লাচিত বৰফুকন নামেৰে ৱেব প’ৰ্টেল আৰু এপ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

লাচিত বৰফুকন নামেৰে ৱেব প’ৰ্টেল আৰু এপ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই : Assamese News

Assamese News


আগ্ৰাসী মোগলে তেঁওলোকৰ প্ৰায় ৩০০ বছৰতকৈও অধিক সময়ৰ ৰাজত্বকালত বৰ্তমান ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ সেই সময়ৰ মাত্ৰ দুজন বীৰক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল । তাৰে এজন আছিল ছত্ৰপতি শিৱাজী মহাৰাজ আৰু দ্বিতীয়জন বীৰ লাচিত বৰফুকন ।  ( Assamese News )


শিৱাজী মহাৰাজৰ পৰাক্ৰম আৰু সুনিপুণ যুদ্ধ কৌশলৰ বাবে মোগলে মাৰাঠা ৰাজ্য দখল কৰিবলৈ সক্ষম হোৱা নাছিল আৰু বীৰ লাচিত বৰফুকনৰ বীৰত্ব, যুদ্ধ নিপুণতা আৰু অফুৰন্ত স্বদেশপ্ৰেমৰ বাবে কোনোদিনে অসম দখল কৰিব পৰা নাছিল । আজিৰ প্ৰেক্ষাপটত ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰাক্ৰম আৰু যুদ্ধ নিপুণতা বিশ্ববিখ্যাত, কিন্তু অপ্ৰিয় হ’লেও সত্য যে শিৱাজী মহাৰাজতকৈ আগৰ আৰু তেঁওতকৈ আগতেই মোগলক পৰাজিত কৰা লাচিত বৰফুকন প্ৰবল পৰাক্ৰমী আৰু যুদ্ধ কৌশলত সুনিপুণ হোৱাৰ পাছতো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত লাচিত বৰফুকনে পাবলগা সন্মানৰ পৰা বঞ্চিত হৈ ৰ’ল ।

           অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰবল ইচ্ছাত বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰে দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । তাৰ ফলস্বৰূপেই ভাৰতৰ তদানীন্তন মহামহিম ৰাষ্ট্ৰপতি ৰাম নাথ কোভিন্দ ডাঙৰীয়াই যোৰহাটৰ হোলোংপাৰত লাচিত বৰফুকনৰ মৈদাম থকা অঞ্চলত বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । লগে লগে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী গাম্ভীৰ্যপূৰ্ণভাৱে আৰম্ভ হৈছিল । লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বছৰযোৰা কেইবালনীয়া কাৰ্যসূচীৰ অংশ হিচাপে সেই সময়ৰ মহামহিম ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ডাঙৰীয়াই কামৰূপ জিলাৰ আলাবৈত বীৰ লাচিত বৰফুকন আৰু তেঁওৰ স্বহীদ সৈনিকসকলৰ স্মৃতিত যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিছিল । মহাবীৰ গৰাকীৰ বছৰযোৰা জন্মজয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে জিলাই জিলাই লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰত্যেকখন জিলাতে উপায়ুক্তসকলৰ নেতৃত্বত আড়ম্বৰপূৰ্ণভাৱে ’লাচিত দিৱস’ৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰিছে । আনহাতে অসম চৰকাৰে lachitbarphukan নামৰ এটা 'মোবাইল এপ’ আৰু ’প’ৰ্টেলো’ মুকলি কৰিছে । ইয়াৰ লগে লগে বীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত এখন উচ্চ মানদণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰি থকা হৈছে আৰু বিশিষ্ট লেখকসকলৰ লেখা সম্বলিত লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে । ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান নতুন দিল্লীত পাতিবলৈ মনস্থ কৰিছে আৰু অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানলৈ অসম চৰকাৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছে । এই কাৰ্যসূচীৰ বাবে সকলোৰে দিহা-পৰামৰ্শ তথা নতুন দিল্লীত অংশগ্ৰহণ কামনা কৰিছো । ( Assamese News )


             লাচিত বৰফুকন নামেৰে ৱেব প’ৰ্টেল আৰু এপ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই


বীৰ জোৱান জনৰ ৪০০ বছৰীয়া এই জন্মজয়ন্তী উপলক্ষে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে লাচিত বৰফুকন এপ আৰু পৰ্টেল।


জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপ আৰু পৰ্টেল মুকলি কৰে।


মুখ্যমন্ত্ৰী শৰ্মাই কয়- অহা ২৪ নৱেম্বৰত ৰাজ্যবাসীয়ে লাচিত দিৱস পালন কৰিব। এই দিৱস এইবাৰ মাইলৰ খুটা। ৪০০ বছৰীয়া এই জন্মজয়ন্তী আৰম্ভ কৰা হৈছিল কলাক্ষেত্ৰত, য’ত পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে মুকলি কৰিছিল। লাচিত বৰফুকনৰ ওপৰত নতুন প্ৰজন্মই কেনেকৈ জানিব, তাৰ বিষয়ে জানিবলৈ আজিৰ পৰা বিশেষ কাৰ্যসূচী মুকলি কৰিব বিচাৰিছো। য’ত মানুহে লাচিত বৰফুকনৰ কাৰণে লিখিব পাৰে।


তেওঁ কয়- বহিঃৰাষ্ট্ৰৰ লগতে দেশবাসীয়েও মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব ইয়াৰ জৰিয়তে। কাগজৰ দুই পিঠিত লিখি প’ৰ্টেলত বা এপত আপলোড কৰিব পাৰিব। প’ৰ্টেলত কাগজখন নিজে নিজে আপলোড হ’ব। কাগজত নিলিখিলেও প’ৰ্টেলত লিখিব পাৰিব।


লাচিত বৰফুকনৰ পুথি প্ৰণয়নৰ কাম আৰম্ভ হৈছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়- প্ৰধানমন্ত্ৰীয়ে এই পুথি লাচিত বৰফুকনৰ জয়ন্তীৰ দিনা মুকলি কৰিব। লাচিত বৰফুকনৰ তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ২৩ নৱেম্বৰত মুকলি কৰিব অমিত শ্বাহে। এই তথ্য চিত্ৰখন পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় আৰু অন্তঃৰাষ্ট্ৰীয় চেনেলত দেখুওৱা হ’ব।


ইয়াৰ উপৰি অহা ১৮ নৱেম্বৰত অসমৰ সকলো শিক্ষানুষ্ঠানতে লাচিত বৰফুকনৰ ওপৰত এখন ৰচনা-লিখা প্ৰতিযোগিতাও আয়োজন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে লগতে সকলো শিক্ষানুষ্ঠানকে ৰচনা জমা দিবলৈ বাধ্যতামূলক কৰিছে।


Pijush Hazarika

Himanta Biswa Sharma


 ( Assamese News )


No comments:

Post a Comment

Advertisement

Pages