বলিউডৰ জনপ্ৰিয় অভিনেতা ছনু সুডৰ বদান্যতাত শিৱসাগৰৰ ৰাজু আলী নামৰ এগৰাকী দুয়োখন হাত নথকা ব্যক্তিয়ে প্রায় তিনি লাখ টকাৰ মূল্যৰ দুখনকৈ বৈদ্যুতিক চার্জিং হাত লাভ কৰাৰ খবৰ সমগ্ৰ জিলাখনতেই সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে। ( Assamese News )
এক আকস্মিক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ দুয়োখন হাত হেৰুৱাই সক্ষম ব্যক্তিৰ পৰা অক্ষম হৈ পৰা ৰাজু আলী নামৰ ব্যক্তিজনে বলিউডৰ শিল্পীগৰাকীৰ বদান্যতাত দুয়োখন হাত লাভ কৰি সক্ষম ব্যক্তিৰ দৰেই চলাচল কৰিব পৰা খবৰক লৈয়েই সৃষ্টি হৈছে এই চৰ্চাৰ ইতিমধ্যে জনপ্রিয় অভিনেতাগৰাকীৰ বদান্যতাৰ বাবেই শিৱসাগৰৰ ষ্টেছন চাৰিআলিৰ ৰাজু আলীৰ পৰিয়ালত উঠিছে আনন্দৰ জোৱাৰ। উল্লেখ্য, শিৱসাগৰ ষ্টেছন ছাৰিআলিৰ স্থায়ী নিবাসী ৰাজু আলী পেছাত এগৰাকী গাড়ীৰ চালক। প্রায় ৫৭ বছৰীয়া ।ৰাজু আলীয়ে আজিৰ পৰা কেইটামান বছৰৰ পূৰ্বে সংঘটিত এক ভয়ানক দুৰ্ঘটনাত কিলাকুটিৰ তলতেই দুয়োখন হাত হেৰুৱাইছিল। প্ৰায় ডেৰবছৰ চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহিছিল যদিও ৰাজু আলী হৈ পৰিছিল শাৰীৰিকভাৱে সম্পূর্ণ অক্ষম।
দুখন হাতবিহীন এক যন্ত্রণাকাতৰ দুৰ্বহ জীৱন যাপন কৰা ৰাজু আলীয়ে দুখন প্লাষ্টিকৰ হাত লগাই চলাচল কৰিছিল যদিও অক্ষমতা একেই আছিল। কিন্তু ঘৰৰ টি ভিত সঘনে ছনু সুডনামৰ অভিনেতাগৰাকীয়ে বিভিন্ন সময়ত দৰিদ্ৰ জনতাক মুক্তহস্তে সহায় কৰি অহাৰ লগতে বিগত লডাউনৰ সময়ছোৱাত মুম্বাইত কৰ্মৰত অসমৰ শতাধিক যুৱকক নিজা খৰচত বিমান ভাড়া কৰি অসমলৈ পঠিওৱা কাৰ্যত আশাৰ সঞ্চাৰ কৰিছিল। যিকোনো মূল্যৰ বিনিময়ত অভিনেতাগৰাকীক এবাৰ লগ পোৱাৰ হেঁপাহ পুহি ৰখা অক্ষম ৰাজু আলীয়ে বিগত ২৬ অক্টোবৰৰ দিনা ৰে'লেৰে অকলেই যাত্ৰা কৰে মুম্বাইলৈ। ৩০ অক্টোবৰৰ দিনা মুম্বাইত উপস্থিত হোৱাৰ পিছতেই বিয়লি অভিনেতা ছনু সুডৰ আন্ধেৰিস্থিত বাসগৃহত উপস্থিত হয়গৈ। ( Assamese News )
শ শ লোকৰ লানি নিছিগা শাৰীৰ মাজত প্ৰায় ৪ ঘণ্টাৰ অন্তত ছনু সুডৰ সাক্ষাৎ লাভ কৰে ৰাজু আলীয়ে। হাতবিহীন ৰাজু আলীয়ে কিলাকুটিৰ ভংগীমাৰেই ছনু সুডৰ প্ৰতি নমস্কাৰ দিয়াৰ পিছতেই অভিনেতাগৰাকীয়ে সাবটি ধৰে ৰাজু আলীক। চৰম দুৰ্দশাৰ মাজতো এনেদৰে অসমৰ পৰা গৈ মুম্বাইত উপস্থিত হোৱা কাৰ্যত স্তম্ভিত হৈ পৰে অভিনেতাগৰাকী। ৰাজু আলীৰ দুৰ্ঘটনাৰ পিছৰ অৱস্থা জ্ঞাত হৈ লগে লগেই ছনু সুডে ৰাজু আলীৰ বাবে বৈদ্যুতিক চাৰ্জাৰযুক্ত দুখন হাত সংস্থাপনৰ বাবে পৰামর্শ দিয়ে মেনেজাৰগৰাকীক লগে লগেই ছনু সুডৰ পৰামৰ্শত পিছদিনা পুনেৰ চেলাগাঁও নামৰ অঞ্চলটোৰ এটা প্ৰতিষ্ঠানলৈ ৰাজু আলীক লৈ যায় ছনু সুড কৰ্মচাৰীসকলে। ইয়াতেই ৰাজু আলীক প্ৰদান কৰা হয় তিনি লাখ টকাৰ বজাৰ মূল্যৰ দুখনকৈ বৈদ্যুতিক হাত। যি দুখন হাত লগোৱাৰ লগে লগেই স্বাভাৱিক ব্যক্তিৰ দৰেই সকলো প্রয়োজনীয় কাম সম্পাদন কৰিব পৰা এগৰাকী সক্ষম ব্যক্তিত পৰিণত হয় ৰাজু আলী।
ইফালে, পুনেত হাত লগোৱাৰ দিনাখনেই ৰে'ল ধৰাত বিলম্ব হোৱাৰ বাবেই সেই দিনা ছনু সুডৰ অতিথিশালাত নৈশ যাপনৰো সুবিধা প্ৰদান কৰে। আন নালাগে বিগত ৮ টা বছৰ ধৰি দুহাতেৰে গিলাছ এটা ধৰিব নোৱৰা ৰাজু আলীয়ে সেই নিশা অতিথিশালাত দুয়োহাতেৰে চাহৰ পিয়লা ধৰি খাবলৈ সক্ষম হৈছিল। ইতিমধ্যে মুম্বাইৰ পৰা আজি শিৱসাগৰত আহি উপস্থিত হোৱা ৰাজু আলীয়ে অকপটে কৈ গ'ল দৰিদ্ৰৰ ত্ৰাণকৰ্তা ছনু সুডৰ কথা। ( Assamese News )
No comments:
Post a Comment