ছাল সম্পর্কীয় কেইবাটাও লক্ষণ বৃক্কৰ ৰোগৰ লক্ষণ হব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 14, 2022

ছাল সম্পর্কীয় কেইবাটাও লক্ষণ বৃক্কৰ ৰোগৰ লক্ষণ হব পাৰে : Assamese Health Tips

Assamese Health Tips


শীতকালীন ছাল শুকান হোৱাটো সাধাৰণ কথা। বাহিৰৰ তাপমাত্রা আৰু শীতকালত কম পানী খোৱাৰ ফলত ছাল অতি শুকান হৈ পৰে, যাৰ ফলত খজুৱতি হয়।  ( Assamese Health Tips )


কিন্তু বহুতো লোক আছে, যাৰ ছাল প্ৰতিটো ঋতুতে শুকান হৈ থাকে। বহু ক্ষেত্রত ডিহাইড্রেশন আৰু শুকান বায়ুৰ বাবে ছালত শুষ্কতা বাহাল থাকে। বেছিভাগ মানুহে তেওঁৰ শুকান ছালৰ বাবে বতৰক দোষাৰোপ কৰে। শুকান ছালক অৱহেলা নকৰিব। বহুলোকে নাজানে যে, শুকান ছালৰ আঁৰৰ বাবে কেৱল বতৰ নহয়, আন বহুতো কাৰণ থাকিব পাৰে। ছাল সঁঘনাই শুকোৱাৰ আঁৰত বহুতো গুৰুত্বপূৰ্ণ ৰোগ থাকিব পাৰে। যাৰ ভিতৰত এটা হৈছে বৃক্ক বা কিডনীৰ ৰোগ। কিডনীৰ সমস্যা থাকিলে, ছাল অতি শুকান হৈ থাকে। 


আমাৰ শৰীৰত কিডনীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিডনীয়ে আমাৰ শৰীৰত বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰে। কিডনীৰ মুখ্য কাম হৈছে, তেজ ফিল্টাৰ কৰা আৰু কেলছিয়াম আৰু পটাচিয়ামৰ দৰে বহুতো পুষ্টিৰ ভাৰসাম্য নিয়ন্ত্রণ কৰা। একে সময়তে কিডনীয়ে আমাৰ শৰীৰৰ আন অংশবোৰে কাম কৰাৰ বাবে প্ৰয়োজনীয় হৰমনো মুকলি কৰে।  ( Assamese Health Tips )


শৰীৰত নিৰন্তৰ পুষ্টিৰ স্তৰৰ বাবে ছাল প্ৰাকৃতিক ভাৱে হাইড্ৰেটেড আৰু স্বাস্থ্যৱান হৈ থাকে। অৱশ্যে যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে তেতিয়া ই তেজত খনিজ আৰু পুষ্টিৰ পৰিমাণত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে। যাৰ ফলত বৃক্কৰ ৰোগ হব পাৰে। কিডনীয়ে সঠিক ভাৱে কাম নকৰাৰ এটা লক্ষণ হল, ছাল শুকান হোৱা আৰু ছাল শুকোৱাৰ সৈতে খজুৱতি হোৱা। আমেৰিকান একাডমী আৰু ডাৰ্মাটোলজীয়ে কয় যে, ছাল সম্পর্কীয় কেইবাটাও লক্ষণ বৃক্কৰ ৰোগৰ লক্ষণ হব পাৰে। 


১/খহটা আৰু সাঁচ সাঁচ বহি থকা ছাল। 

২/ছাল টান অনুভৱ কৰা, আৰু সহজে ফাটি যোৱা। 

৩/মাছৰ বাকলিৰ দৰে ছালত সাঁচ বহা। 


এই সকলোবোৰ লক্ষণ শৰীৰৰ যিকোনো অংশত আৰু যিকোনো সময়তে দেখা যায়। এই লক্ষণবোৰ দেখা দিয়াৰ লগে লগে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত। যেতিয়া বৃক্কৰ সমস্যা হয়, তেতিয়া ইয়াৰ প্ৰভাৱ সকলোৰে ক্ষেত্রত পৃথক হয়। শুষ্কতা আৰু খজুৱতিৰ সমস্যা শৰীৰৰ এক নিদিষ্ট স্হানত হব পাৰে। যেনে পিঠি বা হাত। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্রত বৃক্ক ৰোগৰ আশংকা বহুত বেছি। গতিকে যদি আপুনি আপোনাৰ ছালত শুষ্কতা আৰু খজুৱতি অনুভৱ কৰে, তেন্তে এই বিষয়ে আপুনি চিকিৎসকৰ সৈতে কথা পাতক। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages