পইতাচোৰা আমাৰ বাবে কিমান ক্ষতিকাৰক জানো আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 25, 2022

পইতাচোৰা আমাৰ বাবে কিমান ক্ষতিকাৰক জানো আহক : Assamese Health Tips

Assamese Health Tips


এনেকুৱা কোনো  ঘৰ হয়তো পোৱা নাযাব য'ত #পইতাচোৰা নাই। পইতাচোৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । ইয়াৰ দ্বাৰা পেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি নানা ভয়ানক স্বাস্থ্য সমস্যা সৃষ্টি হব পাৰে।  ( Assamese Health Tips )


✍ #ফুড_পইজনিংঃপইতাচোৰাৰ দ্বাৰা ফুড পইজনিং হব পাৰে। পইতাচোৰা চেলমোনেলা নামৰ টাইফইড সৃষ্টিকাৰী ভাইৰাচ বিয়পাই ।


✍ #এলাৰ্জীঃ পইতাচোৰাৰ কাৰণে আপোনাৰ এলাৰ্জীও হব পাৰে। যাৰ ফলত ছালত ৰেচেজ, হাঁচি, চকুপানী বোৱা আদি বিভিন্ন প্ৰকাৰৰ এলাৰ্জী আৰম্ভ হব পাৰে। এইবোৰ পইতাচোৰাৰ মুখৰপৰা ওলোৱা লেলাউটিৰ পৰা হয়।


✍ #বেক্টেৰীয়া_সংক্ৰমণঃ পইতাচোৰাই মুখ লগোৱা আহাৰত মুখেদি উলিওৱা লেলাওটিৰ দ্বাৰা পইতাচোৰাৰ পেটৰ পৰা বীজানু ওলাই খোৱা বস্তুত মিলিত হয়। যি মানুহৰ পেটলৈ যোৱাৰ পিছত পাচন ক্ৰিয়াৰ সমস্যা সৃষ্টি কৰে। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে পইতাচোৰাৰ দ্বাৰা বিয়পোৱা চুডোমোনাজ এৰুগিনোচা নামৰ বীজানু পইতাচোৰাৰ পেটত যথেষ্ট বৃদ্ধি পায়। যাৰ দ্বাৰা বিভিন্ন ৰোগ যেনে মূত্ৰাশয় সংক্ৰমণ, চেপ্সিছ আদি বেমাৰ সৃষ্টি হয়। 


✍ #শৰীৰৰ_অংগ_নষ্টঃ ঘৰত অত্যাধিক পইতাচোৰা হলে ঘৰত আক্ৰমণ কৰাৰ লগতে শুই থকা অৱস্থাত  ভৰিৰ আঙুলি ছাল আদি কোমল অংশত কামুৰি ঘাঁ লগাব পাৰে।  ( Assamese Health Tips )


✍ #এজমাঃ পইতাচোৰা এজমা ৰোগীৰ শত্ৰু । ঘৰত অত্যাধিক পইতাচোৰা হলে ইয়াৰ লেলাওটিয়ে সৃষ্টি কৰা এলাৰ্জী আক্ৰান্ত হৈ এজমাৰ এটেক বৃদ্ধি হোৱাৰ ফলত ৰোগীৰ প্ৰাণৰ সংশয় আহিব পাৰে। পইতাচোৰাই আহাৰ নুখোৱাকৈ এমাহ জীয়াই থাকিব পাৰে কিন্তু পানী নুখোৱাকৈ এসপ্তাহো জীয়াই থাকিব নোৱাৰে । ঘৰৰ পানীৰ পাত্ৰ আৰু পানী সাৱধানে থব।আহাৰ মুকলিত নথব। ৰাতিৰ বাহি বাচন পৰিস্কাৰ কৰি থব। বজাৰত পোৱা ৰঙা হিট, লচমন ৰেখা বা আন পইতাচোৰা মাৰা ঔষধ সাৱধানতাৰে ব্যৱহাৰ কৰিব পাৰে। এইবোৰ উগ্ৰ ৰাসায়নিক দ্ৰব্য । সাৱধানে ব্যৱহাৰ কৰা উচিত। 


✍#ঘৰুৱা_আমোঘ_সমাধান:- 


ফাৰ্মাচীৰ পৰা বৰিক এচিড আনি  এচামুচ বৰিক এচিড, দুই চামুচ আটা আৰু এচামুচ চেনীৰ গুৰি ভালদৰে মিহলাই এখন প্লেটত লৈ ৰাতি পাকঘৰত মুকলিকৈ থৈ দিব। এইখিনি  �খালে পইতাচোৰা মৰি নাইকিয়া হব। এসপ্তাহ দহদিন মান একেলেথাৰিয়ে দিব। (যোগেশ দাসৰ তথ্যৰ পৰা সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages