অথৰ্ব অৰ্জুন হাজৰিকাৰ সফলতাত আইমী বৰুৱাই কলে এনেদৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

অথৰ্ব অৰ্জুন হাজৰিকাৰ সফলতাত আইমী বৰুৱাই কলে এনেদৰে : Assamese News

Assamese News


ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বীপত উজলিল মন্ত্ৰী পীযূষ হাজৰিকা আৰু আইমী বৰুৱাৰ পুত্ৰ। অসমৰ অথৰ্ব অৰ্জুন হাজৰিকাই লাভ কৰিলে ২টাকৈ সোণৰ পদক। ৮ বছৰ অনুৰ্ধ শাখাৰ ২০০ আৰু ৪০০ মিটাৰত সোণৰ পদক অৰ্জন অথৰ্বৰ। ( Assamese News )


অথৰ্ব অৰ্জুন হাজৰিকাৰ সফলতাত মাতৃ আইমী বৰুৱাই কলে এনেদৰে -


 নেপালত অনুষ্ঠিত ৫তম ইণ্ডো-নেপাল ৰিয়েল গল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত ৮ বছৰ অনুৰ্ধৰ ২০০ মিটাৰ আৰু ৫০০ মিটাৰ ৰ’লাৰ স্কেটিঙত স্বৰ্ণ পদক লাভ কৰে বীৰে। কাঠমাণ্ডুৰ দশৰথ ৰংশালা ষ্টেডিয়ামত নেপাল ৰ’লাৰ স্কেটিং এছ’চিয়েচনে আয়োজন কৰে এই বন্ধুত্বপূৰ্ণ খেলখন। ভাৰতক প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাজ্যৰ ৪৮ জনে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ( Assamese News )


চাৰে তিনি বছৰ বয়সৰ পৰাই ৰ’লাৰ স্কেটিং খেলা বীৰক ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম কৰি তোলাৰ বাবে দিছপুৰ ৰ’লাৰ স্কেটিং একাডেমীৰ সকলোকে অশেষ ধন্যবাদ।   


সন্তানৰ সফলতাত পথ পদৰ্শক তথা গুৰুৰ যি অনবদ্য ভূমিকা সঁচাই অনন্য। বীৰৰ প্ৰশিক্ষক ৰামু বৰদলৈৰ লগতে খেলখনৰ সকলো প্ৰশিক্ষকৰ ওচৰত মই চিৰ কৃতজ্ঞ।


আপোনালোকৰ আশীৰ্বাদৰ বাবেই কণমানি বীৰৰ সপোনবোৰে পোখা মেলিছে। আপোনালোকে এই সাহস আৰু মৰম দি যাব যাতে দেশৰ হৈ খেলিব পৰাকৈ আমাৰ বীৰ আৰু আগুৱাই যায়... ( Assamese News )


No comments:

Post a Comment

Advertisement

Pages