মাটি মাহৰ দাইলে এই ভয়ংকৰ ৰোগবোৰ দূৰ কৰাত সহায় কৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 8, 2022

মাটি মাহৰ দাইলে এই ভয়ংকৰ ৰোগবোৰ দূৰ কৰাত সহায় কৰে : Assamese Health Tips

Assamese Health Tips


       মাটি মাহৰ দাইল ,মাষ কলাই ,মাহৰ ডাইল বা ইংৰাজীত - black gram আৰু হিন্দীত - উৰদ্ কি দাল   যোনে যেনেকৈয়ে নাখাওক  আমাৰ অসমীয়া সমাজত বিহু, পৰ্ব , বিবাহ আদিৰ অপৰিহাৰ্য  সামগ্ৰীৰ লগতে  বহুতো পৰিয়ালৰ বাবেও  অতি প্ৰিয়   সুস্বাদু ব্যঞ্জন ।   মাঘবিহুত  পচলা দিয়া,কাঠআলু বা গছআলু দিয়া মাটিমাহৰ  দাইল  গ্ৰাম্য পৰম্পৰাত এৰাব নোৱাৰা  খাদ্যসম্ভাৰ ।  ( Assamese Health Tips )


আনহাতে  মাহ হালধিৰে গা নুধুৱালে দৰা-কইনা জানো  শুচি হয়(?) 

       হয়, অইনবোৰ দাইলৰ নিচিনা মাটিমাহৰ দাইলো  আমাৰ শৰীৰ তথা চালৰ  বাবে অতি উপকাৰী  পোষক গুণ বিশিষ্ট শস্য  ।

#পুষ্টিকাৰক_গুণ :--- মাটিমাহত  অধিক মাত্ৰাত  প্ৰটিন থকাৰ লগতে  ভিটামিন , আইৰন, কাৰ্ব'হাইড্ৰেট, মেগনেচিয়াম ,পটেচিয়াম , থাইমিন ,নিওচিন ,ফাইবাৰ  আদি  নানাবিধ পুষ্টিগুণেৰে ভৰপুৰ ।

#ব্যৱহাৰ :-   সচৰাচৰ মাটিমাহ  ব্যঞ্জন হিচাবেই খোৱা হয় যদিও    তিয়াই মিহিকৈ থেতেলি চালত  সনা ,  তিওৱা অংকুৰিত  কেচা  মাহ খোৱা , আৰু অঞ্চলভেদে  লাড়ু, ডোচা, পৰঠা ,  পায়স, পাপৰ,জিলাপী (আমেত্তি)  আদি নানাবিধ আহাৰ্য্য  সামগ্ৰী হিচাবে ব্যৱহাৰ হয় ।

বি:দ্ৰ: #ঔষধী_বা_অধিক_পুষ্টিগুন_পাবলৈ   ফলা মাটিমাহ পানীত তিয়াই থৈ বাকলি বা চোকোলা  বেচি চফা নকৰাকৈ  ব্যৱহাৰ  কৰিব ।  আহাৰ্য হিচাবে বনাওতে  অকনমান ক্ষাৰ ,খোৱা হিং,বা পচলা  মিহলাই  ৰান্ধিলে  সোনকালে সিদ্ধ হোৱাই নহয়  ইয়াত অপগুণ  দুৰ হয় ।

#গুণাগুণ_জানো_আহক----

১।   অধিক মাত্ৰাত প্ৰটিন আৰু পৌষ্টিক উপাদান  থকাৰ বাবে   মাটিমাহে শৰীৰত বলশক্তি বঢ়োৱাৰ লগতে  মাংসপেশী  বৃদ্ধি কৰে , স্বাভাবিকতে ক্ষীন আৰু ৰক্তহীনতাত ভুগা ব্যক্তিয়ে  অংকুৰিত মাটিমাহ বা ডাইল খোৱাতো উপকাৰী  লগতে ৰক্ত সঞ্চালন  মজবুত কৰে ।  ঘীৰ লগত খোৱাতো  অধিক হিতকাৰী ।

২।  মগুমাহৰ নিচিনা মাটিমাহো  শীতল গুণ বিশিস্থ আৰু সহজে  হজম হয় । 

 ৩। #কৌষ্ঠ_কাঠিন্ন   ,   #অৰ্শ(pilse) ৰোগ   আৰু  #পাচন_শক্তি_দুৰ্বল ব্যক্তিৰ বাবে হিতকাৰী।

৪।  বৰ্ধিত কোলেষ্ট্ৰল হ্ৰাস কৰে ।

৫। উচ্চ ৰক্তচ্চাপ আৰু ডায়েবেটিচ ৰোগীৰ চুগাৰ নিয়ন্ত্ৰন কৰে ।  ( ডাক্তৰৰ পৰামৰ্শ লৈ খাব ।)

৬।  হৃদৰোগীৰ বাবে হিতকাৰি। (ডাক্তৰৰ পৰামৰ্শ লব)

৭। মাটিমাহ   খালে  মাতৃদুগ্ধ বৃদ্ধি হয় ।

৮।  পুৰুষৰ যৌনশক্তি বৃদ্ধি  হয় ।  ( Assamese Health Tips )


৯।   মাটিমাহৰ গুড়ি, আটা বা চাউলৰ গুড়ি  ,ঘী  গুড় মিহলাই  লাড়ু   বা অন্যান্য  সামগ্ৰী বনাই  নিয়মিত  খালে  স্বাস্থ্য বৃদ্ধি হয় ।

#বাহ্যিক_ব্যৱহাৰ------

১০।  মাতিমাহ তিয়াই  মিহিকৈ থেতেলাই হালধী সহ      সৰ্ব শৰীৰত ঘহি   এঘন্টা পিচত  ধুই পেলাব ।  সপ্তাহত ১--২দিন এনেকৈ  গা ধুলে  চালৰ  বিভিন্ন ৰোগ বীজানু দুৰ হোৱাৰ উপৰি  দেহৰ  শ্ৰী বৃদ্ধি  হয়।

১১। মুখত মাটিমাহৰ  প্ৰলেপ  দি   ১/২ঘন্টা পিচত পৰিস্কাৰকৈ  ধুলে  সোন্দৰ্য বৃদ্ধিৰ    লগতে শালমইনা ,পাৰ্শক্ৰিয়া জনীত ৰোগ বা অন্যান্য দাগ গুচে ।

১২। দেহৰ বগাদাগ হলে   কিছুদিন  মাটিমাহ থেতেলাই  (ৰাতি  বা অন্য সময়ত ) লেপ দিলে   দাগ গুছে । 

১৩। মুৰত  মাটিমাহৰ প্ৰলেপ  এঘন্টা ৰাখি  ধুব ॥ এনেদৰে  দীৰ্ঘদিন  ব্যৱহাৰ কৰিলে টপা মুৰত  চুলি গজে ।  আনহাতে  চুলি নসৰে আৰু সৌন্দৰ্য  বাঢ়ে ।

❌🚫🚫🚫#হানিকাৰক_গুণ 🚫🚫🚫❌

প্ৰকৃতিৰ সকলো ভাল  বস্তুৰ  উপকাৰী গুণাগুণৰ লগতে   বেয়া অপগুণো  থাকে ।  সুস্থ  লোকে মাটিমাহ  খোৱাতো ভাল যদিও 

#অত্যধিক_বা_প্ৰতিদিনে_খোৱাতো_অনুচিত ।  বহুতো  ৰোগত  চিকিত্সকে  মাটিমাহ খাবলৈ   হকা বধা কৰে । সেয়ে ৰুগীয়া লোকে   বিশেষকৈ---ঠান্ডা লাগি হব পৰা   চৰ্দি ,কাহ , জৰ ,  #স্নায়ুৰোগ ,   আৰু  #ইউৰিক_এচিদৰ  সমস্যাত ভোগা লোকে  মাটিমাহ নোখোৱাই ভাল ।  অন্যান্য বিভিন্ন জটিল ৰোগত  চিকিত্সকৰ  পৰামৰ্শ লৈহে খাব ।

       সকলোৰে সুস্বাস্থ্য কামনাৰে

            শ্ৰী যতীন দাস । মালয়বাৰী

          কামৰূপ -ম (অসম) ১৫ আগষ্ট ২০১৮চন

     


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য শ্ৰী যতীন দাসৰ  দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages