মাত্ৰ ৫০ টকাৰ বিনিময়ত পালে ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ী : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 25, 2022

মাত্ৰ ৫০ টকাৰ বিনিময়ত পালে ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ী : Assamese News

Assamese News


 বৰপেটাৰোডৰ ৯৪ সংখ্যক ৰাস মহোৎসৱৰ ৰাস মন্দিৰ উন্নয়নৰ বাবে আয়োজিত উপহাৰ কুপন খেল যোৱা কালি নিশা অনুষ্ঠিত হৈ যায়।( Assamese News )  


 উপহাৰ কুপন খেলৰ প্ৰথম উপহাৰ ট'য়'তা ইনোভা লাভ কৰে বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ কালপানীৰ গোলাগাঁৱৰ ৰবিৰাম বসুমতাৰীয়ে। মাছ মাৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ৰবিৰাম বসুমতাৰীৰ অৱশেষত কপাল ফুলিল মাত্ৰ ৫০ টকাত।


৫০ টকাৰ বিনিময়ত উপহাৰ কুপন খেলৰ প্ৰথমন পুৰস্কাৰ লাভ কৰিলে প্ৰায় ১৮ লক্ষাধিক টকাৰ ট'য়'তা ইনোভা বাহনখন। প্ৰথম পুৰস্কাৰ লাভ কৰি আনন্দত আত্মহাৰা ৰবিৰাম বসুমতাৰী। বৰপেটাৰোড ৰাস মহোৎসৱ সমিতিয়ে আয়োজন কৰা ৰাসমন্দিৰ উন্নয়নকল্পে আয়োজিত উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰ হিচাপে প্ৰায় ১৮ লাখ টকা মূল্যৰ ইনোভাৰ লগতে কেইবাখনো বিলাসী বাহন উপহাৰ ৰাখিছিল।( Assamese News )  


মাত্ৰ ৫০ টকাৰ বিনিময়ত পালে ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ী


৫০ টকীয়া মূল্যৰ ১০০ টকাৰে মাত্ৰ দুটা টিকট ক্ৰয় কৰিছিল মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কালপানীৰ ৰবিৰাম বসুমতাৰীয়ে।


বুধবাৰে বৰপেটাৰোডৰ ৰাসৰ অন্তিম দিনটোত নিশা অনুষ্ঠিত হোৱা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ৰবিৰামে।


বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ হিচাপে থকা প্ৰায় ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ীখন লাভ কৰি উৎফুল্লিত হৈ পৰিছে ৰবিৰাম বসুমতাৰী ওৰফে লাইথাৰ পৰিয়াল।( Assamese News )  

No comments:

Post a Comment

Advertisement

Pages