........আন্ধাৰ হোৱাৰ আগৰে পৰাই চিপচিপিয়া বৰষুণ পৰি আছে । ওলাই যাওঁ বুলি ভাবিয়ো ওলাই যাব পৰা নাই অনামিকা । ( Assamese Storyboard )
আইনাখনৰ সন্মুখতে বহি এবাৰ নিজকে ভালদৰে চালে , সেন্দূৰবুলিয়া আলিটো এতিয়াও সেন্দুৰীয়া হৈয়ে আছে । কপালৰ দগমগীয়া ৰঙা ফোঁটটোও পূৰ্ণিমাৰ ভৰা জোনটিৰ দৰে জিলিকি আছে । তথাপিও যে কিবা এটা হেৰুৱাৰ বেদনাই মাজে মাজে বৰকৈ দহে অনামিকাক । যাক আপোন বুলি ভাবি বুকুত সাৱটি লৈছিল সেই আপোনবোৰেই ফেঁটী সাপৰ দৰে ফেনা ধৰি অনামিকাৰ বুকুত খুঁত মাৰিছিল । ভাগি গৈছিল সুখৰ সংসাৰ , কিন্তু ভাগি পৰা নাছিল অনামিকা । হাজাৰ দুখ বুকুত বান্ধি অচিন্তৰ কথা চিন্তা কৰি নিজকে এৰি দিছিল অচিন পুৰুষৰ হাতত । অচিন্ত অনামিকাৰ গিৰিয়েক । প্ৰথমে সকলো ঠিকেই আছিল , এটা বছৰ সুখ শান্তিৰ মাজেৰেই পাৰ হৈছিল । সেইদিনা আছিল অচিন্তৰ জন্মদিন । বিয়াৰ পাছত প্ৰথমটো জন্মদিন । অফিচৰ সকলো আহিছিল নিশাৰ পাৰ্টিলৈ , অচিন্তৰ জন্মদিন বুলি অলপ সাজি কাঁচি আছিল অনামিকা । .... অনামিকা ...! এইফালে আহাচোন...! চিঞৰি মাতিলে অচিন্তই ...। মুখত মিচিকিয়া হাঁহি এটা লৈ অনামিকা আহি অচিন্তৰ কাষত থিয় হ'ল ।
: কোৱা.., কিয় মাতিছিলা...?
: আমাৰ বচৰ লগত চিনাকি কৰাই দিবলৈ । লাহেকৈ কলে অচিন্তই । বচ.., এইয়া মোৰ মিছেছ অনামিকা দুৱৰা । অনামিকাই নমস্কাৰ জনালে । হাতত সুৰাৰ গিলাচ লৈ ঠিয় দি থকা ভদ্ৰলোকজনে অনামিকাৰ ভৰিৰ পৰা মূৰৰলৈকে ভালদৰে চকুফুৰালে ।
: হাই...! অনামিকা , মই ভাৰ্গব..., তোমাৰ কথা অচিন্তৰ মুখত শুনিয়েই থাকোঁ । ভাগ্য ভাল আজি তোমাক লগ পালো...
: ধন্যবাদ ছাৰ । ড্ৰয়িং ৰূমতে বহিব ব'লক ছাৰ ।
: no, no , মোক ছাৰ ক'ব নালাগে অনামিকা , ভাৰ্গব বুলিয়েই মাতিবা । অচিন্তই ছাৰ বুলি মাতে সেইটো বেলেগ কথা , তুমি ছাৰ বুলি মাতিলে ভাল নালাগিব । আৰু এটা কথা..., মোক আপুনি আপুনি বুলি নকবা দেই...! তুমি বুলিয়েই ক'বা । অচিন্ত আৰু মই সমবয়সীয়া...। অনামিকা আৰু ভাৰ্গৱে কথা পাতি থকা দেখি অচিন্ত লাহেকৈ আঁতৰহৈ দিলে ।
: ঠিক আছে ছাৰ ।
: আকৌ ছাৰ....?
: Sorry...! sorry...!
: It's ok. বলা ড্ৰয়িং ৰূমতে বহি কথা পাতোগৈ...!
: ব'লা ভাগর্ব । অনামিকাৰ পাছে পাছে ভাৰ্গব ড্ৰয়িং ৰূমটোলৈ সোমাই গ'ল । সুৰাৰ গিলাচটো টেবুলতে থৈ অনামিকাৰ মুখখন ভালদৰে চালে ভাৰ্গবে ।
: তুমি কিন্তু বহুত ধুনীয়া দেই অনামিকা.....! অচিন্ত বহুত লাকী । ভাৰ্গবৰ কথাটো শুনি লাজত দুগাল ৰঙা পৰি গৈছিল অনামিকাৰ । ....লাজ কৰিব নালাগে অনামিকা । মই সঁচা কথাটোতোহে কৈছোঁ ।
: তুমি বহাচোন....! মই ভিতৰৰ পৰা আহোঁ । লাজতে তলমূৰ কৰি ওলাই আহিল অনামিকা । খঙত জ্বলি উঠিল অনামিকা , বেদৰূমত সোমাই মুখৰ ভিতৰতে এসোপামান ভোৰভোৰালে অনামিকাই । অনামিকাক বাহিৰত নেদেখি অচিন্ত ভিতৰলৈ সোমাই আহিল । ইফালে সিফালে চাই অনামিকাক নেদেখি বেদৰূমটত এবাৰ ভুমুকীয়াই চালে অচিন্তই । বিচনাত পৰি থকা অনামিকাৰ কাষতে বহি লাহেকৈ মাত লগালে অচিন্তই ....কি হ'ল অনামিকা...? শুই আছা যে....!
: তোমাৰ বচ কি ধৰণৰ মানুহ হে....! লাজ মান এইবোৰ নাইনেকি....?
: কি হল আকৌ তোমাৰ...? বচে কিবা কলে নেকি...?
: মোৰ কিন্তু মানুহজন হজম হোৱা নাই অচিন্ত ।
: বচ বহুত ভাল মানুহ অনামিকা । তুমি মিছাতেই ভুল বুজিছা । তেওঁ যিটো কথা কম বুলি ভাবে সন্মুখতে কৈ দিয়ে । বহুত খোলা মনৰ মানুহ....। উঠা , বাহিৰত মানুহে তোমাক বিচাৰি আছে । অফিচৰ মানুহবোৰৰ লগত তোমাক যদি চিনাকি কৰাই দিব নোৱাৰো । মই বৰ লাজ পাম অনামিকা । প্লীজ ..., মোক বুজিবলৈ চেষ্টা কৰা ।
: যোৱা , মই গৈ আছোঁ । অলপ খঙেৰে কলে অনামিকাই ... অচিন্ত ওলাই যোৱাৰ পাছত নেটৰ শাৰীখন সলাই বোৱা কাপোৰ এযোৰ পিন্ধি চুলিকোচা মেলি দিলে অনামিকাই । মুখত কৃত্ৰিম হাঁহি এটা লৈ সকলোকে মাত এষাৰ দিলে অনামিকাই । জন্মদিন বুলি সকলোৱে আনন্দ ফুৰ্টি কৰিলে পাশ্চাত্য সংগীতৰ তালে তালে সকলোৱে কঁকাল ভাঙিলে । নাচৰ পাকতে ভাৰ্গব আহি অনামিকাৰ কাষ পালেহি , অস্বস্তি অনুভৱ কৰিলে অনামিকাই কিন্তু ভদ্ৰতাৰ খাতিৰত একো নকৈ কামৰ অজুহাত দেখুৱাই ভিতৰলৈ সোমাই আহিল । অচিন্তৰ লগৰ প্ৰায়বোৰৰে চকু কেৱল অনামিকাৰ ওপৰত । ( Assamese Storyboard )
: ...ৱাহ...! অচিন্ত । তই কিন্তু বৰ ধুনীয়া ছোৱালী এজনী পালি দেই...., অনামিকাৰ দৰে ছোৱালীৰ গিৰিয়েক হ'বলৈ পোৱাটো কম সৌভাগ্যৰ কথা নহয় । অচিন্তৰ গাত ধকীয়াই কলে প্ৰবালে ।
: তোৰ নিচা হৈছে প্ৰবাল । তই আৰু পেগ ল'ব নালাগে ।
: মোৰ নিচা হোৱা নাই । মই ঠিকেই আছো ।
: প্ৰবাল , ৰাতিটো নহলে অচিন্তৰ ঘৰতে থাকিয়েই দিওঁ নেকি...! ৰাতিও বহুত হ'ল .... বৰ আগ্ৰহেৰে কলে ভাৰ্গবে
: ময়ো তাকেই ভাবিছোঁ বচ..., অচিন্তই বা কি কয়....?
: মোৰ আপত্তি নাই ছাৰ । লাহেকৈ কলে অচিন্তই
: আজি নাথাকো দিয়া । পাছত আহিম কেতিয়াবা ...! প্ৰবালে যদি ইচ্ছা কৰে সি থাকক মই গৈ থাকোঁ । অনামিকাক মাতি দিয়া । মাত এষাৰ দি যাওঁ ....
: ৰ'ব...! মই অনামিকাক মাতি আনিছোঁ । কথাষাৰ কৈ অচিন্ত ভিতৰলৈ সোমাই আহি অনামিকাক লগত লৈ ওলাই আহিল ।
: আমি গৈ থাকোঁ অনামিকা... , লগ পাই বৰ ভাল লাগিল । মাজে মাজে আহি থাকিম আমনি কৰিবলৈ..,
: ধন্যবাদ । ভাৰ্গব , তোমাক লগ পাই মোৰো ভাল লাগিল । মিছাকৈয়ে কলে অনামিকাই ।
: তেতিয়া হলে গৈ থাকোঁ অচিন্ত । ৰূম পাই ফোন কৰিম ।
: ঠিক আছে ছাৰ ।
: অচিন্ত ময়ো গৈ থাকোঁ । ছাৰৰ লগতে এইকন গুচি যাওঁ ।
লাহে লাহে ৰভাতল উদং হৈ পৰিল , গেটখনত তলাটো লগাই অচিন্ত ভিতৰলৈ সোমাই আহি অলপ ফ্ৰেচ হৈ ললে । অনামিকাইয়ো গহনাখিনি খুলি ল'কাৰত ভৰাই ড্ৰেছিংখনৰ ওচৰতে থৈ দিলে । কাপোৰযোৰ সলাই মুখখন ভালকৈ ধুই বিচনাত কাটি হৈ দিলে । অচিন্তইও লাইটো অফ কৰি বিচনাত উঠিল । ....অনামিকা , কেনেকুৱা লাগিল আজিৰ পাৰ্টিটো ....?
: বহুত ভাল লাগিল অচিন্ত..., দিনটো যে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ ।
: পাৰ্টিৰ খৰছ কোনে দিছে জানা...?
: তোমাৰ জন্মদিন , গতিকে তুমিয়ে খৰচ কৰিছা । তুমি নকৰিলে কোনে কৰিব ইমান খৰচ ।
: নহয়....! মই ফুটাকড়ি এটাও দিয়া নাই । এই সকলোবোৰ খৰচ বচে কৰিছে ।
: কি....? উচপ খাই উঠিল অনামিকা । ...তোমাৰ জন্মদিনৰ লগত তেওঁৰ কি স্বাৰ্থ আছে ...? কিয় ইমান টকা খৰচ কৰিছে...!
: ছাৰৰ অন্তৰখন বহুত খোলা..., তেওঁ যাক ভাল পাই হিয়া মন উবুৰীয়াই দিয়ে ।
: ইমান বেছি মৰম হজম কৰিব পাৰিবা জানো...! বিনা স্বাৰ্থত তেওঁ কেতিয়াও টকা খৰচ কৰা নাই । কিবা নহয় , কিবা স্বাৰ্থ নিশ্চয় লুকাই আছে ।
: তুমি মিছাকৈয়ে ছাৰক সন্দেহ কৰিছা ...!
: স্বাৰ্থ নাই যদি ভালেই , তুমি তেওঁৰ পৰা অলপ সাৱধানে থাকিবা । মানুহজনৰ মতি গতিবোৰ বৰ ঠিক নহয় যেন লাগিল । তুমি চিনাকি কৰাই দিবলৈ মাতোঁতে যিটোহে চকুৰ চাৱনি দিলে । মোৰ বিৰাট খং উঠিছিল..., তোমাৰ বচ নহৈ আন কোনোবা হোৱা হ'লে তাক বৰ বেয়াকৈ গালি দিলোহেঁতেন.....! দুয়োটাই কথা পাতি থাকোতেই অচিন্তৰ ফোনটো বাজি উঠিল । ....এই ৰাতিখন কোনে ফোন কৰিলে তোমালৈ....?
: বচে ফোন কৰিছে । তুমি মাত নামাতিবা দেই...!
: বচে....! কিয় ফোন কৰিলে আকৌ...?
: ফোনটো ৰিচিভ কৰিবলৈটো দিয়া । ....হেল্ল' , ছাৰ ।
: অচিন্ত , শুলাই নেকি....?
: নাই । কওঁক ছাৰ...
: ভগৱানে কৰিলে এইবাৰ তোমাৰ প্ৰ'মোচন হ'ব....! কিন্তু এটা চৰ্তত.....!
: কি চৰ্ত ছাৰ...?
: চৰ্তটো ফোনত নকওঁ । কালিলৈ অফিচত কম ...., প্ৰ'মোচন লোৱা নোলোৱা সেইটো তোমাৰ কথা । মই তোমাক এটা অ'ফাৰ দিব বিচাৰোঁ আগবাঢ়ি যোৱাৰ...
: এই অ'ফাৰটো মই গ্ৰহণ কৰিম ছাৰ..., কিন্তু চৰ্তৰ কথাটো শুনিহে ভয় লাগিছে ।
: ভয় কৰিব নালাগে । মই আছো নহয়....!
: হ'ব ছাৰ...., good night ... ফোনটো কাটি দিলে অচিন্তই ।
: কি কলে বচে....?
: মোৰ প্ৰমোচন হ'ব এইবাৰ....!
: Congratulations অচিন্ত ।
: ৰ'বা , কালিলৈ অফিচ গলেহে গম পাম প্ৰমোচন হ'ব নে নহয়..!
: বচে কৈছে যেতিয়া কিয় নহ'ব...
: তেওঁৰ বোলে কিবা চৰ্ত আছে ।
: চৰ্ত...? কিহৰ চৰ্ত.... অচিন্ত.....?
: একো নকলে বচে , কালিলৈ অফিচতহে ক'ব । এতিয়া শুই থাকা । বহুত ভাগৰ লাগিছে ।
ক্ৰমশঃ...
✍🏻 তীৰ্থ_পিন্টু_বড়া
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment