ক'লা সূতা পিন্ধাৰ আগতে এই সাৱধানতা অৱলম্বন কৰক : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 6, 2022

ক'লা সূতা পিন্ধাৰ আগতে এই সাৱধানতা অৱলম্বন কৰক : Assamese Horoscope

Assamese Horoscope


এই ৰাশিৰ মানুহে পাহৰিও ক'লা সূতা বান্ধিব নালাগে, লাভৰ সলনি লোকচান হ'ব পাৰে- 


ক'লা সূতাৰ পৰিধানৰ যেনেকৈ লাভ আছে তেনেদৰেই লোকচানও আছে। জ্যোতিষ শাস্ত্ৰৰ মতে মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ক'লা সূতা বান্ধিব নালাগে। মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। আৰু এই মংগল গ্ৰহৰ ৰং ৰঙা হয়। মংগল গ্ৰহৰ কলা ৰংৰ লগত সত্ৰুতা আছে। জ্যোতিষ শাস্ত্ৰৰ মতে এই ৰাশি লোকে ক'লা সূতা বান্ধিলে ধন, মান- সন্মান আৰু স্বাস্থ্য উপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ( Assamese Horoscope )


ক'লা সূতা কিদৰে বান্ধিব-

সৰু ল'ৰা-ছোৱালীক কু-চকুৰ পৰা ৰক্ষা কৰিবলৈ মানুহে প্ৰায়ে হাত, ভৰি বা ডিঙিত ক'লা সূতা বান্ধি লয়। ধর্মীয় বিশ্বাস অনুসৰি দুষ্ট চকু বা শনি দোষ দূৰ কৰিবলৈ ক'লা সূতা বান্ধি দিয়া হয়। শনিৰ ৰং ক'লা৷ এনে পৰিস্থিতিত ক'লা সূতা পিন্ধিলে আপোনাৰ ৰাশিফলত শনি গ্ৰহটো শক্তিশালী হ'ব। ইয়াৰ বাহিৰেও ক'লা সূতাই আমাক দুষ্ট চকুৰ পৰাও ৰক্ষা কৰে। কেৱল এয়াই নহয়, শনি দোষৰ পৰাও স্বাধীনতা প্ৰদান কৰে।জ্যোতিষত ক'লা সূতাৰ লগত জড়িত বহুতো প্ৰতিকাৰ আৰু ইয়াৰ গুৰুত্বৰ কথা কোৱা হৈছে। কিন্তু এনে নহয় যে ইয়াক পিন্ধিলে কেৱল লাভ হয়। কিছুমান বিশেষ ৰাশি আছে, যদি সেই ৰাশিৰ ব্যক্তিজনে ক'লা সূতা পিন্ধে, তেন্তে তেওঁৰ ক্ষতি হয়। সেই ৰাশিৰ বিষয়ে আৰু ক'লা সূতা পিন্ধাৰ সুবিধা-অসুবিধা জানো আহক-


* ক'লা সূতা পিন্ধাৰ আগতে এই সাৱধানতা অৱলম্বন কৰক-


# ক'লা সূতাডাল শক্তি প্ৰদান কৰাৰ পিছতহে পিন্ধিব লাগে।


#ইয়াৰ বাবে আপুনি এজন যোগ্য জ্যোতিষীৰ পৰামৰ্শ ল'ব পাৰে।


#ক'লা সূতা বান্ধি থকা ব্যক্তিজনে ৰুদ্ৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে।

মন্ত্ৰ - ওম তৎপুৰুষয় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰঃ প্রচোদয়ত।।


#শৰীৰৰ যি অংশত ক'লা সূতা বান্ধিছে তাত আন কোনো ৰঙীন সূতা বান্ধিব নালাগে।



ক'লা সূতা পিন্ধাৰ সুবিধা-


#মঙলবাৰে সোঁ ভৰিত ক'লা সূতা বান্ধিলে শুভ হয়। ইয়াৰ প্ৰভাৱৰ বাবে ব্যক্তিজনৰ আৰ্থিক জীৱন সুখী হৈ পৰে। ঘৰত ধন সম্পত্তি আৰু সমৃদ্ধি উপস্থিত হয়।


#ভৰিত ক'লা সূতা বান্ধিলে ভৰিৰ আঘা ভাল হয়। পেটৰ বিষত আক্রান্ত ব্যক্তিয়ে যদি এই সূতাডাল ভৰিৰ বুঢ়া আঙুলিত বান্ধি দিয়ে, তেন্তে তেওঁৰ পেটৰ বিষ কমি যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল শিশুক ক'লা সূতা পিন্ধালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।


#ক'লা সূতা ব্যৱহাৰ কৰি ঘৰখন বেয়া চকুৰ পৰা ৰক্ষা কৰা হয়। ইয়াৰ বাবে নেমু আৰু জলকীয়া এটা ক'লা সূতাত বান্ধি ঘৰৰ মূল দুৱাৰত ওলোমাই দিব পাৰে।



ক'লা সূতা পিন্ধি থাকোঁতে এই নিয়মবোৰ মনত ৰাখিব-


# মন্ত্ৰ দিয়াৰ পিছতহে ক'লা সূতা পিন্ধিব লাগে ৷


#ক'লা সূতা পিন্ধিবলৈ মঙলবাৰ আৰু শনিবাৰ বাছি লওক । এই দিনটোত সোঁ ভৰিত ক'লা সূতা বান্ধিব।


#এই দিনটোত ক'লা সূতা বান্ধিলে মানুহৰ জীৱনলৈ আহে অৰ্থনৈতিক সুখ আৰু সমৃদ্ধি।


#ইয়াৰ লগতে জ্যোতিষৰ নিয়ম অনুসৰি কোনো ব্যক্তিয়ে ক'লা সূতাৰে আন কোনো সূতা বান্ধিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages