আজি জনতা ভৱনত আহমেদাবাদৰ আদানী এয়াৰ প'ৰ্টছ হোল্ডিং লিমিটেডৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। বৈঠকত নতুন সংহত টাৰ্মিনেল বিল্ডিং নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত সহায়ক আন্তঃগাঁথনি, যেনে পথ আদিৰ বিষয়ত আলোচনা কৰি টাৰ্মিনেল ভৱনৰ বাবে কাৰ্য পৰিকল্পনাৰে কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি জনসাধাৰণৰ সুবিধাৰ্থে সোনকালে মুকলি কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰে। ( Assamese News )
বৈঠকত মাননীয় বিধায়ক শ্ৰীহেমাংগ ঠাকুৰীয়া, মুখ্যমন্ত্ৰীৰ মাননীয় প্ৰধান সচিব শ্ৰীসমীৰ কুমাৰ সিনহা, মাননীয় পৰিবহণ আয়ুক্ত আদিল খান, কামৰূপ (মহানগৰ) আৰু কামৰূপৰ মাননীয় উপায়ুক্তদ্বয় ক্ৰমে শ্ৰীপল্লৱ গোপাল ঝা আৰু শ্ৰীকীৰ্তি জল্লি, এ এ এইচ এলৰ মাননীয় মুখ্য উন্নয়ন বিষয়া শ্ৰীৰবীন্দ্ৰ ৰেড্ডী, মাননীয় প্ৰকল্প প্ৰভাৰী শ্ৰীশান্তনু ঘোষ, মাননীয় মুখ্য বিমানবন্দৰ বিষয়া শ্ৰীউৎপল বৰুৱাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
গৌড়িয় মিছনৰ মাননীয় অধ্যক্ষ শ্ৰদ্ধাৰ আচাৰ্য শ্ৰীল বি এছ সন্ন্যাসী মহাৰাজে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হয়। আমাৰ সমাজখনক কেনেকৈ অধিক মানৱীয় প্ৰমূল্যবোধেৰে ভাতৃত্ববোধৰ ভাব জগাই তুলিব পাৰি সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু আচাৰ্যগৰাকীয়ে কিছুপৰ বার্তালাপ কৰে।
আজি ভাৰতৰ টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ (TRAI)ৰ অধ্যক্ষ ড° পি ডি বাঘেলাই জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয়। যোগাযোগ খণ্ডৰ সৈতে জড়িত একাধিক বিষয়ৰ দিশত অধ্যক্ষগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ কৰে। ( Assamese News )
আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি সৰোজ পুখুৰীৰ সম্পাদক শ্ৰীভৱকান্ত বৈশ্যই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পাঁচ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানৰ বাবে অসম চৰকাৰৰ হৈ মুখ্যমন্ত্রীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
আজি শ্ৰীসীৰ্দি সাইবাবা মন্দিৰৰ মাননীয় ন্যাসৰক্ষীসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰে। তেখেতসকলৰ এই বদান্যতাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ( Assamese News )
No comments:
Post a Comment