অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে দক্ষতা শিক্ষা খণ্ডত অভিনৱ পদক্ষেপ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 6, 2022

অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে দক্ষতা শিক্ষা খণ্ডত অভিনৱ পদক্ষেপ

Assamese News

 

এক সমকালীন সমীক্ষামতে ভাৰতত দক্ষতাসম্পন্ন (Skilled) মানৱ সম্পদৰ হাৰ  ৫ শতাংশৰো তলত। কর্মস্থলীত এই হাৰ ২৫% যদিও উন্নত ৰাষ্ট্রৰ তুলনাত এই হাৰ অতি কম। মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই ২০১৫ চনত 'প্রধানমন্ত্রী কৌশল বিকাশ যোজনা' আৰম্ভ কৰাৰ পাছতহে এই বিষয়ত চিন্তা-চৰ্চা আৰম্ভ হৈছে। ( Assamese News )


দূৰদর্শী প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ আশীর্বাদ আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ প্রচেষ্টাত আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত অসমৰ চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পূর্ব ভাৰতৰ প্রথম হিচাপে পৰিগণিত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আজি ভূমি পূজন কৰা হয়।


মঙলদৈত স্থাপন হ'বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ে দক্ষতা বিকাশ আৰু শিক্ষণৰ বাবে সমৰ্পিত এক বিশ্বমানৰ কেন্দ্ৰ হিচাপে উল্লেখযোগ্য ভূমিকা পালন কৰিব।  ( Assamese News )


এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে ১,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে আমাৰ ৰাজ্যক দেশৰ এখন প্ৰগতিশীল ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ লগতে মানৱ সম্পদ গঢ়াত অৰিহণা যোগাব। 


এই ঐতিহাসিক ক্ষণত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৰিও উপস্থিত থাকে (সর্বশ্রী) কেবিনেট সতীর্থ চন্দ্রমোহন পাটোৱাৰী আৰু ইউ.জি. ব্রহ্ম ডাঙৰীয়া,  লোকসভাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ পৱিত্র মার্ঘেৰিটা ডাঙৰীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী, বসন্ত দাস, দুর্গাদাস বড়ো আৰু মজিবুৰ ৰহমান ডাঙৰীয়া, ফিছফেডৰ চেয়াৰমেন গুৰুজ্যোতি দাস, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচার্য সুভাষ চন্দ্র দাসকে আদি কৰি জিলা প্ৰশাসন আৰু বিভাগৰ জ্যেষ্ঠ বিষয়ববীয়া সকল আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল। ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages