তেজপুৰৰ হজৰাপাৰত মঞ্চস্থ ‘লাচিত বুৰঞ্জী লিখা তৰোৱাল’ : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

তেজপুৰৰ হজৰাপাৰত মঞ্চস্থ ‘লাচিত বুৰঞ্জী লিখা তৰোৱাল’ : Assamese News

Assamese News


৪০০ বছৰীয়া জয়ন্তীত বীৰ লাচিতক ব্যতিক্ৰমী সোঁৱৰণ । লাচিতৰ চৰিত্ৰত মিষ্টাৰ ইণ্ডিয়াখ্যাত বিজিত গগৈ। লাচিতৰ পত্নীৰ ৰূপত আঙুলৰতা ডেকা ।পিছ পৰি নাথাকিল পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভাও । ( Assamese News ) 


তেজপুৰৰ হজৰাপাৰত মঞ্চস্থ ‘লাচিত বুৰঞ্জী লিখা তৰোৱাল’ । ৪০০ বছৰীয়া জন্মজয়ন্তীৰ প্ৰাকক্ষণত মঞ্চস্থ নাটখন । অভিনয়ত বিধায়ক পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভা । লাচিতৰ পত্নীৰ চৰিত্ৰত অভিনয় আঙুৰলতা ডেকাৰ । লাচিতৰ চৰিত্ৰত অভিনয় মিষ্টাৰ ইণ্ডিয়া খ্যাত বিজিত গগৈৰ । উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক দেখা গ’ল চ্যুকাফাৰ ৰূপত


লাচিতৰ পত্নীৰ চৰিত্ৰত অভিনীত আঙুলৰতা ডেকাই কলে এনেদৰে-


"আজি ৰণৰ তেজীঘোঁৰা চেকুৰিছে৷ এইবাৰ দুৰ্নীবাৰ গতিৰে আহোম সেনাই জঁপিয়াই পৰিব শত্ৰুৰ ওপৰত৷ বহুদিন বহুবাৰ শতৰু আহিল৷ প্ৰতিবাৰে শতৰুক পদানত কৰি মোৰ দেশৰ বীৰ বীৰংগণাই ইতিহাস ৰচিলে৷ আকৌ হ'ব নতুন অভিলেখ, নতুন ইতিহাস৷ বুৰঞ্জীৰ পাতত হয়টো লিখা ৰ'ব আন এক গৌৰৱ গাথাঁ৷ হে মোৰ বুকুৰ আপোন বঙহৰ দেউ৷ আপুনি আগবাঢ়ক৷ দেশৰ হকে জাতিৰ হকে, উচৰ্গিত যি জীৱন তাৰ ওপৰত মোৰ অধিকাৰ নাই৷ কেচাইখাটি গোসাঁনীৰ ওচৰত সেৱা লৈ আশীৰ্বাদ বিচাৰিছোঁ আপুনি যাতে ৰণত জিনি দেশমাতৃৰ মান বৃদ্ধি কৰে৷" ( Assamese News ) 


উক্ত সংলাপটো, কালি নিশা তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়ামৰ বাকৰিত মঞ্চস্থ হোৱা নয়নজ্যোতি ভট্টাচাৰ্যৰ গ্ৰন্থৰ আধাৰত আৰু পুলক কুমাৰ ডেকাৰ নাট্যৰূপ/পৰিকল্পনা/পৰিচালনাৰে লাচিত: বুৰঞ্জী লিখা তৰোৱাল শীৰ্ষক নাট খনিত আসন্ন যুদ্ধৰ দুৱাৰদলিত লাচিত বৰফুকনক উদ্দেশ্যি তেখেতৰ পত্নীৰ চৰিত্ৰত অভিনীত মোৰ এক হৃদয়স্পৰ্শী সংলাপ৷ ইয়াৰ জৰিয়তে জনালোঁ বীৰ লাচিত বৰফুকনৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত৷ 


গৌৰৱেৰে কওঁ, উক্ত সংলাপৰ জৰিয়তে পৰিস্ফুট হোৱা আহোম ৰমনীৰ সাহস, ত্যাগ আৰু ধৈৰ্য্যৰ অমৰ গাথাঁয়ে অসমীয়া নাৰীক যুগে যুগে উদ্বুদ্ধ কৰি যাব৷  ( Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages