ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 1, 2022

ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_৭ ) : Assamese Storyboard

Assamese Storyboard


                  দাদা, অ' দাদা,... কি কৰি আছ নো ? ইমানকৈ মাতি আছোঁ তই শুনা নাই!! ....…মণিয়ে আহি তাক গাত হেচুকি দিওঁতে হে নয়ন বাস্তৱলৈ ঘুৰি আহিলে। পুৱাৰ পৰা বাৰাণ্ডাত বহি সি আকাশ পাতাল ভাবি আছিল । Assamese Storyboard )


: কি হ'ল ক, এনেকৈ চিঞৰিছ কেলেই.. অলপ লাহেকৈ মাতিব নোৱাৰ নেকি?..... সি মণিলৈ চাই ক'লে।

: অ' আই, মই তোক ভাত খাবলৈহে মাতিছোঁ। তই হে শুনা নাই । আহ ভাত কেইটা খায় ল। ময়ো কলেজলৈ যাব লাগে দেৰি হব এতিয়া .....।

: ব'ল দে গৈ..... নয়নে ভিতৰলৈ সোমাই গ'ল। ভাত খাবলৈ সি বহিলে , মণিও তাৰ কাষতে ভাত খাবলৈ বহিল ।

: মা দেউতাই ভাত খালেনে মণি..... নয়নে তাইক সুধিলে ।

: "উম খালে কেতিয়াবাই, মই তোৰ বাবে ৰৈ আছিলোঁ , ভাবিছিলোঁ তই চাগে বাৰীত কাম কৰি আছ! মাতিব গৈ দেখো তই চোন বাৰাণ্ডাত বহি আকাশলৈ চাই আছ !! কি ভাবি আছিলি... ক' চোন ক'.. কাৰ কথা ভাবি আছিলি হু....! মই চব জানো তোৰ কথা ।".....

: মানে, কি জনা কথা কৈছ, জানিবলগীয়া কি আছে .....তাইক সি সহজ ভাৱেই ক'লে ।

: কালি নৈৰ পাৰত কেলেই গৈছিলি !! এইবাৰ নয়ন আচৰিত হ'ল। এইজনীয়ে কেনেকৈ গ'ম পালে সি মেঘালীৰ সৈতে নৈৰ পাৰলৈ যোৱা বুলি।

: তোৰ লগত মেঘালীবা ও গৈছিল ন!!

: কোনে কলে তোক মই নৈৰ পাৰলৈ যোৱা বুলি!

: কোনে ক'লে কেলেই লাগে... যোৱাটো সঁচা নে মিছা সেইটো ক....

: অ' গৈছিলোঁ ... তাতে কি হ'ল..

: মোৰ একো হোৱা নাই , তোৰহে কিবা হোৱা যেন লাগিছে..... তাই তাক জোকাব ধৰিলে । নয়নৰ খুব লাজ লাগিল । তথাপিও সি মণিক সুধিলে .... কোনে ক'লে মণি আমি নৈৰ পাৰলৈ যোৱা বুলি।

: মোৰ লগৰ চুমি যে তাই ক'লে। তাই হেনো তহঁত দুয়োটাকে নৈৰ পাৰত বহি থকা দেখা পাইছিল....

নয়নে আৰু একো নুসুধিলে... আৰু বা কি দেখা পালে সেইজনীয়ে ..... সি নিজকে ভৰিৰ পৰা মূৰলৈকে গৰম গৰম অনুভৱ কৰিলে । মুখেৰে একো নামাতি সি ভাতৰ পাতৰ পৰা উঠি গ'ল। 

: মণি মই আহোঁ , তইও কলেজলৈ যাবি ... ৰিক্সাখন উলিয়াই  লৈ মণিক ক'লে।

: যা ,যা... মেঘালী বাই তোলৈ ৰৈ আছে ... তাৰ চকুলৈ চাই তাই এটা বেকা হাঁহি মাৰিলে । লাজতে তাৰ মৰি যাওঁ যেন লাগিল । খৰখেদাকৈ সি ৰিক্সা খন লৈ ওলাই গ'ল।


                 নয়ন গৈ মেঘালীহতৰ পদুলিৰ মুখত ৰৈ আছে । আজি মেঘালীয়ে ওলাই অহা নাই । অলপ সময় ৰৈ থকা পিছতো মেঘালী ওলাই নাহিল । কি কৰিব কি নকৰিব ভাবি নয়ন মেঘালী হতৰ ঘৰৰ ফালে আগুৱাই গ'ল। সি চোতালৰ পৰাই মেঘালীক মাতিলে । নয়নৰ মাত শুনি মেঘালীৰ সলনি মাক ওলাই আহিলে।

: বৰমা মেঘালী স্কুললৈ নাযায় নেকি ? মাকক দেখি নয়নে সুধিলে .....

: আজি নাযায় বোলে , তাইৰ লগৰ ছোৱালীৰ ঘৰলৈ গৈছে । তুমি আহিলে তোমাক কথাটো ক'ব কলে মোক। বেয়া নাপাবা দেই ।

:তেতিয়াহ'লে মই যাওঁ দিয়ক বৰমা । মই আহিছিলোঁ বুলি তাইক ক'ব..... কৈয়ে নয়নে  তাত নৰ'ল। মনটো তাৰ বৰ বেয়া লাগিল । তাৰ কাৰণে অলপ সময় ৰ'ব নোৱাৰিলে তাই । কথাষাৰ তাই নিজেও কৈ যাব পাৰিলেহেঁতেন । Assamese Storyboard )


              ইপিনে মেঘালীয়ে নয়নৰ বিষয়ে জানিবলৈ সদানন্দ মাষ্টৰৰ ঘৰ পালেগৈ । কালিৰ পৰাই মেঘালীৰ এটা সন্দেহ হৈ আছে । এনেকুৱা লাগিছে সদানন্দ মাষ্টৰে নয়নৰ বিষয়ে সকলো জানে । ৰাতিপুৱাই মেঘালীক দেখি মাষ্টৰে অলপ আচৰিত হ'ল।

: তুমি হৰেন দাদাৰ ছোৱালী মেঘালী নহয়নে .... মাষ্টৰে তাইলৈ চাই সুধিলে ।

: হয় খুৰা, আপোনালোকৰ ভাল নে ?

: ভাল , ভাল.... তুমি হ'বলা পঢ়া শুনা শেষ কৰি গুৱাহাটীৰ পৰা একেবাৰে গুছি আহিলা । শুনিছোঁ ছোৱালী হাইস্কুলত চাকৰিও পালা। ভালেই হ'ল দিয়া ঘৰৰ ছোৱালী ঘৰলৈ ঘুৰি আহিলা ।

: হয় খুৰা.....

: পিছে এই পুৱাই মোৰ ওচৰলৈ কি সকামত আহিলা , সেইটোহে বুজি নাপালোঁ......সদানন্দ মাষ্টৰে মেঘালীক অলপ সন্দেহ ভাৱেৰে সুধিলে !!

: খুৰা , কালি মই আপোনাক নয়নৰ লগত কথা পতা দেখিলোঁ । এটা কথা সোধো খুৰা, নয়নহতৰ এনেকুৱা কি হৈছিল যাৰ কাৰণে নয়নৰ নিচিনা মেধাৱী ছাত্ৰ এজনে ৰিক্সা চলাব লগীয়া হৈছে ।

: তুমি মোক নুসুধি নয়নক সুধিব পাৰিলাহেঁতেন।

: হৈ যোৱা  কথা বোৰ সুধি মই তাক দুখ দিব খোজা নাই খুৰা ।

: মনেশ্বৰে খেতি কৰি থাকোঁতে ভালেই আছিল । ঘৰখন চলোৱা লগতে নয়নৰ পঢ়া পাতি খৰছখিনি ও খেতি কৰি উলিৱাইছিল । চলিবলৈ বিশেষ অসুবিধা হোৱা নাছিল । সি পঢ়াত ভাল আছিল বাবে ময়ো কেতিয়াবা দুই এক টকা সহায় কৰিছিলোঁ । নয়নে এম এ পাছ কৰি পি এইচ ডি কৰা কথা আছিল । তেনেকুৱাতে এদিন মাকৰ অসুখ হ'ল । ডাক্তৰে ক'লে কঁকালৰ এটা অপাৰেচন কৰিব লাগিব । দুই তিনি লাখ মান টকা লাগিব । ইমান টকা নয়নহতৰ নিচিনা মানুহৰ কাৰণে যোগাৰ কৰা সহজ নহয় । টকা বিচাৰি নয়নৰ দেউতাক মনেশ্বৰে হৰেন দাদাৰ মানে তোমাৰ দেউতাৰ ওচৰলৈ গ'ল। ইমান টকা ধাৰত দিব পৰা মানুহ তোমাৰ দেউতা বাহিৰে গাঁওখনত আৰুনো কোন আছে। কিন্তু দেউতাই ও ইমান টকা ধাৰ হিচাপে দিব নোৱাৰোঁ বুলি ক'লে। ফলত মনেশ্বৰে গোটেই মাটিখিনি দেউতাৰ ওচৰত বন্ধকত থলে । অপাৰেচন কৰি নয়নৰ মাকক ভাল কৰি আনিলে । কিন্তু আগৰ দৰে মানুহজনী সুস্থ নহ'ল। এফালে মাটিখিনি নথকাত নয়নহতৰ উৰ্পাজনৰ ৰাস্তাটোও বন্ধ হ'ল ,নয়নৰ পি এইচ ডি কৰাও নহ'ল। যোৱা বছৰ মই তাক ৰিক্সাখন কিনি দিলোঁ । বিনিময়ত সি মোক মাহত পাঁচশ টকা দিয়ে । কেতিয়াবা নোৱাৰিলে নিদিয়ে । ময়ো ধৰি  নাথাকো । এইয়াই আছিল নয়নহতৰ দুখৰ কাহিনী । সদানন্দ মাষ্টৰে একেৰাহে কৈ যোৱা কথাখিনি শুনি মেঘালী অন্তৰখনে কান্দি উঠিল । চকুযোৰ চল চলীয়া হৈ পৰিল । বেছি সময় তাত থাকিলে মাষ্টৰে তাইৰ অৱস্থাটো বুজি পাব । সেইকাৰণে তাই যাবলৈ ওলাল ।

: খুৰা এইখিনি জনা কাৰণে মই আপোনাৰ ওচৰলৈ আহিছিলোঁ । মই এতিয়া যাওঁ ....। খৰ ধৰকৈ মেঘালীয়ে সদানন্দ মাষ্টৰৰ ঘৰৰ পৰা ওলাই আহিলে ।


             মাষ্টৰৰ ঘৰৰ পৰা তাই বাহিৰে বাহিৰে নয়ন হতৰ ঘৰ পালেগৈ । নয়নৰ মাক আৰু দেউতাকে শুই আছে । মণিও কলেজৰ পৰা অহা নাই । তাই ভাবিলে নয়নক লগ কৰিহে ইয়াৰ পৰা যাব । আগফালে বাৰাণ্ডাত থকা চকীখনত বহি থাকিল তাই । আজি নয়ন এতিয়াও আহি পোৱা নাই । অন্যদিনাৰ এইখিনি সময়ত তাইক লৈ নয়ন ঘৰলৈ আহে । নয়ন আহিব বুলি মনত আশা পালি তাই তাতে ৰৈ থাকিল । চকীখনত আঁউজি  তাই চকুৰ দুটা মুদি দিলে । নয়নৰ মুখখন চকুৰ আগত ভাহি উঠিল। অস্ফুট মাতেৰে তাই কৈ উঠিল, 

    ' নয়ন '............


              কিমান সময় পাৰ হ'ল তাই গ'মেই  নাপালে । চোতালত শব্দ শুনি তাই চকুৰ মেলি চালে । ঘামি জামি নয়ন ৰিক্সা খনৰ সৈতেৰ চোতালত থিয় হৈ আছে । ৰ'দত পুৰি তাৰ মুখখন গাটো ক'লা ৰঙা পৰি গৈছে । সি মেঘালীক দেখি আচৰিত হৈছে । মেঘালীয়ে তাক চাই থাকিব নোৱাৰিলে । একেজাপে বহা পৰা উঠি গৈ নয়নক জোৰেৰে সাৱটি ধৰিলে । নয়নে একো ত'ত ধৰিব নোৱাৰিলে । মেঘালীয়ে নয়ন নয়ন বুলি হুক হুকাই কান্দি উঠিল। যিমান পাৰে জোৰেৰে নয়নৰ বুকুৰ মাজলৈ সোমাই গ'ল। নয়নেও আলফুলেৰে মেঘালীক সাৱটি ধৰিলে............!!


                                         আগলৈ.........


            

✍🏻 ৰিংকু তালুকদাৰ


ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড - ৬ ) https://www.smj24.in/2022/10/assamese-storyboard_30.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

3 comments:

  1. বৰ সুন্দৰ লাগিল পিছে বাকী কেইটা খণ্ড হে পঢ়িব পৰা নাই।❤️❤️

    ReplyDelete
  2. Eagerly Waiting for your next part, Daily I checked for next part but didn't get last 6 days

    ReplyDelete

Advertisement

Pages