মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা 'অসম মিলেট অভিযান'ৰ শুভাৰম্ভণি : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 16, 2022

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা 'অসম মিলেট অভিযান'ৰ শুভাৰম্ভণি : Assamese News

Assamese News


অসম মিলেট অভিযানে ৰাজ্যৰ কৃষি খণ্ডলৈ নতুন দিগন্ত কঢ়িয়াই আনিব। এই অভিযানে কৃষি খণ্ডৰ উৎপাদনমুখিতা বৃদ্ধি কৰি ৰাজ্যৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ লগতে পৰিপুষ্টিজনিত দিশসমূহ পূৰণ কৰিবলৈ সমৰ্থ হ'ব - - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ( Assamese News )


অসমৰ বিভিন্ন জিলাৰপৰা অহা কেইবা সহস্ৰাধিক কৃষকৰ উপস্থিতিত আজি খানাপাৰাত আয়োজিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে 'অসম মিলেট অভিযান'ৰ শুভাৰম্ভ কৰিলে। লগতে ৬টা মাটি পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ, ২টা জ্ঞান কেন্দ্ৰও ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত উৎসাহিত কৰাৰ লগতে হিতাধিকাৰীসকলৰ মাজত কৃষি আঁচনিৰ অধীনত পাৱাৰ টিলাৰ, পাম্প ছেট, মিনি ট্ৰাক, হাৰ্ভেষ্টাৰ, আৰ্থিক সাহায্য, শস্যৰ বীজ বিতৰণ কৰি আধুনিক কৃষিত মনোনিৱেশ কৰিবলৈ কৃষক ৰাইজক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেৰণা যোগালে । আজিৰ এই বিশেষ দিনটো অসমৰ কৃষিখণ্ডৰ বিকাশ যাত্ৰাত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব।


কৃষক ৰাইজৰ আয় বৃদ্ধিৰে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নীত কৰাই প্ৰধান লক্ষ্য। আজি শুভ উদ্বোধন কৰা মিলেট অভিযানো এই লক্ষ্যৰেই গুৰুত্বপূৰ্ণ অংশ। মিলেট এনে এবিধ শস্য, যাৰ ঔদ্যোগিক মূল্য বহু বেছি আৰু ইয়াত থকা পুষ্টিৰ পৰিমাণো বেছি। এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৃষকসকলে যাতে মিলেটৰ খেতি কৰি অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰে, তাৰ বাবেই এই নতুন আঁচনিখন গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অধীনত অহা ৭ বছৰত মিলেটৰ কৃষিভূমি ২৫ হাজাৰ হেক্টৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ( Assamese News )


মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ যি মহৎ লক্ষ্য, সেই লক্ষ্যক বাস্তৱায়িত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। তদুপৰি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ চেষ্টাও অব্যাহত ৰাখিছে। আজিৰ এই কাৰ্যসূচী তাৰেই অংশবিশেষ।


আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়া, শ্ৰী যোগেন মহন ডাঙৰীয়া, শ্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, শ্ৰী বিমল বড়া ডাঙৰীয়া, শ্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়া, অসম বীজ নিগমৰ অধ্যক্ষ শ্ৰী প্ৰবীণ হাজৰিকা ডাঙৰীয়া, অসম অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ শ্ৰী মনোজ বৰুৱা ডাঙৰীয়া, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ, অসম বীজ নিগম লিমিটেডৰ উপাধ্যক্ষ, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক শ্ৰী অনন্তলাল জ্ঞানী, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক আৰু বিভাগীয় অন্যান্য বিষয়াসকল উপস্থিত থাকে। ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages