মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী : Assamese News

Assamese News


মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব।  ( Assamese News ) 


২৩ নৱেম্বৰত মাননীয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ এই প্ৰদৰ্শনীখনত অসমৰ  ২০০০ বছৰীয়া বৰ্ণাঢ্য ইতিহাসৰ লগতে ৬০০ বছৰীয়া আহোম ৰাজত্বকালক বিশেষভাৱে সন্নিৱিষ্ট কৰা হৈছে৷ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহে ২৪ নৱেম্বৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানটোত মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্মৰাজি আধাৰিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব৷ 


আনহাতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব ২৫ নৱেম্বৰৰ অনুষ্ঠানত৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠানত মহাবীৰগৰাকীৰ জীৱন সামৰি অসম চৰকাৰে ইংৰাজী ভাষাত প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিব৷ ২৩ আৰু ২৪ নৱেম্বৰত দুখন আলোচনা-চক্ৰও অনুষ্ঠিত হ'ব, য'ত দেশৰ বহুকেইগৰাকী বৌদ্ধিক জগতৰ অগ্ৰণী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ তদুপৰি ২৬ নৱেম্বৰত পুণেস্থিত নেশ্যনেল ডিফেঞ্চ একাডেমীত আন এক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানতে একাডেমীৰ শ্ৰেষ্ঠ কেডেটগৰাকীক বীৰ লাচিত বৰফুকন বঁটা প্ৰদান কৰা হ'ব৷ হায়দৰাবাদস্থিত নেশ্যনেল পুলিচ একাডেমীত মহাবীৰ লাচিতৰ স্মৃতি ভৱন নিৰ্মাণৰ পৰিকল্পনাও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে৷ ( Assamese News ) 


জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত এখন সংবাদ মেল সম্বোধন কৰি আজি এই কথা মুখ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাই সদৰী কৰিলে ৷ এই সংবাদমেলযোগে অহা ২৪ নৱেম্বৰত মহাবীৰগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি সন্ধিয়া এগছি চাকি জ্বলাবলৈ ৰাজ্যবাসীক আহ্বান জনালে৷


সংবাদ মেলত মাননীয় সাংসদ শ্ৰীকামাখ্যা প্ৰসাদ তাছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাঙো উপস্থিত থাকে ৷


 ( Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages