ৰাজ্যত চিকিৎসা শিক্ষাৰ উত্তৰণৰ দিশত আমাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তিপত্ৰ স্বাক্ষৰিত হয়। এই চুক্তিখন প্ৰস্তাৱিত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লক, ইউ জি আৰু ইণ্টাৰ্ন হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে সহযোগিতাৰ হাত আগবঢ়াব। এই যৌথ পদক্ষেপে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ দিশক আগবঢ়াই নিব বুলি মই দৃঢ় বিশ্বাসী। ( Assamese News )
অসম চৰকাৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে কাম কৰাত গুৰুত্ব প্ৰদান কৰিছে যাতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কৰ্প'ৰেট সামাজিক দায়বদ্ধতা পুঁজিৰে উন্নয়নৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। বৰ্তমান বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত গৱেষণামূলক কামত গুৰুত্ব দিছে। মই আশা কৰিছোঁ ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ বিকাশত বহুখিনি সহায় কৰিব। একাডেমিক ব্লকৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা চি এছ আৰ পুঁজি আগবঢ়োৱা প্ৰতিষ্ঠানটোলৈ এই ছেগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ( Assamese News )
আজিৰ অনুষ্ঠানত সতীৰ্থ বিভাগীয় মন্ত্ৰী শ্ৰীকেশৱ মহন্ত, ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটাৰ আৰু প্ৰতিষ্ঠাপক শ্ৰীৰাধাকৃষ্ণন দামানি, দামানি ফাউণ্ডেশ্যনৰ মুখ্য চি এছ আৰ বিষয়া শ্ৰীমধু চন্দক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় প্ৰধান সচিব শ্ৰীঅবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় আয়ুক্ত সচিব শ্ৰীসিদ্ধাৰ্থ সিঙো উপস্থিত থাকে। ( Assamese News )
No comments:
Post a Comment