ডিব্ৰুগড় লাহোৱালত পথ দুৰ্ঘটনা : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 8, 2022

ডিব্ৰুগড় লাহোৱালত পথ দুৰ্ঘটনা : Assamese News

Assamese News


কেইবাটাও দুৰ্ঘটনাৰ ঘটনাই জোকাৰি যায় ডিব্ৰুগড় চহৰ। চহৰখনৰ বিভিন্ন প্ৰান্তত কেইবাটাও পৃথক পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত এগৰাকী যুৱতীও আছে। উক্ত ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন। ( Assamese News )


প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় আজি পুৱতি নিশা। প্ৰাপ্ত খবৰ মতে বাণীপুৰৰ ৰে'ল ক্ৰচিঙত সংঘটিত হয় আন এক দুৰ্ঘটনা। পুৱতি নিশা সংঘটিত উক্ত দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু আৰু এগৰাকী গুৰুতৰভাৱে আহত হয়। নিহত লোক দুজন হৈছে ডিব্ৰুগড় চহৰৰ আমোলাপট্টি মোহনাঘাটৰ লক্ষ্মণ ৰয়ৰ পুত্ৰ ৰঞ্জিত ৰয় (২৩) আৰু চিৰিং চাপৰিৰ হৰিজন কলনীৰ মুন্না ৰবিদাসৰ কন্যা কুমকুম ৰবিদাস(১৮) । 


দুৰ্ঘটনাটোত ববী ৰবিদাস নামৰ শিৱসাগৰ জিলাৰ দিমৌ বান্দৰবাৰী ৰমেশ ৰবিদাসৰ কন্যা ববী ৰবিদাস (১৯) গুৰুতৰভাৱে হয়।  আহত ববী ৰবিদাস সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন। প্ৰাপ্ত খবৰ মতে এই এছ ০৬ এ বি ০৭৮৫ নম্বৰৰ  দ্ৰুতবেগী এখন স্কুটীৰে ৰে'লৱে ক্ৰচিঙত প্ৰচণ্ড জুৰে খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে ডিব্ৰুগড় চহৰৰ উপকণ্ঠ মোহনবাৰীতো সংঘটিত হয় আন এক দুৰ্ঘটনা। এখন ৰে'লৰ খুণ্ডাত নিহত হয় এগৰাকী ৫০ বছৰীয়া বৃদ্ধা। ( Assamese News )


নিহত বৃদ্ধাগৰাকী মোহনবাৰী হিন্দু গাঁৱৰ বুটনী গড় আছে বুলি চিনাক্ত কৰা হৈছে। ইপিনে ডিব্ৰুগড় জিলাৰ লাহোৱালতো সংঘটিত হয় আন এক দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত এজন ঠিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। 


প্ৰাপ্ত খবৰ মতে লাহোৱাল থানাৰ পৰা দুশ মিটাৰ নিলগৰ লাহোৱাল-জয়পুৰ পথত ডিব্ৰুগড় অভিমুখী AS 06AC 8856 নম্বৰৰ এখন ডাম্পাৰে দুলীয়াজান অভিমুখী AS06AA0315  নম্বৰৰ স্কুটিখন মহতিয়াই নিয়ে। ফলত স্কুটীখনত যোৱা ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত বাছমটিয়া কুঁৱৰীপথাৰৰ সঞ্জীৱ মুণ্ডা(২৩) নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ লগতে দীপক মুণ্ডা (২২) গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেললৈ প্ৰেৰণ কৰাৰ লগতে মৃত যুৱকজনক উদ্ধাৰ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages