৫০ বছৰীয়া জীৱনৰ ৩০ বছৰীয়া সংস্কৃতিক জগতৰ যাত্ৰাত তেওঁ সদায়ে “সোণালী যুগ” সৃষ্টি কৰি ৰাখিছে - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

৫০ বছৰীয়া জীৱনৰ ৩০ বছৰীয়া সংস্কৃতিক জগতৰ যাত্ৰাত তেওঁ সদায়ে “সোণালী যুগ” সৃষ্টি কৰি ৰাখিছে

Assamese News


 আজি এজন বিশেষ ব্যক্তিৰ জন্মদিন। এবাৰ ভাৱক এজন মানুহক মানুহে কিমান ভাল পালে এনেদৰে জন্মদিন উদযাপিত হয়। এবাৰ অনুভৱ কৰক এইজন শিল্পী মানুহৰ কিমান মৰমৰ, কিমান আপোন । সমগ্ৰ অসমত এটি উৎসৱময় পৰিৱেশ সৃষ্টি হয় তেখেতৰ জন্মদিনটোত । কেৱল তেখেতৰ মৰম, সৃষ্টি আৰু ব্যক্তিত্বৰ বাবে। এইবাৰৰ জন্মদিনটো অলপ বিশেষ কাৰণ এইজন মহান শিল্পী, Rockstar য়ে জীৱনৰ ৫০তম বৰ্ষত ভৰি দিলে । ( Assamese News )


কেতিয়াবা বহুত কিবা লিখিবলৈ বা কবলৈ মন গ'লে শেষত একোৱে শব্দ নাথাকে। ঠিক আজি তেনে হৈছে। চিৰসেউজ আমাৰ জুবিন দাৰ আজি ৫০ সংখ্যক জন্মদিন, তেখেত সুখী হওক, তেখেত দীৰ্ঘজীৱী হওঁক। 


 অসমীয়া যে আপোনাৰ অবিহনে আধৰুৱা জুবিন দা, প্ৰতিজন অসমীয়াৰ  সিৰে সিৰে বৈ আছে আপুনি, আপোনাৰ সংগীত। যিকোনো পৰিস্থিতিত, যিকোনো ঠাইত বা যিকোনো সময়ত হাজাৰ হাজাৰৰ মাজতো আপোনাৰ সৃষ্টি সমূহেই যেন অৱশেষত আমাৰ বাবে হৈ ৰয় শান্তিৰ আশ্ৰয়। আপুনি আমাৰ স্বাভিমান, আমাৰ গৌৰৱ। ভালে থাকক  মানুহজন যিগৰাকী এই ৫০ বছৰৰ হয়তো প্ৰায় ৩৫ বছৰেই ৰাইজৰ বাবে উছৰ্গা কৰিলে। ভালে থাকক জুবিন দা নিজৰ বাবে নহলেও আমাৰ বাবে, প্ৰতিজন অসমীয়াৰ বাবে। কিছু জিৰণি লওক, আপোনাৰ কষ্ট হলে আমি কষ্ট পাওঁ, আপুনি ফুৰ্তিত কিবা ক'লে আমি হাঁহো, কেতিয়াবা কান্দোও।( Assamese News ) 


সমগ্ৰ অসমৰ চুকে কুণে বিভিন্ন কাৰ্যসূচীৰ তেখেতৰ জন্মদিন উদযাপিত হৈছে। অসমত যেন এক বিশেষ উৎসৱ আজি, বিষয় আৰু উৎসৱৰ নাম “জুবিন গাৰ্গ”। সামাজিক মাধ্যম, ছচিয়েল মিডিয়া, প্ৰিন্ট মিডিয়াৰ পৰা বাস্তৱিকতালৈকে আজি কেৱল “জুবিন গাৰ্গ।”  

৫০ বছৰীয়া জীৱনৰ ৩০ বছৰীয়া সংস্কৃতিক জগতৰ যাত্ৰাত তেওঁ সদায়ে “সোণালী যুগ” সৃষ্টি কৰি ৰাখিছে । সেইবাবে তেওঁ বিশেষ। 


আজিৰ এই বিশেষ দিনটোত মহান শিল্পী, সঁচা অন্তৰৰ আপোন ব্যক্তিগৰাকীক , মানুহজনক ৫০ তম জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো । জুবিন গাৰ্গ সদায় এনেকৈ উচ্চতাৰ শিখৰত উজ্জ্বলি থাকক ।( Assamese News )


Zubeen Garg

No comments:

Post a Comment

Advertisement

Pages