শিশুৰ শৰীৰটো আক্ৰমণ কৰিব পাৰে ডায়েবেটিছে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 17, 2022

শিশুৰ শৰীৰটো আক্ৰমণ কৰিব পাৰে ডায়েবেটিছে : Assamese Health Tips

Assamese Health Tips


শিশুৰ শৰীৰটো আক্ৰমণ কৰিব পাৰে-ডায়েবেটিছে।এই কেইটা লক্ষণ দেখা পালে-সৰ্তক হব।( Assamese Health Tips )


*ঘৰৰ কাৰোবাৰ ডায়েবেটিছ থাকিলে-পৰিয়ালৰ সৰু সদস্যও এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।এই ক্ষেত্ৰত পৰিয়ালৰ সন্তানৰ প্ৰতি-অতিৰিক্ত সাৱধান হোৱা প্ৰয়োজন।


*চিকিৎসকৰ মতে-টাইপ-১ ডায়বেটিছে সঘনাই প্ৰস্ৰাৱ, অত্যধিক ভোক-পিয়াহ বৃদ্ধি আৰু লগতে-শিশুৰ সঘনাই ভাইৰেল সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে।যাৰ প্ৰভাৱ অধ্যয়ন ক্ৰীয়াকে ধৰি বিভিন্ন কাৰ্য্যকলাপৰ ওপৰত পৰে।


*চহৰৰ খাদ্যভ্যাসত কাৰ্বোহাইড্ৰেট জাতীয় খাদ্যৰ-অধিক পোৱা যায়।


*ৰাতিপুৱা আহাৰৰ বাবে-চকলেট-কৰ্ণফ্লেক্স শিশুৰ-প্ৰিয়ৰ তালিকাত থাকে।


*সন্ধিয়া হলেই-মেগী-মম-চিপচ- বাৰ্গাৰ।ই ৰক্ত শৰ্কৰাৰ স্তৰৰ আশংকাও বৃদ্ধি কৰে।তাৰ ওপৰত বেছিভাগ চহৰীয়া শিশু আৰু কিশোৰ শেষতীয়াকৈ ক্ৰীয়াত অভ্যস্ত নহয়।


*আজৰি সময়ত-তেওঁলোকে ভিডিও গেম খেলে-বা ইন্টাৰনেটত সময় অতিবাহিত কৰে।এই অস্বাস্থ্যকৰ-জীৱনশৈলীৰ বাবে-ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি পাইছে।


*শিশুসকলৰ ভিতৰত কি কি লক্ষণ দেখা পালে-আপুনি ডায়বেটিছৰ বিষয়ে-সৰ্তক হব।( Assamese Health Tips )


১/বাৰে বাৰে-পানী খোৱাৰ প্ৰৱণতা বাঢ়ে নেকি!এয়া কিন্তু ডায়েবেটিছৰ লক্ষণ।ডায়েবেটিছৰ ফলত-জিভাত লেলাৱটিৰ পৰিমাণ হ্ৰাস হয়।সেইবাবে-ডিঙি শুকুৱাৰ সমস্যা হয়।যদি ডায়েবেটিছৰ মাত্ৰা যথেষ্ঠ বৃদ্ধি হয়-ইয়াৰ ফলত জ্বলা-পোৰা,আলচাৰ, ডিঙিত সংক্ৰমণ হব পাৰে।


২/শিশুটিৰ দৃষ্টি অস্পষ্ট নেকি?ইয়াৰ কাৰণ-কেৱল টিভি বা মোবাইল ফোন চোৱা নহবও পাৰে।ডায়েবেটিছ হলেও-চকুৰ সমস্যা হয়।


৩/দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখিছে নি!আপুনি হয়তু ভাৱিছে-যে-ব্ৰাছডাল সলনি কৰিব লাগিব।যদিও-ডায়েবেটিছ আছে-কিন্তু দাঁতৰ গুৰিত প্ৰদাহ হয় আৰু ইয়াৰ পৰা ৰক্তক্ষৰণ হয়।যদি জিভাত মাজে মাজে-বিষ বা জ্বলা-পোৰা হয়-তেনেহলে শিশুৰ এনে-লক্ষণ আওকান নকৰিব।এয়া ডায়েবেটিছৰ বাবেও হব পাৰে।


৪/সঘনাই প্ৰস্ৰাৱ কৰাটো ডায়েবেটিছৰ লক্ষণ।যদি-শিশুটি বাৰে-বাৰে-বাথৰূমলৈ যায়-তেন্তে বুজিব লাগে যে-শিশুটিৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হৈছে।


৫/শিশুটিৰ শৰীৰত কেতিয়াবা ৰঙা পৰি যোৱা দাগ দেখিছে নেকি?হাত আৰু ভৰিত ক'লা হৈ পৰিছে নেকি!তেতিয়াহলে আপুনি সাৱধান হব লাগিব।এয়া ডায়েবেটিছল লক্ষণ।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages