৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ সামৰণি : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ সামৰণি : Assamese News

Assamese News


নলবাৰী ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠান । ৰাস উপলক্ষে ৮ নৱেম্বৰৰ দিনা মাননীয় শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই মুকলি কৰা অসম প্রকাশন পৰিষদৰ গ্রন্থমেলাৰো সামৰণি পৰে। ( Assamese News ) 


যোৱা ১২ দিনত তেওঁলোকে আয়োজন কৰা বিভিন্ন প্রতিযোগিতাৰ বিজয়ী ল'ৰা-ছোৱালীৰ মাজত বঁটা বিতৰণ কৰা হয়।লগতে, ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত গোট খোৱা ভ্রাম্যমাণ নাট্যগোষ্ঠীৰ নাটসমূহ বিচাৰক মণ্ডলীৰ দ্বাৰা পর্যালোচনাৰ অন্তত তেওঁলোকৰ মাজৰ পৰা শ্রেষ্ঠ নাট্যদল, শ্রেষ্ঠ অভিনেতা আৰু শ্রেষ্ঠ অভিনেত্রী নির্বাচন কৰা হয়। 


সেইমতে শ্রেষ্ঠ অভিনেতা শ্রীতপন দাস আৰু মৃদুল ভূঞা, শ্ৰেষ্ঠ অভিনেত্ৰী প্রাঞ্জনা দত্ত আৰু শ্রেষ্ঠ নাট্যদল হিচাপে ৰাজমুকুট থিয়েটাৰ নির্বাচিত হয়।( Assamese News ) 


ইয়াৰ লগতে আজিৰ এই অনুষ্ঠানত শ্ৰীশ্ৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত Talking Bhagavad Gita নামৰ গ্ৰন্থখনৰো উন্মোচন কৰা হয়।


সদৌ শেষত, এইবাৰৰ ৮৯ সংখ্যক ৰাস মহোৎসৱৰ অভাৱনীয় সফলতাৰ বাবে নলবাৰীৰ সমগ্র ৰাইজৰ লগতে সমষ্ট শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।


আজিৰ অনুষ্ঠানটো সঞ্চালন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সহ-সম্পাদক শ্রীপংকজ বর্মন ডাঙৰীয়াই ৷ অনুষ্ঠানত অসম প্রকাশন পৰিষদৰ সচিব শ্রী প্রমোদ কলিতা ডাঙৰীয়া, 'অসম বাণী' কাকতৰ সম্পাদক শ্রী দিলীপ চন্দন ডাঙৰীয়া, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক শ্রীপ্রশান্ত চক্রৱর্তী ডাঙৰীয়া, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া উপস্থিত থাকে।( Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages