এজন পুৰুষৰ জীৱনটো কি বুজি‌ লওক : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

এজন পুৰুষৰ জীৱনটো কি বুজি‌ লওক : Assamese News

Assamese News


                    আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ,  যি কেৱল ত্যাগ আৰু বুজাবুজিৰেই জীৱনটো চলিব লাগে।( Assamese News ) 


 যি আনৰ দায়িত্ব লৈ লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে। 


 সৰুতেই চকলেটটো ত্যাগ কৰে ভনিয়েকৰ বাবে। 


নিজৰ সপোনবোৰ ত্যাগ কৰে মাক-দেউতাকৰ সুখৰ বাবে। 


নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে। 


গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে। 


বেঙ্কৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে,  কিন্তু সেই ঋণ ঘুৰাওতেই পাৰ হয় গোটেই জীৱন। 


 তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বচৰ পৰা গালিবোৰ আছেই। 


ইফালে গোটেই জীৱনটো পত্নী,  মাক,  শাহু আৰু অফিচৰ বচ্। এই সকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে। 


                     মুঠতে গোটেই জীৱনটো আনৰ বাবেই ত্যাগ কৰোতে যায়। 


এতিয়া অন্য এক দৃষ্টিৰে পুৰুষ কি শুনক —


🔹পত্নীৰ পৰা মাৰ খালে কয় — "কাপুৰুষ"। 


🔹পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘুৰা দেখি কিবা এটা কোৱা হয়, তেতিয়া কয় — "সন্দেহবাদী"। ( Assamese News ) 


🔹একো নকলে কয় — "ভয়াতুৰ"। 


আকৌ যদি ...… 


🔹ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় — "ধিতিঙালি কোবাই ফুৰা"। 


🔹যদি ঘৰতে সোমাই থাকে কয় — "ঘৰ গোনা"। 


🔹ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় — "বৰ মতা"। 


🔹শাসন নকৰিলে কয় — "গুৰুত্ব নিদিয়া"। 


🔹যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় — "ঠেক মগজুৰ"। 


🔹ইফালে চাকৰি কৰিবলৈ দিলে কয় — "মাইকীৰ টকাৰে চলা"। 


🔹কেনেবাকৈ পত্নীৰ মাকৰ কথাত চলিলে কয় — "চমচাগিৰি"। 


🔹পত্নীৰ কথাত চলিলে কয় — "তিৰোতা সেৰুৱা"। 


                    তথাপিও গোটেই জীৱনটো বুজাবুজি, ত্যাগ সংঘৰ্ষৰ মাজেৰেই পাৰ কৰা পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে। 


বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত। 


সেইবাবেই পুৰুষক সদায়ে সন্মান কৰিব লাগে। 

এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কৰোবাৰ ককাই, কাৰোবাৰ ভাই, কৰোবাৰ প্ৰেমিক, কৰোবাৰ জোৱাই বা কৰোবাৰ দেউতাক হব পাৰে। 


কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত। 



  ( Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages