অভিমানৰ অভিমানী ( খণ্ড - ৩১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 1, 2022

অভিমানৰ অভিমানী ( খণ্ড - ৩১ ) : Assamese Storyboard

Assamese Storyboard


      বৃষ্টি ফটো খনৰ ওচৰতে ৰাতিটো তেনেকৈয়ে শুই থাকিল সি । পুৱা মাকৰ মাতত নিয়ৰ সাৰ পালে , দুৱাৰ খুলি দিলে মাক সোমাই আহিল । Assamese Storyboard )


:: বাবা .. ইমান মাতি আছোঁ শুনা নাই ?


:: মা ..  শুই আছিলোঁ অ..


:: ইমান দেৰি লৈকে শুই আছা যে অফিচ যাব ওলালে দেউতা .. তুমি গা ধুই সোনকালে ওলাই আহা , মই খোৱা যোগাৰ কৰো !


:: হব মা .. তুমি যোৱা মই গৈ আছোঁ 


:: মাজনীলৈ ফোন লগাই দিয়া , দেখাই নাই ইমান দিন ; 


:: ৰবা দিছোঁ ...


      নিয়ৰে নিজৰাক ফোন কৰিলে , নিজৰা নিয়ৰ উঠা আগতেই গৈ দূৱৰি লগতে আছিল । 


:: নিজৰা ...


:: ভিনি কওঁক ...


:: আইতাকে দূৱৰিক চাই বুলে , তাই উঠিল নে ?


:: ওম .. কিতাপ পঢ়ি আছিল মোৰ লগত ...


:: Video Call কৰা ...


:: হব মই কৰিছোঁ ...


       নিজৰাই video call কৰিলে , নিয়ৰে মাকক ফোনটো দি গা ধুব গল ।


:: আইতা ..


:: মোৰ কলিজা জনী কি কৰিছা ; আইতালৈ মনত পৰা নাই নে ?


:: পৰিছে আইতা বহুত মনত পৰিছে ; মোক মাহীয়ে কিতাপ পঢ়াই আছিল । 


:: সোনকালে আহিবা দেই মাজনী তুমি নাই ঘৰ খন একেবাৰে খালি খালি লাগিছে  ;  


:: ওম .. দেউতা আহিলে যাম আইতা .. তুমি মন বেয়া নকৰিবা দেই আইতা , মাহীয়ে মোক বহুত মৰম কৰে আইতা , মাহীক চাবা নেকি আইতা ?


:: ওম চাওঁ .... 


:: দিছোঁ আইতা , তোমালোকে কথা পাতা মই বাহিৰত খেলো অলপ ..


( দূৱৰিয়ে নিজৰাক ফোনটো দিলে  আৰু বাহিৰলৈ ওলাই গল )


:: মা .. কি কৰিছে ?


:: ভিনি অফিচ যাব লাগে ইমান দেৰি লৈকে শুই আছিল উঠাই দিছোঁ ,  তোমাৰ নাম কি ?


:: নিজৰা ... 


:: বৰ ধুনীয়া ... নামটো দৰেই মৰম লগা .. তোমাক আগতে দেখা নাই তাত ..


:: হয় .. মই ইমান ওলাই নাযাও , ঘৰতে থাকোঁ..


:: নিয়ৰে কৈছিল তাই বুলে তোমাক এৰিব নোখোজে , বেয়া নাপাবা দেই তাই তেনেকুৱাই কাৰোবাক ভাল লাগিলে লগ নেৰে !


:: নাই কিয় পাম নো ... মই ঘৰত এনেই থাকোঁ এতিয়া তাইক লগ পাই মোৰো ভাল লাগিছে ।


:: হব দিয়া এতিয়া সি আহিল মই ভাত দিওঁ ..


:: ঠিক আছে মা ... ৰাখিছোঁ ..


:: ওম .. ৰাখা ...


     নিজৰাই ফোন ৰাখিলে আৰু দূৱৰি ওচৰত গল । 

    মাকে নিয়ৰক ভাত দিলে ..


:: বাবা...


:: কোৱা মা .. 


:: চাওঁতে চাওঁতে দূৱৰি বহুত ডাঙৰ হল .. এতিয়া তাই সকলো বুজি পোৱা হৈছে !


:: হয় মা .. 


:: আজি আমি জীয়াই আছোঁ তাইক চাই আছোঁ , আমাৰ কিবা এটা হলে কি হব ছোৱালী জনী ? Assamese Storyboard )


:: কি যে ভাবি থাকা কাৰো একো নহয়


:: কি বুজাম তোমাক তুমি এতিয়া সৰু নহয় ; নিজৰা ঘৰ ওচৰতে নেকি ?


:: ওম .. বৃষ্টি ঘৰৰ আগফালে থকা ঘৰটো ... 


:: বৰ ধুনীয়া, বৰ মৰম লগা ছোৱালী জনী .. 


:: ওম .. দূৱৰিয়ে লগ নেৰেই ..


:: ওম .. আজি যদি বৃষ্টি থাকিল হয় এনেদৰেই চাগে তাই লগত থাকিল হয় ...


     নিয়ৰ নিমাত হৈ ভাত খাই উঠি দেউতাকৰ লগত অফিচ ওলাই গল । 

     মাক গৈ নিয়ৰৰ ৰোমৰ কাপোৰ বোৰ ঠিক কৰাত লাগিল ।  

     বৃষ্টি শাৰী এখন দেখি মাক ক্ষন্তেকৰ বাবে অতীতলৈ ঘূৰি গল  । 

      সেইদিনা সেই ক'লা শাৰীখন নিয়ৰে বৃষ্টি বাবে আনিছিল,  তাই পিন্ধি সৰু ছোৱালী দৰে মাকৰ ওচৰত দৌৰি গৈছিল । 


:: মা.. মা... মা...


:: কি হল বোৱাৰী ... কিমান কম তোমাক লাহে লাহে আহিবা , এনেকৈ আহিছা যেন পিছত বাঘে খেদাইছে !


:: মা ..  কেনেকুৱা লাগিছে মোক ?


:: বহুত বহুত ধুনীয়া লাগিছে .. মোৰ বোৱাৰী ইমান ধুনীয়া তাতেই আকৌ ক'লা শাৰী ..


:: ইছ.. আপুনি মিছা কথা কৈছে , ইমান ধুনীয়া নহয় মই ...


:: চাও কোনে কয় তোমাক ধুনীয়া নহয় বুলি .. ; কাৰ সাহস আছে ...


:: মা .. যদি ছোৱালী হয় এইখন মই তাইক দিম ..


:: যদি লৰা হয় ..?


:: তেতিয়া বোৱাৰীক দিম আৰু আপোনাৰ দৰেই মিছা প্ৰশংসা কৰিম ...


:: মই কিন্তু মিছা কোৱা নাই দেই বোৱাৰী ...


:: জানো মা , এনেই কৈছোঁ ... মা.. মই যদি কেতিয়াবা হেৰাই যাওঁ এইটো দায়িত্ব আপোনাৰ ..


:: বোৱাৰী ..  আৰু কথা নাই কবলৈ , যোৱা অলপ আমাৰ কৰা ... 


:: ধেমালি কৰিছোঁ মা .. আপোনালোকক এৰি মই কত যাম নো ..!


        কথাষাৰ কৈ তাই হাঁহি এটা মাৰি মাকৰ ওচৰৰ পৰা আঁতৰি আহিছিল । 

    আৰু এতিয়া একেবাৰে আঁতৰি গুচি গল ; মাকৰ চকুপানী বৈ আহিল ।

    বৃষ্টি ফটো খনৰ ওচৰত গল ...


:: বোৱাৰী ... তোমাৰ শাৰী খন মই ধুনীয়াকৈ থৈছোঁ , মাজনী এতিয়া ডাঙৰ হৈছে , ঘৰত আহিলে তাইক দি দিম , তুমি ধেমালি কৰিছোঁ কৈ সঁচাকৈ গুচি গলা ....


       চকুপানী লৈ মাক ৰোমৰ পৰা ওলাই আহিল ।


      ***


    আনফালে দূৱৰিয়ে নিজৰা লগ নেৰা হল , নিজৰা লগত গৈ গৈ নিজৰা ঘৰত থাকিব ললে ... 


     নিজৰা মাকে নিজৰা নোহোৱা সুযোগ লৈ দূৱৰিক দেউতাকৰ বিষয়ে মিছা মিছা কথা শিকাব ললে ।  দূৱৰি এতিয়া বুজি পোৱা হৈছে , আগতে নোহোনা কথাবোৰ তাইৰ এতিয়া সঁচা যেন লাগিব লৈছে । 

     দেউতাকৰ প্ৰতি লাহে লাহে তাই মনত ঘিনা উপজিব লৈছে ।


:: মোক সকলোৱে কয় দেউতা বহুত ভাল আৰু মাক বহুত ভাল পাইছিল বুলে ?


:: প্ৰথম বহুত ভাল পাইছিল , যেতিয়া তোমাৰ মাৰ মুখত এচিড ধালিছিল তেতিয়া পৰাই দেউতাই মাক দেখিব নোৱাৰা হল । 

    আৰু তুমি জন্ম হওঁতে দেউতাই বিচৰা হলে মাক বচাব পাৰিলে হয় , কিন্তু নকৰিলে , দেউতা টকা - পইচা কি অভাৱ আছে বিচাৰিলে সকলো কৰিব পাৰিলে হয় ।

     তুমি দেউতা লগত নাযাবা , যদি মাহী যায় তেতিয়া যাবা , নহলে এদিন মা দৰেই হব তোমাৰ ;


:: দেউতাই কিয় এনেকুৱা কৰিলে মাক .. কিয় মোৰ মাক মোৰ পৰা আঁতৰাই দিলে , মই আৰু দেউতা লগত নাযাওঁ মই ইয়াতে থাকিম ।


:: এইবোৰ কাকো নকবা ... তোমাক বহুত ভালপাওঁ আৰু সঁচা কথা মানুহে নকয় সেইবাবে মই কলো , তুমি যদি আনক মই কোৱা বুলি কোৱা আজি পৰা মাহী তোমাৰ লগত নেখেলে ;


:: নকওঁ কাকো ..  মই আৰু দেউতাক নামাটো ? কথা নাপাটো আৰু দেউতা লগত ..


     নিজৰা অহাত মাক মনে মনে থাকিল !


:: মা , দূৱৰি কি হে সদায় সদায় ইমান কি আলোচনা কৰা নো মনে মনে .. মই আহিলে নুকোৱা যে ..


:: মাহী .. আমাৰ গোপন কথা তুমি জানিব নালাগে ..


:: হব দিয়া মই জানিব নিবিচাৰোঁ ...

    দেউতাই তোমাৰ লগত কথা পাতিব বিচাৰে , ফোন কৰি আছে ..


:: কৈ দিয়া মই নাপাতো.. 


:: কিয় .. ?


:: মন নাই ... বলা আমি খেলিম অলপ 


:: ঠিক আছে বলা ..


     ***


  নিজৰা, দূৱৰি ওলাই গল ;  নিজৰা মাকে এটা সুখৰ হাঁহি মাৰিলে , হয়টো তেওঁ বিচৰা দৰেই সফল হৈছে ....


         ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ৩০ )-

https://www.smj24.in/2022/10/assamese-storyboard_84.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

3 comments:

Advertisement

Pages