বগা হোৱাৰ টিপচ : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

বগা হোৱাৰ টিপচ : Assamese Beauty Tips

Assamese Beauty Tips


প্ৰায় প্ৰতিজন মানুহেই নিজৰ শৰীৰৰ ছালখন কোমল আৰু উজ্জ্বল হৈ থকাটো কামনা কৰে। বাহিৰৰ পৰিৱেশন ইমানেই দূষিত দ্ৰব্য ভৰি আছে যে, এইবিলাকৰ সংস্পর্শলৈ আহিলে ছালৰ লোমকূপৰ মুখ খুলি যোৱাৰ সমস্যা বৃদ্ধি পায়। কিন্তু আমি অলপ সচেতন হৈ ছালখনৰ যত্ন ললে পাৰু ক'লা পৰাৰ কাৰণ বিলাকৰ পৰা নিজকে আঁতৰাই ৰাখিলে ছালখনৰ বৰণ বগা হৈ থাকিব। ( Assamese Beauty Tips ) 


ঘৰুৱা পদ্ধতিৰে কোনো বেয়া ফল নাথাকে আৰু ফলাফল লাভ কৰোঁতে সময় লাগে। সেয়হে ফলাফল লাভ কৰিবলৈ ইয়াক নিয়মিত ধৈর্য্য সহকাৰে ব্যৱহাৰ কৰা খুবেই প্ৰয়োজন। সকলোৰে এটা সপোন থাকে আৰু অলপ ধুনীয়া হোৱাৰ বা নিজৰ মুখ মণ্ডল ধুনীয়াকৈ বগা কৰি ৰখাৰ। বিশেষ কৰি পুৰুষসকলতকৈ মহিলাসকল এইক্ষেত্ৰত অধিক আগ্ৰহী। যাৰ বাবে বগা হোৱাৰ হেপাহত বজাৰৰ পৰা ক্ৰয় কৰে বিভিন্ন নামী দামী ক্ৰীম। 


কিন্তু আপুনি জানেনে, আপোনাৰ চৌপাশে বা ঘৰৰ চৌহদতে পোৱা কিছুমান সামগ্রী ব্যৱহাৰ কৰি আপুনি আকৰ্ষণীয় কৰি তুলিব পাৰে আপোনাৰ ছালখন। 


বগা হোৱাৰ কেইটামান টিপচ-


১/ছালৰ ৰং বগা কৰিবলৈ অমিতা আৰু কল বিশেষ ভাৱে কাৰ্য্যকৰী। ইয়াৰ বাবে পকা অমিতা আৰু কল একেলগে ফেনেকি তাত অলপ মৌ মিহলি কৰি লব লাগে। তাৰপিছত মিশ্ৰণটো ২০ মিনিটমান মুখত লগাই শুকুৱাৰ পাছত ধুই দিলে সুফল পোৱা যায়। 


২) এটা কাঁচ বা চীনা মাটিৰ বাটিত কণীৰ বগা বীজলুৱা অংশটো উলিয়াই তাৰ লগত এটা গুল নেমুৰ আধা ভাগ চেপি ৰস উলিয়াই মিহলাই লওক। এই মিশ্রণটো মাস্কৰ দৰে ১৫মিনিট সময় মুখমণ্ডলত সানি লওক। পাছত পৰিষ্কাৰ পানীৰে মুখকনি ধুই দিয়ক।  ( Assamese Beauty Tips )


৩) বেচন, নেমু আৰু দৈ সংগ্রহ কৰি লওক। বেচনত নেমুৰ ৰস, গোলাপজল বা দৈ মিহলি কৰি, এই মিশ্রণৰ পেষ্ট মাস্কৰ দৰে মুখ মণ্ডলত সানি ৰাখক আৰু শুকাই গলে পৰিষ্কাৰ পানীৰে মুখকনি ধুই দিয়ক। 


৪/হালধি আৰু দৈ মিশ্রণ কৰি ছালত লগালেও ছাল বগা আৰু মসৃণ হয়। 


৫/দৈ আৰু চাউলৰ গুৰিয়েও ছালৰ ৰং বগা কৰে। ইয়াৰ বাবে এই দুয়োবিধ সামগ্রী একেলগে মিশ্রণ কৰি আধা ঘন্টামান মুখত লগাই শুকুৱাৰ পাছত ভালকৈ ঘঁহি ঘঁহি ধুই দিব লাগে। 


৬/পকা বিলাহী এটা কাটি তাৰ ৰস উলিয়াই লওক। এই ৰসত এটুকুৰা কপাহ জুবুৰিয়াই মুখ মণ্ডলত সানক। হাতেৰে মুখত পাতলকৈ মালিচ কৰক। এই ৰস মুখত ২০মিনিট সময় লগাই ৰখাৰ পাছত মুখখন ধুই দিব। 


৭/নেমুৰ ৰসত থকা এন্টিঅক্সিডেন্টে ছালৰ ৰং উন্নত কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি নেমুৰ ৰসৰ লগত অলপ পানী নাইবা মৌ মিহলি কৰি ১০মিনিটমান মুখত লগাই ধুই দিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages