দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গুৱাহাটীৰ বেলতলাস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত দলৰ 'সংকল্প পত্ৰ' প্ৰকাশ কৰা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। ( Assamese News )
দেউৰী জনগোষ্ঠীৰ সৰ্বাংগীণ বিকাশ আৰু উন্নতিৰ সংকল্প লৈ অহা ৮ নৱেম্বৰত অনুষ্ঠিতব্য এই নিৰ্বাচনত ৰাইজৰ শুভাশিসেৰে প্ৰতিখন আসনত বিজয়ৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে মিত্ৰজোঁট ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব।
বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে অসমৰ সামগ্ৰিক বিকাশ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলৰ ক্ষিপ্ৰ উন্নয়ন সাধনৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকাশৰ যাত্ৰাক অধিক গতিশীল আৰু শক্তিশালীকৰণৰ বাবে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই আহ্বান জনালোঁ। ( Assamese News )
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ মাননীয় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা, ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক উপ-সভাপতিদ্বয় শ্ৰীজয়ন্ত দাস আৰু শ্ৰীঅশোক ভট্টৰায় প্ৰমুখ্যে দলৰ বিষয়ববীয়া আৰু গণ্য-মান্য ব্যক্তিসকল। ( Assamese News )
Himanta Biswa Sarma
No comments:
Post a Comment