আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today


৫ আঘোন, মঙ্গল বাৰ ইং, ২২ নৱেম্বৰ ২০২২।  ( Horoscope Today ) 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ কৰিব সক্ষম হব, কৰ্মত নতুনকৈ দ্বায়িত্ব লাভ কৰিব, আয় বাঢ়িব, কৰ্মত নতুন প্ৰেৰণা লাভ কৰিব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি   কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হলেও নিজৰ কৰ্মত আগুৱাই যাবলৈ চেষ্টা কৰিব। 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত     ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, মনত শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত নাটনি  হোৱাৰ  যোগ দেখা যায়।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ সুনাম বাঢ়িব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য বিষন্ন কৰি তুলিব পাৰে।   


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে খেতিয়ক সকলে সামান্য কষ্ট  পোৱাৰ যোগ দেখা যায়। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হ'ব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত সুখ শান্তি বৃদ্ধি  পোৱাৰ যোগ দেখা যায়।  ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা মৰম আৰু প্ৰেৰণা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ লেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সমাজ কৰ্মী সকলে আজি সামাজিক সন্মান লাভ কৰিব,প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, আনৰ পৰা মৰম চেনেহ লাভ কৰিব, প্ৰেমত আনৰ পৰা সহায় সহযোগিতা লাভ  হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত   সন্তানৰ সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হ'ব, লগতে আজি আপুনি আৰ্থিক দিশটো সজাগ হোৱাটো ভাল হ'ব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব,  কৰ্মত নতুনকৈ দ্বায়িত্ব লাভ কৰিব,   কৰ্মত ক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে আজি আপুনি নিজৰ বিবেকক প্ৰাধান্য দিয়াটো ভাল হ'ব, নহ'লে আজি আপুনি সামান্য ক্ষতিৰ সম্মুখীন হ'ব পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ সুযোগ সুবিধা লাভ কৰিব, পদোন্নতি লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages