ঐতিহাসিক মৰাণ জনগোষ্ঠীৰ এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

ঐতিহাসিক মৰাণ জনগোষ্ঠীৰ এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল : Assamese News

Assamese News


অসম চৰকাৰে ২০১৮ চনত প্ৰথম বাৰৰ বাবে প্ৰদান কৰা বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰাক্তন সভাপতি, বৰ্তমান কাৰ্যকালৰ মুখ্য উপদেষ্টা তথা বয়সেও হাৰ মনাব নোৱাৰা অক্লান্ত সমাজকৰ্মী সুখীধৰ দহোটীয়া ডাঙৰীয়াৰ আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত তিনিচুকীয়া জিলাৰ বৰমেচাই গাঁৱৰ নিজ গৃহত বিয়োগ ঘটে। তেখেতৰ বিয়োগৰ খৱৰ পাই অতিকে মৰ্মাহত হৈছো। তেখেতৰ বিয়োগে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি কৰিলে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।( Assamese News ) 


মৰাণ জনগোষ্ঠীৰ এজন জাতীয় বোদ্ধিক বীৰ সুখীধৰ দহোতীয়া দেৱৰ মহাপ্ৰস্থান ৹ ৹ ৹  !!!

==============================

হ'ল, হ'ল, হ'ল, হ'ল ৹ ৹ ৹

ঐতিহাসিক মৰাণ জনগোষ্ঠীৰ

এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল

এজন জাতীয় বীৰ নোহোৱা হ'ল !!

জাতিৰ স্বাৰ্থত দিহিঙে-দিপাঙে

ৰ'দ - বৰষুণ, বোকা-পানী খচকি

হেলাৰঙে মূৰ পাতি অলৌ-তলৌকৈ

সভা-সমিতিৰ হিৰোমণি স্বৰূপ মানুহজন

আজি নোহোৱা হ'ল, আজি নোহোৱা হ'ল !!( Assamese News ) 

হ'ল, হ'ল. হ'ল, হ'ল ৹ ৹ ৹

আজি প্ৰতিজন আত্মীয়-কুটুম আৰু গুণমুগ্ধৰ

বুকু শুদা হ'ল , বুকু শুদা হ'ল ৹ ৹ ৹

এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল

এজন জাতীয় বীৰ নোহোৱা হ'ল !!

স্মৃতিগ্ৰন্থ,মুখপত্ৰ আৰু যে কত' কিতাপৰ পৃষ্ঠা 

আজিৰ পৰা একেবাৰেই উকা হ'ল 

আজি এজন জাতীয় বীৰ সেনাপতি হেৰাই গ'ল

বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক 

সমাজৰ এজন পাকৈত সংগঠক

কাপ মৈলামৰ এজন সু‌লেখক 

জাতিৰ এজন মান্য অভিভাৱক 

মান্যবৰ সুখীধৰ দহোতীয়া দেৱ হেৰাই গ'ল

কলা-কৃষ্টি, সংস্কৃতিৰ এজন সাধক হেৰাই গ'ল 

সঁচা মনৰ এজন ভালৰো ভাল মানুহ হেৰাই গ'ল

এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল

এজন জাতীয় বীৰ নোহোৱা হ'ল !!

জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে 

সৰ্বলোকৰ বুকুৰ আপোনজন হৈ

বিশালতাৰ সাগৰত জুবুৰি খাই

মহামিলনৰ আদৰ্শেৰে মহীয়ান মানুহজন 

ধৰাৰ বুকুৰ পৰা  চিৰদিনলৈ আঁতৰি গ'ল

এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল 

এজন জাতীয় বীৰ নোহোৱা হ'ল !!

হ'ল, হ'ল, হ'ল, হ'ল ৹ ৹ ৹

ঐতিহাসিক মৰাণ জনগোষ্ঠীৰ 

এজন বৌদ্ধিক বীৰ নোহোৱা হ'ল 

এজন জাতীয় বীৰ নোহোৱা হ'ল !!

ঔম শান্তি ৹ ৹ ৹ 

শান্তি ৹

শান্তি ৹ ৹

শান্তি ৹ ৹ ৹  !!!


Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages