সু-স্বাস্থ্যৰ বাবে কেলছিয়ামৰ গুৰুত্ব অপৰিসীমা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

সু-স্বাস্থ্যৰ বাবে কেলছিয়ামৰ গুৰুত্ব অপৰিসীমা : Assamese Health Tips

Assamese Health Tips


 সু-স্বাস্থ্যৰ বাবে কেলছিয়ামৰ গুৰুত্ব-অপৰিসীমা। জানি লওক-ইয়াৰ অভাৱৰ ফলত হোৱা-সমস্যাসমূহৰ বিষয়ে- ( Assamese Health Tips )


*কেলছিয়ামৰ অভাৱক হাইপোকেলচেমিয়া বুলিও কোৱা হয়।যেতিয়া যিকোনো লোকৰ শৰীৰে-পৰ্যাপ্ত পৰিমাণে কেলছিয়াম নাপায়,তেতিয়া  হাইপোকেলচেমিয়া হয়।সেয়ে-সু-স্বাস্থ্যৰ বাবে কেলছিয়ামৰ গুৰুত্বৰ বিষয়ে-সকলোৱে জনাটো উচিত।বয়সৰ সৈতে-কেলছিয়ামৰ অভাৱ সচৰাচৰ হোৱা দেখা যায়।শৰীৰৰ বেছিভাগ কেলছিয়াম হাড়ত সংৰক্ষণ পোৱা যায়।বয়সৰ সৈতে-হাড় পাতল আৰু কম ঘন হৈ পৰাৰ ফলত-শৰীৰক কেলছিয়ামৰ প্ৰয়োজন হয়। কেলছিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰি-এই অভাৱ পূৰণ কৰিব পাৰি।


*কেলছিয়ামৰ অভাৱত হব পৰা সমস্যা কেইটা হল-


১/পেশীৰ সংকোচন-

*যেতিয়াই শৰীৰে-পৰ্যাপ্ত পৰিমাণৰ হিমোগ্লোবিন আৰু উপযুক্ত পৰিমাণৰ পানীৰ পৰিমাণ থকা স্বত্তেও-মানুহৰ নিয়মীয়াকৈ পেশীৰ সংকোচন হয়।তেনেহলে ই- কেলছিয়ামৰ অভাৱৰ এটি লক্ষণ।


২/হাড়ৰ ঘনত্ব হ্ৰাস-

*বয়স বৃদ্ধি হোৱাৰ লগে-লগে হাড়ৰ খনিজকৰণৰ বাবে কেলছিয়াম অত্যাৱশকীয় হৈ পৰে।কেলছিয়ামৰ অভাৱত-মানুহৰ হাড়ৰ সমস্যাই স্বাস্থ্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু অষ্টিঅ'পোৰোচিছ আৰু হাড় ভঙাৰ আশংকা বাঢ়িবলৈ ধৰে।


৩/নখৰ সমস্যা হোৱা-

*নখৰ বাবেও কেলছিয়ামৰ প্ৰয়োজন।কেলছিয়ামৰ অভাৱৰ বাবে-নখবোৰ দুৰ্বল হোৱাৰ লগতে-ভাঙিবলৈ আৰম্ভ কৰে। ( Assamese Health Tips )


৪/দাঁতৰ বিষ-


*শৰীৰৰ ৯০শতাংশ কেলছিয়াম দাঁত আৰু হাড়ত থাকে।কেলছিয়ামৰ অভাৱৰ ফলত দাঁত আৰু হাড়ৰ ক্ষমতা হ্ৰাস পাবলৈ ধৰে।


৫/মাহেকীয়া সময়ৰ বিষ-

*কেলছিয়াম অভাৱ থকা নাৰীসকলে-ঋতুস্ৰাৱৰ সময়ত তীব্ৰ বিষ অনুভৱ কৰে।কিয়নো পেশীৰ কাৰ্য্যত কেলছিয়ামে-এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


৬/ৰগ-প্ৰতিৰোধকাৰী ক্ষমতাৰ অভাৱ-

*কেলছিয়ামে-শৰীৰত ৰোগ-প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰে।যেতিয়া-কেলছিয়ামৰ অভাৱ হয়-শৰীৰৰৰ বীজাণুৰ আক্ৰমণৰ বিৰুদ্ধে-যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস হয়।


৭/স্নায়ু সমস্যা-


*কেলছিয়ামৰ অভাৱৰ ফলত স্নায়বিক সমস্যা-হতাশা-অনিদ্ৰা আৰু ডিমেনচিয়াৰ দৰে-সমস্যাও হব পাৰে।কেলছিয়ামে হৃদযনক তেজ-যোগান ধৰাত সহায় কৰে।( সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages