মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত এই শাকবিধ খালে সুফল পোৱা যায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত এই শাকবিধ খালে সুফল পোৱা যায় : Assamese Health Tips

Assamese Health Tips


  ইয়াৰ বৈজ্ঞানিক নাম Ipomia aquatica । পানী থকা ঠাইত নাইবা খেতিপথাৰ, সেমেকা ঠাইত ইয়াক সাধাৰণতে দেখিবলৈ পোৱা যায়।  ( Assamese Health Tips )


অসমীয়া থলুৱা ব্যঞ্জন সমূহৰ ভিতৰত কলমৌ শাকৰ ব্যঞ্জনো লেখত লবলগীয়া। যেনে কলমৌ আৰু আলুৰ শুকান ভাজি,ঢেকীয়া আৰু কলমৌৰ শুকান ভাজি, মচুৰ দাইলৰ লগত বনোৱা কলমৌ শাকৰ আঞ্জা, মাগুৰ শিঙি মাছৰ লগত কলমৌ শাকৰ জোল খুবেই তৃপ্তিদায়ক ।  


কলমৌ শাকত ভিটামিন A, বিভিন্ন প্ৰকাৰৰ ভিটামিন B যৌগ, ভিটামিন C, আইৰণ, আঁহ ( dietary fibre), কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পতাছিয়াম, ফচফৰাছ, চডিয়াম, জিঙ্ক ইত্যাদি বহু অত্যাৱশ্যকীয় উপাদান পোৱা থাকে। সেয়েহে স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত কলমৌ শাকৰ ভূমিকা আছে। 


ইয়াৰ উপকাৰী গুণসমূহ তলত উল্লেখ কৰা হৈছে 


🌿(১). #জণ্ডিচ আৰু অন্যান্য লিভাৰজনীত ৰোগত কলমৌ শাক উত্তম পথ্য । বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ যাক টকচিন্স ( toxins) বুলি কোৱা হয় সেইবোৰ শৰীৰৰ পৰা নিষ্কাষণ কৰাত ই সহায় কৰে । ইয়াত থকা কিছুমান বিশেষ উপাদানে লিভাৰৰ এঞ্জাইমসমূহক ( enzyme) সক্ৰিয় কৰি লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আৰু লিভাৰক সুৰক্ষা প্ৰদান কৰে।


🌿(২).#কলেষ্টেৰলৰ সমস্যা, মেদবহুলতা, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে কলমৌ শাক উপকাৰী। ই শৰীৰৰ বাবে অপকাৰী কলেষ্টেৰল নিয়ন্ত্রণ কৰাত সহায় কৰে। প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ওজন কমোৱাতো সহায় কৰে। তদুপৰি ইয়াত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন A, C, বিতা কেৰটিনৰ বাবে ই হাৰ্টক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। ( Assamese Health Tips )


🌿(৩). #পুংজননতন্ত্র ( male reproductive system) আৰু স্ত্রীজননতন্ত্র ( female reproductive system) সুস্থ আৰু সবল কৰি ৰখাত কলমৌ শাক বিশেষভাবে উপকাৰী। পুৰুষ আৰু স্ত্রী উভয়ৰে হৰম'ন সমূহ কার্যক্ষম কৰি ৰখাত সহায় কৰে, মহিলা আৰু পুৰুষৰ ধাতুজনীত সমস্যাতো সুফল দিয়ে। মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত ( menstrual pain) কলমৌ খালে সুফল পোৱা যায়। সন্তানহীন দম্পতিয়ে মাজে সময়ে কলমৌ শাকৰ ব্যঞ্জন খোৱা উচিত। যিকোনো ৰোগত চিকিৎসাৰ উপৰিও উত্তম পথ্যও খুবেই প্ৰয়োজনীয়। তেনে এবিধ প্ৰচলিত থলুৱা ঔষধিযুক্ত ব্যঞ্জন হৈছে কলমৌ শাক আৰু মাগুৰ বা শিঙি মাছৰ জালুকীয়া আঞ্জা। প্ৰসূতি তিৰোতাৰ বাবেও এই আঞ্জা অত্যন্ত উপকাৰী।


🌿(৪). #ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে অন্যান্য উপকাৰী বনশাকৰ লগত কলমৌ শাক খোৱা উচিত। ৰোগ নিয়ন্ত্রণ আৰু ৰোগৰ উপসৰ্গ দূৰ কৰাত কলমৌ শাক বৰ উপকাৰী। গৰ্ভাৱস্হাত হোৱা ডায়েবেটিচ ৰোগতো গৰ্ভৱতী মহিলাই কলমৌ খালে সুফল পায়। 


🌿(৫). প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে কোষ্ঠকাঠিন্য ৰোগত উপকাৰী। সেয়েহে অৰ্শ ৰোগীয়ে কলমৌ শাক খোৱা উচিত। 


🌿(৬). কলমৌ শাকত কেৰ'টিনয়ড ( carotenoid) , ভিটামিন A ,ভিটামিন C আদি থকা বাবে চকুৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ই ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাত সহায় কৰে, শালমন, এলাৰ্জি আদি বিভিন্ন সমস্যা নিবাৰণ কৰে । কাৰণ ইয়াত আইৰণ, কেলচিয়াম,জিঙ্ক আৰু বহুতো অত্যাৱশ্যকীয় উপাদান আছে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages