মানুহে বিয়া পাতে এখন সূখৰ সংসাৰ গঢ়িবলৈ।কিন্তু একেৰাহে কন্যা সন্তান জন্ম হলে অৰ্ধাঙ্গিনীৰ ওপৰত চলাই অত্যাচাৰ । ( Assamese Health Tips )
কিন্ত ইয়াৰ বাবে দায়ী কোন ?।অথচ প্ৰখ্যাত আয়ূৰ্বেদিক চিকিৎসক সূশ্ৰুতে কেবাহেজাৰ বছৰৰ আগতে কৈছে ইয়াৰ বাবে দায়ী পুৰুষ "তত্ৰশুক্ৰবাহুল্যাত পুমান , আৰ্তৱ বাহুল্যাত স্ত্ৰী "। অৰ্থাৎ শুক্ৰৰ বা Yক্ৰমজম বাহুল্যতাৰ বাবে ল'ৰা হয় আৰু আৰ্তব বা X ক্ৰমজম বাহুল্যতাৰ কাৰণে ছোৱালী সন্তান হয়।
এজন মানুহৰ শৰীৰত ৪৬ ক্ৰমজম থাকে।ইয়াৰে ৪৪ দৈহিক ক্ৰমজম (Autosomes) আৰু দুটা লিঙ্গ ক্ৰমজম (Sex Chromosomes) । এটা সন্তানে মাক আৰু দেউতাকৰ প্ৰত্যেকৰ পৰা ২৩ ক্ৰমজম পায় । ইয়াৰে ২২ দৈহিক ক্ৰমজম আৰু এটা লিঙ্গ ক্ৰমজম । দৈহিক ক্ৰমজমবোৰ দেখাত একেধৰণৰ। কিন্ত লিঙ্গ ক্ৰমজম দেখাত আৰু কাৰ্যক্ষেত্ৰত দূই ৰকমৰ ।
কিছুমান লিঙ্গ ক্ৰমজম দেখিবলৈ ইংৰাজী এক্স আখৰটোৰ দৰে বাবে X ক্ৰমজম বোলে আৰু কিছুমান দেখিবলৈ ওৱাই আখৰটোৰ দৰে বাবে Y ক্ৰমজম বোলে । এক্স ক্ৰমজমক স্ত্ৰী ক্ৰমজম আৰু ওৱাই ক্ৰমজমক পূৰুষ ক্ৰমজম বোলে।
স্ত্রীৰ ডিম্বত ২২ টা দৈহ ক্ৰমজম আৰু আৰু সদায় এক্স ক্ৰমজমহে থাকে যদিও স্ত্ৰীৰ এক্স ক্ৰমজম লিঙ্গ নিৰ্ণয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰি সদায় নিৰপেক্ষ হৈ থাকে। আনহাতে শুক্ৰত ২২ দৈহিক ক্ৰমজম আৰু ১টা লিঙ্গক্ৰমজম এক্স বা ওৱাই থাকে । সন্তানৰ লিঙ্গ নিৰ্ণয় পূৰষৰ এক্স বা ওৱাই ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰিহে হয় । তলত ইয়াৰ উদাহৰণ দিয়া হৈছে। ( Assamese Health Tips )
(ক) মাকৰ ক্ৰমজম 22X আৰু দেউতাকৰ ক্ৰমজম 22X হ'লে সন্তানৰ ক্ৰমজম 44XX হোৱা বাবে সন্তান ছোৱালী হয়।
(খ) মাকৰ ক্ৰমজম 22X আৰু দেউতাকৰ ক্ৰযজম 22Y সন্তানৰ ক্ৰমজম 44XY হোৱ বাবে সন্তান ল'ৰা হয়।
এতিয়া দেখা গৈছে যে সন্তান লৰা হ'বনে ছোৱালী হ'ব সেইটো সম্পূৰ্ণৰূপে শুক্ৰৰ লিঙ্গ ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু আমাৰ সমাজত অজ্ঞাতাবশত: ছোৱালী সন্তান জন্মৰ বাবে ঘৈণীয়েক দোষাৰোপ কৰা হয়।
। ডা: মনোজ কুমাৰ শইকীয়া
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment