৰাজ্যলৈ সৰবৰাহ।


দীৰ্ঘ সময় ধৰি বাল্য বিবাহ যৌন উৎপীড়ন প্ৰতিৰোধৰ লগতে নাবালিকা সকলৰ সামূহিক বিকাশ আৰু সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা শিৱসাগৰৰ নৱ উদিত নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আজি শিৱসাগৰ ছোৱালী কলেজৰ উদ্যোগত এখনি গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত কৰে। সম্প্ৰতি শিৱসাগৰ জিলাখনৰ পৰা নিয়মিত কিশোৰীসকল আন ৰাজ্যলৈ সৰবৰাহ হৈ অহাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজক গভীৰভাৱে উদ্ধিগ্ন কৰি তোলা সময়তে অনুষ্ঠিত হয় এই সজাগতা সভা। 


ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই সভাখনৰ আঁত ধৰে ড. সান্ত্বনা দুৱৰা সন্দিকৈ য়ে। নৱ উদিত সমাজৰ প্ৰকল্প সঞ্চালক ফৰিদ ইছলাম হাজৰিকাৰ পৌৰোহিত্যত আয়োজিত সভাখনৰ সমল ব্যক্ত হিচাপে অংশগ্ৰহন কৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলোৰ ৰহমান হাজৰিকা আৰু জ্যেষ্ঠ সাংবাদিক অতনু বৰাই।  ( Assamese News )


দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকে বাল্য বিবাহ প্ৰতিৰোধ, যৌন উৎপীড়ন বন্ধ লগতে নিৰ্যাতিতাক ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰদানৰ ক্ষেত্ৰত নৱ উদিত সমাজে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপে ভূয়সী প্ৰশংসা কৰে। নিজৰ বক্তব্যত দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকে এনে অপৰাধৰ প্ৰতিৰোধ ৰ বাবে তৃণমূল পৰ্যায়ৰ পৰাই ৰাইজৰ মাজত সজাগতা ৰ সৃষ্টি কৰাৰ লগতে আৰক্ষী, প্ৰশাসনৰ সৈতে সম্বন্ধয়তাৰে কাম কৰি কৰিলে বহু পৰিমাণে হ্ৰাস পোৱা আশংকা কৰে।

 

সজগতামূলক অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড. ৰীতা বৰকটকী, সমাজকৰ্মী আৰু সু- লেখিকা দীপালী ভট্টাচাৰ্য্য বৰুৱা লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে। আনহাতে, সভাপতি আসনৰ পৰা ফৰিদ ইছলাম হাজৰিকাই ভয়াবহ ব্যাধিৰ পৰা সমাজখনক মুক্ত কৰিবৰ বাবে ৰাইজৰ সহযোগিতাৰ কথা উল্লেখ কৰাৰ লগতে বিগত অক্টোবৰ মাহত জিলাখনৰ পৰা ২৯ গৰাকীকৈ কিশোৰী সন্ধনহীন হোৱা বিষয়ত অতি চিন্তনীয় বুলি উল্লেখ কৰে।। ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages