জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্মদিন : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 14, 2022

জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্মদিন : Assamese News

Assamese News


মামণি ৰয়ছম গোস্বামী, অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।  ( Assamese News )


সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।


গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।অসমত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল। 


নৰক–যন্ত্ৰণাৰ মাজতো তেওঁ গভীৰ আস্থাৰে লিখিছিল জীৱনৰ জয়গান। তেওঁৰ বাবে জীৱনটোৱেই হ'ল জীৱনবোধৰ পাঠ। নিজৰ জীৱন দাপোনত মুৰ্ত্ত  আন বহু জীৱনৰ দুখ–দুৰ্গতিবোৰ প্ৰতিফলিত কৰিছিল কলমেৰে। ৰচনা কৰিছিল দুৰ্ভগীয়াজনৰ মুক্তিৰ পথ।  ৰূপান্তৰৰ দ্ৰষ্টা আৰু স্ৰষ্টা ড° মামণি ৰয়ছম গোস্বামীৰ আজি ওপজা দিন । তেওঁৰ প্ৰিয় ৰং ৰঙা, প্ৰিয় ফুল ৰঙা গোলাপ, প্ৰিয় নদী– ৰঙানদী। এই ৰঙাবোৰেই হ’ল বিদ্ৰোহী সত্বাটোৰ বাস্তৱ প্ৰতিফলন। তেওঁ পৰিধান কৰা ৰঙা সাজযোৰ–ৰঙা ওঁঠজুৰি–কপালত জিলিকি থকা তীব্ৰ ৰঙাফোঁটটি–বিদ্ৰোহৰ প্ৰতীক। ( Assamese News )


আজি ড° মামনি ৰয়চম গোস্বামীৰ  ৮০  সংখ্যক ওপজা দিন


“ধুমুহাত মই থৈ যাওঁ

মোৰ গতি

ধুমুহা গতি ……….।।”

                         ভূপেন হাজৰিকা


বাৰে বাৰে ধুমুহা আহিছিল জীৱনলৈ আৰু সেই ধুমুহাইহে সলনি কৰি দিছিল জীৱনৰ গতি। গতিয়ে আনিছিল প্ৰগতি।হয়, সমস্ত দুখ–যন্ত্ৰণাক প্ৰত্যাহ্বান জনাই জীৱনৰ ৰণক্ষেত্ৰত সাহসেৰে অৱতীৰ্ণ হৈ জীৱন–যন্ত্ৰণা আৰু সাহিত্যক একাকাৰ কৰা এক ব্যতিক্ৰমী ব্যক্তিত্বৰ গৰাকী হ'ল ড° মামণি ৰয়চম গোস্বামী।


সত্যৰ মুখামুখি হোৱা আৰু সত্যক নিৰ্ভীকভাৱে প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰা তেওঁৰ জীৱনৰ দলিল স্বৰূপ “আধা লেখা দস্তাৱেজেই” তাৰ নিদৰ্শন।


১৪ নৱেম্বৰ ১৯৪২ চনত গুৱাহাটি,অসমত জন্ম গ্ৰহন কৰা মামণি ৰয়চম গোস্বামী বাইদেউক আজি পবিত্ৰ জন্মবাৰ্ষিকীত  শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷


 ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages