নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত শিৱসাগৰ হম্পিতেল : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 7, 2022

নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত শিৱসাগৰ হম্পিতেল : Assamese News

Assamese News


চিকিৎসক-নাৰ্ছৰ অৱহেলাৰ বাবেই শিৱসাগৰ চিভিল হস্পিতেলত যােৱা নিশা এটি নৱজাতকৰ মৃত্যু হােৱাৰ ঘটনাক লৈ ৰােগীৰ পৰিয়ালে তীব্র উত্তেজনাৰ সৃষ্টি কৰে। প্রসূতিৰ পৰিয়ালৰ লগতে একাংশ ৰােগীৰ আত্মীয়ই নৱজাতকৰ মৃত্যুৰ বাবে মূলতঃ কর্তব্যৰত নাৰ্ছ, চিকিৎসকক দোষী সাব্যস্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ( Assamese News )


উত্তেজিত ৰাইজে কৰ্তব্যৰত চিকিৎসক-নাৰ্ছৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবীত অটল হৈ পৰাত অৱশেষত ঘটনাস্থলীত আৰক্ষীৰ শীর্ষ বিষয়া সহিতে দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। প্রাপ্ত বাতৰিমতে শিৱসাগৰ ধাই আলিৰ নিৱাসী ৰূমা বেগমে চিকিৎসকৰ পৰামর্শ ক্রমেই বিগত ৩ নৱেম্বৰত নিশা ১০.৩০ বজাত প্ৰসৱৰ বাবে অসামৰিক চিকিৎসালয়ৰ প্রসূতি কক্ষত ভর্তি হৈছিল। পুৱতি নিশা প্রসৱৰ বেদনা অহাত প্রায় পুৱা ৪ মান বজাত স্বাভাৱিক প্রক্রিয়াৰে এটি পুত্র সন্তান জন্ম দিয়ে। জন্মৰ সময়ত কোনােধৰণৰ শাৰীৰিক সমস্যা নথকা নৱজাতকটোয়ে স্বাভাৱিকভাৱেই মাতৃ দুগ্ধপান কৰি আহিছিল যদিও ৫ নৱেম্বৰৰ বিয়লি ৩ মান বজাৰ পৰা একেৰাহে কান্দিবলৈ আৰম্ভ কৰে। 


অবিৰতভাৱে কান্দি থকা শিশুটিৰ অৱস্থা ক্ৰমাত জটিল যেন অনুভৱ কৰি মাতৃ ৰূমা বেগমে কর্তব্যৰত নাৰ্ছক এই বিষয়ে জনােৱাত নাছগৰাকীয়ে শিশু চিকিৎসক সন্ধিয়া নাথাকে বুলি অৱগত কৰি সমীপতে থকা এগৰাকী মছজিদৰ জোনাবৰ ওচৰলৈ লৈ যাবলৈ পৰামর্শ দিয়ে। আন নালাগে জোনাবৰ জৰা তেল আৰু তাবিজ ডিঙিত ওলােমালে শিশুটিৰ কন্দা বন্ধ হ'ব বুলি অদ্ভুদ, অবৈজ্ঞানীক পৰামৰ্শ আগবঢ়ায়। যাৰ বাবে শংকিত পৰিয়ালটোৱে সেই সময়ত জৰুৰীকক্ষত নিয়ােজিত এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপে যদিও ব্যস্ততাৰ দোহাই দি চিকিৎসকগৰাকীয়ে শিশুটিক এবাৰৰ বাবেও নাচালে। এনেদৰে প্রসূতিকক্ষত বিয়লি তিনিবজাৰ পৰা সন্ধ্যা পর্যন্ত কোলাত নৱজাতকটোক লৈ সদ্যপ্রসূতি মাতৃগৰাকীয়ে চিকিৎসক, নাৰ্ছক কাকূতি-মিনতি কৰিও সামান্য প্রাথমিক চিকিৎসা নৱজাতকটোক দিয়াবলৈ নােৱাৰিলে। অৱশেষত মাতৃৰ বুকুৰ মাজত কান্দি কান্দি অৱশ হৈ পৰা নৱজাতকটোৱে সাতবাজি পাঁচ মিনিটত আধুনিক চিকিৎসাৰ নামত একাংশ চিকিৎসক, নাৰ্ছে চলাই অহা অমানৱীয় আচৰণ, অৱহেলাৰ প্রকৃত স্বৰূপ উদঙাই চিৰদিনৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে।   ( Assamese News )


আনহাতে, নৱজাতকটোৰ মৃত্যুৰ পিছতেই সৃষ্টি হােৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণ কৰা আৰক্ষী দণ্ডাধীশে নিশাই নৱজাতকটোৰ মৃতদেহ মৰণােত্তৰ গৃহলৈ প্ৰেৰণ কৰে। আজি পুৱা শিৱসাগৰ আৰক্ষীয়ে নৱজাতকটোৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মৰণােত্তৰ গৃহৰ পৰা যােৰহাট মেডিকেল কলেজৰ মৰণােত্তৰ গৃহলৈ প্ৰেৰণ কৰে। পুৱা ১০.৩০ বজাৰ পৰা মৰণােত্তৰ পৰীক্ষা সম্পন্ন হােৱাৰ আশাত ভােকে-লঘােনে বােন্দাপৰ দি থকা পৰিয়ালটোক সন্ধিয়া প্রায় পাঁচমান বজাত নৱজাতকটোৰ মৰণােত্তৰ পৰীক্ষা সম্পন্ন কৰি চমজাই দিয়া বুলি জানিব পৰা গৈছে। 


ইফালে চিকিৎসক-নাৰ্ছৰ অৱহেলাত সন্তানটোৰ মৃত্যু হােৱাৰ অভিযােগ তুলি দুৰ্ভগীয়া প্রসূতিগৰাকীৰ স্বামী হেকিমুল আলীয়ে কৰ্তব্যৰত নাৰ্ছ, চিকিৎসকৰ নাম উল্লেখেৰে কাইলৈ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য যে তিনিখনতকৈও অধিক বিছনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়খনত শেহতীয়াকৈ চৰম অৰাজকতাই বিৰাজ কৰিছে। উন্নত চিকিৎসাৰ নামত কর্তব্যৰত চিকিৎসক, নাৰ্ছৰ অভব্য আচৰণ, কটু কথাৰ বাদে আন একোৱেই লাভ নকৰাৰ অভিযােগ উত্থাপন হৈ আহিছে। বিশেষকৈ ৰােগীৰ পৰিচৰ্যাৰ পৰিৱর্তে জিৰণি কোঠাত “ফেচবুকত” ব্যস্ত থকা এইসকল নাছে আধুনিক চিকিৎসা বিজ্ঞানক ভ্রকুটি কৰি জোনাব, বেজ, কবিৰাজৰ ওচৰলৈ গৈ জৰা তেল, তাবিজ, মাদলি ল'বলৈ পৰামর্শ দিয়াৰ ঘটনাই সচেতন ৰাইজৰ চকু কপালত তুলিছে।।  ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages