লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ অংশ হিচাপে শীর্ষ গীত’ (থীম ছং) আনুষ্ঠানিকভাৱে মুকলি কৰে - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 16, 2022

লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ অংশ হিচাপে শীর্ষ গীত’ (থীম ছং) আনুষ্ঠানিকভাৱে মুকলি কৰে

Assamese News


 শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী অসম চৰকাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে৷ উদযাপনৰ অংশ হিচাপে প্ৰস্তুত কৰি উলিওৱা এটা ‘শীর্ষ গীত’ (থীম ছং) আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে।( Assamese News )


 জুবিন গাৰ্গে প্ৰস্তুত কৰা গানটোৰ জৰিয়তে মহাবীৰ লাচিতৰ সাহস-ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে লাচিত দিৱসৰ গুৰুত্ব আৰু ভাবাবেগ যাতে সৰ্বস্তৰতে বিয়পি পৰে তাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ শীর্ষ গীতটোত নিগৰিত হৈ থকা স্বদেশপ্ৰেমে অসমবাসীক পুনৰ এবাৰ স্বদেশ আৰু স্বজাতিৰ প্ৰেমেৰে উজ্জীৱিত কৰাৰ লগতে মহাবীৰগৰাকীৰ আদৰ্শক নৱপ্ৰজন্মৰ হৃদয়ত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব ৷


জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে প্ৰস্তুত কৰা এই গানটোৱে মহান বীৰগৰাকীৰ সাহস আৰু ত্যাগৰ গাঁথা নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাত বিশেষ অৰিহণা যোগাব বুলি গভীৰ আশাবাদী৷( Assamese News )


অনুষ্ঠানটিত সতীৰ্থ মন্ত্ৰীবৃন্দ শ্ৰীঅতুল বৰা, শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, শ্ৰীৰণজিৎ কুমাৰ দাস, শ্ৰীযোগেন মহন, শ্ৰীসঞ্জয় কিষাণ, শ্ৰীপীযুষ হাজৰীকা, শ্ৰীজয়ন্ত মল্লবৰুৱা, শ্ৰীবিমল বড়া আৰু মাননীয় মুখ্য সচিব শ্ৰীপৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷


বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ অংশ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰে আজি শীৰ্ষ গীত মুকলি কৰে। স্বদেশপ্ৰেমৰ চানেকিৰে প্ৰস্তুত কৰা এই গীতে জনসাধাৰণক মহাবীৰগৰাকীৰ বিষয়ে অধিক জানিবলৈ আৰু তেখেতৰ আদৰ্শৰে উদ্বুদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰিব।( Assamese News )

No comments:

Post a Comment

Advertisement

Pages