হানিমুনলৈ গৈ কিয় পত্নীৰ সন্মুখত মৃত্যক সাৱটি ললে ৰঙিয়াৰ মুনজিৎ দাসে জানি লওক : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 22, 2022

হানিমুনলৈ গৈ কিয় পত্নীৰ সন্মুখত মৃত্যক সাৱটি ললে ৰঙিয়াৰ মুনজিৎ দাসে জানি লওক : Assamese News

Assamese News


মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে, মৃত্যুৰ পূৰ্বে পত্নীক কৈ গ’ল – ‘তুমি ভাল ল’ৰা এজন চাই আকৌ বিয়াত বহিবা'। ( Assamese News ) 


মৰ্মান্তিক! কাৰোৰে জীৱনত নঘটক এনে ঘটনা...হানিমুনলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে ৰঙিয়াৰ মুনজিৎ দাসে। ছিকিমৰ নাথুলালৈ ফুৰিবলৈ গৈ অক্সিজেনৰ অভাৱত মৃত্যু। শিলিগুৰি চিভিল হাস্পতালত পত্নীৰ সন্মুখত মৃত্যু ঘটে মুনজিতৰ। শিক্ষিত যুৱকজনৰ বিয়োগত ৰঙিয়াত শোকৰ ছাঁ।


অকাল মৃত্যুক সাৱতিলে ৰঙিয়াৰ এজন যুৱকে, মৃত্যুৰ পূৰ্বে পত্নীক কৈ গ’ল “তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা”


নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। হানিমুনলৈ গৈ পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত ৰঙিয়াৰ এজন যুৱকে। ছিকিমৰ উমথাঙলৈ ফুৰিবলৈ গৈ পত্নীৰ সন্মুখতে মৃত্যুক সাবটি ল’লে ৰঙিয়াৰ মুনজিৎ দাসে।


মৃত্যুৰ আগমুহূৰ্তত পত্নীক এষাৰি বাক্য কৈ গল – ‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা, মই আৰু জীয়াই নাথাকিম চাগে!’ এইষাৰ  কৈয়ে দেহৰ পৰা মাহ হালধিৰ গোন্ধ আঁতৰ নৌহওতেই ইহ সংসাৰ ত্যাগ কৰিলে ৰঙিয়া নগৰৰ ৫নং ৱাৰ্ডৰ শান্তিপুৰৰ ৩০ বছৰীয়া উদীয়মান যুৱক মুনজিৎ দাসে। ( Assamese News ) 



জানিব পৰা অনুসৰি, নতুনকৈ বিবাহপাশত আৱদ্ধ হৈ ছিকিমলৈ ফুৰিবলৈ গৈছিল দম্পতীহাল। অক্সিজেনৰ অভাৱত মুনজিৎ দাসে মৃত্যুক আঁকোৱালি লয় বপলি জানিব পৰা গৈছে। আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানীত অনলাইনযোগে কৰ্মৰত মুনজিতে যোৱা ১৪ নৱেম্বৰত পত্নীৰ সৈতে ছিকিমলৈ ফুৰিব গৈছিল।


ছিকিমৰ ওখ ঠাই উমথাং পোৱাৰ পিছতে অতি কম পৰিমাণে অক্সিজেন পোৱাত মুনজিতে উশাহ–নিশাহত যথেষ্ট কষ্ট পাই আৰু যুৱকজনৰ স্থাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। সেই স্থানতে থকা স্বাস্থ্য কেন্দ্ৰ এটাত পত্নিয়ে  মুনজিতক ভৰ্তি কৰাই যদিও চিকিৎসকে অক্সিজেন কম পোৱা বুলি কৈ প্ৰাথমিক চিকিৎসা কৰি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ নিবলৈ পৰামৰ্শ দিয়ে।


চিকিৎসকৰ পৰামৰ্শ মানি দুয়ো লগে লগে ছিকিমৰ পৰা উভতি আহে কিন্তু তেতিয়ালৈ মুনজিতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। পত্নীয়ে উপায়ন্তৰ হৈ নিউ জলপাইগুৰিৰ এখন নাৰ্ছিংহোমত স্বামীক ভৰ্তি কৰাই যদিও পত্নীৰ চকুৰ সন্মুখতে মুনজিৎ দাসে মৃত্যুক সাবটি লয় 


পত্নীয়ে ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে লগে লগে নিউজলপাইগুৰিলৈ ৰাওনা হয়। পুৱতি নিশা তেওঁৰ নশ্বৰ দেহ ৰঙিয়াৰ শান্তিপুৰৰ বাসগৃহত লৈ অহাত শোকৰ ছাঁ পৰে। ( Assamese News ) 


No comments:

Post a Comment

Advertisement

Pages