অনিয়মীয়া পাঠদানত বিপদত জংগলপাৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্র-ছাত্রী। ( Assamese News )
দৰঙৰ দলগাঁৱৰ জংগলপাৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ শ্বহিদুল ইছলাম তালুকদাৰৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতিৰ অভিযোগ বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ।
ভেঞ্চাৰ বিদ্যালয় হোৱা হেতুকে অন্ধকাৰ ভৱিষ্যতৰ উপক্ৰম হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰীৰ। অভিযোগ অনুসৰি, ভেঞ্চাৰ বিদ্যালয়খনৰ পাঠদান ৯ বজাৰ পৰিৱৰ্তে আৰম্ভ হয় ১১ বজাৰ পৰা। ৬ টা বিষয়ৰ ভিতৰত দৈনিক অতিমাত্র ২ টা বিষয়তহে দিয়া হয় পাঠদান। এই সদৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষক সোধাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ শিক্ষার্থীৰ পাঠ্যক্রম সম্পূর্ণ হোৱাই নাই। ইফালে চূড়ান্ত পৰীক্ষালৈ আছে মাথোঁ তিনি মাহ। শিক্ষার্থীসকলে কয় যে— এনেকৈ পৰীক্ষা দিলে ফেইল কৰাৰ বাহিৰে উপায় নাই। আমাৰ জীৱনক লৈ হেতালি খেলা হৈছে, যাক লৈ বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়নৰত ছাত্র-ছাত্রীসকল মানসিকভাৱে ভাগি পৰিছে।
উল্লেখযোগ্য যে চাৰিওফালে প্রতিযোগিতামূলক শিক্ষা প্রতিষ্ঠান গঢ়ি উঠাৰ বাবে অধ্যক্ষগৰাকীয়ে এসময়ত আজিব ভুক্তভোগী শিক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ ভালকৈ শিক্ষাদানৰ প্ৰতিশ্ৰুতিৰে ভৰ্তি কৰাইছিল ভেঞ্চাৰ বিদ্যালয়খনত। সেই প্রতিশ্রুতিয়েই যেন অভিশাপ হৈছে শিক্ষাৰ্থীসকলৰ। ( Assamese News )
ইফালে অধ্যক্ষ শহিদুল ইছলাম তালুকদাৰৰ পৰা সাংবাদিকে বিচৰা প্ৰতিক্ৰিয়াত অধ্যক্ষগৰাকীয়ে বিদ্যালয় তথা শ্রেণীত উপস্থিত নথকা শিক্ষার্থীয়েহে এনে অভিযোগ উত্থাপন কৰিছে বুলি মন্তব্য কৰাৰ লগতে এই বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ক্ষেত্ৰত খেলি মেলি হোৱাৰ কথাও স্বীকাৰ কৰে শিক্ষকজনে।
আনহাতে, বিদ্যালয়খন ভেঞ্চাৰ হোৱা হেতুকে কোনো শিক্ষকে নাপাই দৰমহা যাৰ বাবেই পাঠদানত অসুবিধা হৈছে বুলিও কয় অধ্যক্ষগৰাকীয়ে এতিয়া প্ৰশ্ন হৈছে বিদ্যালয়খন ভেঞ্চাৰ হোৱাৰ বাবেই পাঠদানৰ পৰা বঞ্চিত হৈছে নেকি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়নৰত শিক্ষার্থীসকল? যদি উপযুক্ত পাঠদান দিব নোৱাৰে তেন্তে অধ্যক্ষজনে ছাত্র ছাত্ৰীৰ ঘৰে ঘৰে গৈ প্রতিশ্রুতি দি কিয় ভৰ্তি কৰাইছিল ভেঞ্চাৰ বিদ্যালয়খনত ? আগন্তুক চূড়ান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল কেনে হ'ব এয়া এক ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। ( Assamese News )
No comments:
Post a Comment