গোলাঘাটত আৰম্ভ হ’ল ‘গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা- ২০২২ : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

গোলাঘাটত আৰম্ভ হ’ল ‘গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা- ২০২২ : Assamese News

Assamese News


ৰাজ্যখনৰ নতুন প্ৰজন্মক উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই নিবলৈ হ'লে সম্প্ৰতি যি আন্দোলনৰ সৰ্বাধিক প্ৰয়োজন, সেয়া হৈছে গ্ৰন্থ অধ্যয়নৰ আন্দোলন। ( Assamese News ) 


গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হ’ল ভক্স পপুলীৰ উদ্যোগত আয়োজিত হ’ব লগা গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ লাইখুটা। অহা ১৮ৰ পৰা ২৭ নৱেম্বৰলৈ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা। ভক্স পপুলীৰ উদ্যোগত গোলাঘাটত অনুষ্ঠিত হ’বলগা এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ এইবাৰৰ সভাপতি কৃষিমন্ত্ৰী অতুল বৰা।


গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত "গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা-২০২২"ৰ শুভ উদ্বোধনী অনুষ্ঠান । এই সাহিত্য উৎসৱে জিলাখনৰ লগতে ৰাজ্যৰ অধ্যয়নপিপাসু প্ৰতিগৰাকী ব্যক্তিক উপকৃত কৰিব বুলি দৃঢ় বিশ্বাসী।


১৮ নৱেম্বৰৰৰপৰা ২৭ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই সাহিত্য উৎসৱৰ মহৎ উদ্দেশ্যক সফল কৰি তুলিবলৈ সাহিত্যানুৰাগী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ( Assamese News )


বিশিষ্ট সাহিত্যিক শ্ৰী ৰঞ্জু হাজৰিকা ডাঙৰীয়াই শুভ উদ্বোধন কৰা আজিৰ এই অনুষ্ঠানত খুমটাই সআমিমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়া ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰী কাজল শইকীয়া, ডাঃ প্ৰকাশ কাকতি প্ৰমুখ্যে সাহিত্যানুৰাগী ব্যক্তিসকল উপস্থিত থাকে।  ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages