বিশিষ্ট চিত্ৰশিল্পী তথা চিনেমা পৰিচালক পুলক গগৈৰ দেহাৱসান : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

বিশিষ্ট চিত্ৰশিল্পী তথা চিনেমা পৰিচালক পুলক গগৈৰ দেহাৱসান : Assamese News

Assamese News


জনপ্ৰিয় সৃষ্টিৰাজিৰে অসমৰ কলা-সংস্কৃতিৰ জগতখনক সমৃদ্ধ কৰি থৈ যোৱা প্ৰখ্যাত চিত্ৰশিল্পী তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈ দেৱৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ( Assamese News )


এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক, এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত গগৈ দেৱৰ বিয়োগ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি। দিল্লীৰ ললিত-কলা একাডেমি, কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ পৰা আৰম্ভ কৰি দেশৰ পৰিধি ভাঙি সুদূৰ ৱাশ্বিংটনৰ হোজেছ গেলেৰী আইএনচিতো তেওঁৰ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছিল। তেওঁৰ কাৰ্টুনে একালত সমাজ ৰাজনীতিৰ বহু দিশ ব্যংগভাৱে উদঙাই দিছিল। ( Assamese News )

 

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা বিশিষ্ট চিত্ৰশিল্পী পুলক গগৈদেৱৰ জীৱনজোৰা অসমৰ কলা-সংস্কৃতিৰ সাধনাই আমাক সৃষ্টিৰ বাট দেখুৱাই গৈছে৷ তেখেতৰ মৃত্যুৰ বাতৰিয়ে অসমবাসী ৰাইজৰ অত্যন্ত মৰ্মাহত কৰিলে৷ তেখেতৰ মৃত্যু অসমৰ কলা-সংস্কৃতি জগত খনৰ বাবে এক অপূৰণীয় ক্ষতি৷ 


পুলক গগৈ দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ 


ঔঁম শান্তি৷৷

Assamese News )

No comments:

Post a Comment

Advertisement

Pages