মেঘালয়ৰ উমিয়াম হ্ৰদত আয়োজিত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 6, 2022

মেঘালয়ৰ উমিয়াম হ্ৰদত আয়োজিত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা :

Assamese News

 

আজি মেঘালয়ৰ উমিয়াম হ্ৰদত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি সুখী হ'লোঁ। এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ভাৰতীয় সেনা, বিশেষকৈ ইষ্টাৰ্ন কমাণ্ড আৰু গজৰাজ কৰ্পছ আৰু ৰেড হৰ্নছ ডিভিজনৰ আয়োজক দলটোক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। দেশৰ বিভিন্ন ক্লাব আৰু খেলুৱৈসকলক ৰয়িং আৰু ছেইলিং ৰেগাটাৰ বাবে একত্ৰিতকৰণ তথা তেওঁলোকৰ অংশগ্ৰহণ আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টাক শলাগ লৈছোঁ।  ( Assamese News )


এই উৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশখনৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ মনোমোহা প্ৰদৰ্শন দেখি আনন্দিত হৈছোঁ। মই সকলো প্ৰদৰ্শক আৰু শিল্পীক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছোঁ।


উমিয়াম হ্ৰদত ৱাটাৰ ফেষ্টৰ এই উদ্বোধনী সংস্কৰণত ২২টা ক্লাবৰ পৰা প্ৰায় ২০০টা প্ৰৱেশ পত্ৰ লাভ কৰা বুলি জানি মই আনন্দিত হৈছোঁ। আমি এই আশাব্যঞ্জক জল ক্ৰীড়াৰ প্ৰচাৰৰ বাবে একেলগে কাম কৰিব লাগিব। এইক্ষেত্ৰত মেঘালয় চৰকাৰৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। মই নিশ্চিত যে ইয়াৰ দ্বাৰা অনাগত দিনত উত্তৰ-পূৰ্বাঞ্চলত জল ক্ৰীড়াৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন আৰম্ভণিৰ সূচনা হ’ব।  ( Assamese News )


এই উপলক্ষত মাননীয় লেফটেনেণ্ট জেনেৰেল শ্ৰীৰাণা প্ৰতাপ কলিতা, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন কমাণ্ডৰ এয়াৰ মাৰ্শ্বাল শ্ৰীসুজিত পুষ্পকৰ ঢৰকাৰ, এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল শ্ৰী ডি এছ ৰানা, জি অ' চি ৪ কৰ্পছৰ মেজৰ জেনেৰেল শ্ৰী এছ মুৰুগেছানৰ লগতে জি অ’ চি ২১ মাউণ্টেন ডিভিজনৰ বিষয়াসকলো উপস্থিত থাকে।  ( Assamese News )


Himanta Biswa Sarma

No comments:

Post a Comment

Advertisement

Pages