মূত্ৰবহ প্ৰণালীৰ ৰোগ সমূহৰ ভিতৰত প্ৰায়েই দেখি থকা ৰোগ বিধ হল পাথৰ বা স্টোন। ( Assamese Health Tips )
আয়ুৰ্বেদত এই ৰোগক মূত্ৰ অশ্মৰি বুলি বৰ্ণনা কৰা হৈছে। অশ্ম মানে শিল আৰু অৰি শব্দৰ অৰ্থ হৈছে শত্ৰু। শত্ৰুৰ দৰে শৰীৰৰ ভিতৰত থাকি দেহক কষ্ট দিয়ে বাবে ইয়াক অশ্মৰি বুলি অভিহিত কৰা হৈছে।প্ৰস্বাৱৰ লগত বেছিকৈ মিনাৰেল আদি থাকিলে সাধাৰণতে এই ৰোগ হয়। আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা কিডনী স্টোনৰ অতি ফলপ্ৰসূ চিকিৎসা কৰিব পাৰি। ইউৰেটাৰ, কিডনীৰ ইউৰেটাৰৰ ওচৰত থকা অংশ, মূত্ৰাশয় আদিত অৱস্থিত পাথৰ সাধাৰণতে বেছি সহজে ওলোৱাৰ সম্ভাৱনা থাকে।
👉কিডনী স্টোনৰ কাৰণসমূহ:
অপথ্য আহাৰ গ্ৰহণ কৰা, কমকৈ পানী খোৱা, জীৱ জন্তুৰ পৰা আহৰিত প্ৰটিন বেছিকৈ খোৱা, বিলাসী জীৱন যাপন কৰা, পুষ্টিকৰ খাদ্যৰ অভাৱ, বিশেষকৈ ভিটামিন 'এ' ৰ অভাৱ, খাদ্যত বেছিকৈ নিমখ গ্ৰহণ কৰা, কেলচিয়াম আৰু ভিটামিন D3 বহু বেছি পৰিমাণে গ্ৰহণ কৰা, বিভিন্ন কাৰণত সঘনাই দেহৰ জুলীয়া দ্ৰৱ্য কমি গৈ আদ্ৰতা কমি যোৱা(dehyration), বিশেষ ভৌগোলিক পৰিবেশ, গাউত আদি মেটাবলিক ৰোগ, সঘনাই হৈ থকা মূত্ৰনলীৰ সংক্ৰমণ আদি কিডনী স্টোনৰ প্ৰধান কাৰক হিচাপে গ্ৰহণ কৰা হয়।
আয়ুৰ্বেদত অতি বেছি ব্যায়াম কৰা, বেছিকৈ গুৰু আৰু মিঠা আহাৰ খোৱা, বিদাহী খাদ্য খোৱা(অতি বেছি জ্বলা মছলা যুক্ত খাদ্য), যান বাহনত বেছি যাত্ৰা কৰা, পাচক অগ্নি নাশ হোৱা আদি কাৰণত কিডনীৰ পাথৰ হয় বুলি কোৱা হৈছে। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 12 শতাংশ লোক এই ৰোগত আক্ৰান্ত হয়। আনহাতে মহিলাৰ তুলনাত পুৰুষ এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। সমীক্ষাৰ পৰা দেখা গৈছে যে 20 ৰ পৰা40 বছৰ বয়সৰ ব্যক্তিৰ এই ৰোগ সাধাৰণতে বেছি হয় আৰু 50 বছৰ বয়সৰ পিছত ইয়াৰ সম্ভাৱনা কমি আহে। এই স্টোন সমূহক কেলচিয়াম স্টোন, ইউৰিক এচিড স্টোন, চিষ্টাইন স্টোন আদি বিভিন্ন ভাগত ভাগ কৰা হয়।
👉কিডনী স্টোনৰ প্ৰধান লক্ষণ সমূহ হল-
🔸-প্ৰস্বাৱ কৰোতে কষ্ট পোৱা আৰু বিষ তথা জ্বলা পোৰা অনুভৱ কৰা,
🔸-তল পেটৰ অংশত, কঁকালৰ ওচৰৰ পিছফালৰ অংশত বা কামীহাড়ৰ তল ফালে হঠাতে বিষ অনুভৱ কৰা, -তলপেটৰ বিষ ক্ৰমান্বয়ে কৰঙনৰ ফালে নামি যোৱা আৰু কেতিয়াবা বমি ভাৱ হোৱাৰ লগতে জ্বৰ উঠা আৰু
🔸- ৰঙচুৱা প্ৰস্বাৱ হোৱা(প্ৰস্বাৱৰ লগত তেজৰ অংশ মিহলি হৈ থাকে বাবে ৰঙচুৱা হয়) আদি। আয়ুৰ্বেদত এই ৰোগক অশ্মৰী বুলি বৰ্ণনা কৰা হৈছে।
🌿কিডনী স্টোনৰ পৰা বাচি থাকিব পৰা কিছুমান উপায় হল এনেধৰণৰ-
🌱-পৰ্যাপ্ত পৰিমাণৰ প্ৰয়োজনীয় পানীয় যেনে কুহুমীয়া পানী, ডাৱ নাৰিকলৰ পানী আদি সেৱন কৰা।
🌱-চাহ, কফি আদি সেৱনৰ পৰিমাণ কমাই দিয়া
🌱-বেকাৰীৰ খাদ্য, পেকেটত থকা খাদ্য, নিমখ আদি কমকৈ খোৱা।
🌱-জীৱ জন্তুৰ পৰা আহৰিত প্ৰটিন জাতীয় খাদ্য যেনে গাখীৰ, পনীৰ, কণী, মূৰ্গীৰ মাংস, ৰঙা মাংস(ৰেড মিট) আদি সীমিত পৰিমাণে গ্ৰহণ কৰা
🌱-তিয়ঁহ, ককৰী, কোমোৰা, পটল, চজিনা আদি নিয়মিতভাৱে গ্ৰহণ কৰা।
🌱-পালেং শাক কমকৈ খোৱা।
🌱-কুলথী দালি(হৰ্ছ গ্ৰাম) কিডনী পাথৰৰ বাবে অতি উত্তম। ইয়াক দাইল বনাই বা সুপ(Soup) হিচাপে খাব পাৰি।
🌱-বাৰ্লি আন এবিধ উত্তম খাদ্য।
কিছুমান বিশেষ ঔষধ দ্ৰব্যৰ জৰিয়তে ইয়াৰ ফলপ্ৰসূ চিকিৎসা কৰা হয়।
গোক্ষুৰ, পুনৰ্ণভা, পাতেগজা, বৰুণ, শীগ্ৰু, আদি ঔষধি গছ পোনপটীয়াকৈ আৰু আন কিছুমান বিভিন্ন দ্ৰৱ্যৰে প্ৰস্তুত কৰা ঔষধ যেনে তৃণপঞ্চমুল কৱাথ, গোক্ষুৰাদি কৱাথ, বৰুনাদি কৱাথ, গোক্ষুৰাদি গুগগোল, চন্দ্ৰপ্ৰভা বটি, হজৰুল য়াহুদ ভস্ম, শ্বেত পৰপটি আদি কিডনী স্টোন চিকিৎসা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰোগী অনুসৰি এনেবোৰ ঔষধৰ প্ৰয়োগ ভিন্ন ভিন্ন হয়। বহু সময়ত অস্ত্ৰোপচাৰ আদিৰ জৰিয়তে স্টোন উলিয়াই চিকিৎসা কৰাৰ কিছুদিন পিছত পুনৰ এই ৰোগ হোৱা দেখা যায়। কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে এনে ৰোগৰ স্থায়ীভাৱে নিৰাময় কৰিব পাৰি। ( Assamese Health Tips )
কিডনী স্টোনৰ ৰোগীৰ চিকিৎসাৰ নিজৰ অভিজ্ঞতাৰ পৰা অনুভৱ কৰো যে কিডনীৰ কেতবোৰ নিৰ্দিষ্ট স্থানত অৱস্থিত নাইবা কিডনীৰ লগতে সংলগ্ন মূত্ৰবাহী নলী আৰু মূত্ৰাশয়ত থকা বেছিভাগ স্টোন সঠিক আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে অস্ত্ৰোপচাৰ নকৰাকৈ বাহিৰ কৰিব পাৰি। অৱশ্যে সকলো ক্ষেত্ৰতে ঔষধৰ দ্বাৰা সুফল পোৱা নাযাবও পাৰে। মূত্ৰবাহী নলীৰ কিছুমান বিশেষ স্থানত অৱস্থিত হৈ থাকিলে সৰ্বোচ্চ 10mm-11 mm পৰ্যন্ত ডাঙৰ স্টোন ঔষধৰ জৰিয়তে চিকিৎসা কৰি বাহিৰ উলিওৱাৰ সম্ভাৱনা থাকে। কিন্তু ইয়াতকৈ বেছি ডাঙৰ স্টোন হলে অথবা সৰু স্টোন হলেও যদিহে ইয়াৰ ফলত ইতিমধ্যে ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটে তেন্তে শীঘ্ৰে অস্ত্ৰোপচাৰৰ আদি চিকিৎসাৰ প্ৰয়োজন হয়। গতিকে কিডনী স্টোনত ভোগা ৰোগীয়ে অপাৰেচন কৰাৰ আগতে এবাৰ অন্ততঃ অৰ্হতাসম্পন্ন চিকিৎসকৰ পৰামৰ্শ লৈ আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিব পাৰে। কিয়নো সঠিক আহাৰ বিহাৰ আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগ বহুলাংশে নিৰাময় কৰিব পাৰি।
#ডাঃ_মৃণাল_বৈশ্য, সহকাৰী অধ্যাপক, আয়ুৰ্বেদিক মহাবিদ্যালয়, জালুকবাৰী, গুৱাহাটী। মোবাইল নাম্বাৰ-9613747425
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment