এই কাম কৰাৰ ফলত বহু কঁকালৰ বিষৰ ৰোগীয়ে আজি হাঁহি মুখে জীৱন যাপন কৰি আছে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 4, 2022

এই কাম কৰাৰ ফলত বহু কঁকালৰ বিষৰ ৰোগীয়ে আজি হাঁহি মুখে জীৱন যাপন কৰি আছে : Assamese Health Tips

Assamese Health Tips


কঁকালৰ বিষ হোৱাৰ মূল কাৰণ নাৰ্ভ ওলাই যোৱা ফুটা সৰু হোৱা।আজি ইয়াৰ বিষয়ে অকণমান জানো আহক..... Assamese Health Tips )


   কঁকালৰ বিষৰ ভিন্ন কাৰণ মই সময়ে সময়ে লিখি গৈছো।আপোনালোক আটায়ে পঢ়িছে আৰু কিছু সম্যক ধাৰণা নিশ্চয় কৰিব পাৰিছে।বিভিন্ন জনে spinal cannal ৰ বিষয়ে আৰু কিছুমানে neural foramina ৰ বিষয়েও সুধিছে।


ককালৰ বিষ যি কাৰণেই নহওক কিয় হাড়ৰ মাজৰ ফুটাৰে শৰীৰৰ বিভিন্ন অংশলৈ ওলাই অহা নাৰ্ভ বোৰ  চেপা খাব লাগিব।নহলে বিষ নহয়।ইয়াৰ বিষয়ে জানিবলৈ কি কি ফুটাৰে নাৰ্ভ বোৰ ওলাই যায় তাৰ বিষয়ে অকণমান জানো আহক।


    মস্তিষ্কৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ নাৰ্ভ অহা যোৱা কৰে।অৰ্থাৎ কেতবোৰ নাৰ্ভে অংগ সমূহৰ খবৰ মস্তিষ্কক দিয়ে আৰু শৰীৰৰ অংগবোৰে কাম কৰিবৰ কাৰণে কেইবোৰ নাৰ্ভ মস্তিষ্কৰ পৰা বিভিন্ন অংগলৈ গতি কৰে।এই আটাইবোৰ নাৰ্ভ একোটা ৰছীৰ মুঠিৰ ৰূপত ৰাজহাৰৰ মাজেৰে গতি কৰে।ইয়াক spinal cord বুলি কোৱা হয়।spinal cord ডাল যিটো ফুটাৰে ওলাই আহে তাক কোৱা হয় spinal cannal(তলৰ প্ৰথম ছবি খন চাওঁক)।এই spinal cannal ৰ চাৰিওফালে কেতবোৰ ligament থাকে যিয়ে spinal cord দালক সুৰক্ষিত কৰি ৰাখে।


বেছিকৈ কঁকালত জোৰ পৰা কাম কৰিলে এই ligament সমূহ ফুলি উঠে  আৰু কালক্ৰমত নষ্ট হবলৈ ধৰে ।যাৰ ফলত spinal cannal নামৰ ফুটাটো সৰু হয় আৰু নাৰ্ভ বোৰত চেপা খায়।ইয়াৰ ফলত কঁকালৰ বিষৰ উপৰিও নাৰ্ভ ৰ বিভিন্ন লক্ষণ দেখা দিব পাৰে। Assamese Health Tips )


    যেতিয়া হাড় বোৰৰ মাজেৰে spinal cord ডাল তললৈ নামি আহে তেতিয়া প্রতি ডাল হাড় ৰ দুয়ো কাষত থকা সৰু ফুটাৰে বিভিন্ন অংশলৈ সৰু সৰু নাৰ্ভ বোৰ অহা যোৱা কৰে।এই ফুটা যুগলক neural foramina বুলি কোৱা হয়(তলৰ দুই আৰু তিনি নম্বৰ ফটোখন চাওঁক)।এই ফুটাটো যথেষ্ট সৰু হয় আৰু ঠাই বিশেষে ২ৰ পৰা ৩ মিলি মিতাৰ ব্যাসাৰ্ধৰ হয়।হাৰ দুডালৰ মাজত থকা ডিস্ক খন কেতিয়াবা ওলাই আহিল neural foramina ৰ ওপৰত হেঁচা দিয়া যাৰ বাবেই সেই ফুটাৰে ওলাই অহা নাৰ্ভ ডাল আঘাতপ্ৰাপ্ত হয় নতুবা কেতিয়া নাৰ্ভ দাল চেপা খোৱাৰ ফলত নিজৰ কৰ্ম কৰিব নোৱাৰা হয়।ইয়াৰ বাবেই কঁকালৰ বিষ হয়।


     এজন অভিজ্ঞ চিকিৎসকে ভালদৰে চাই কেতবোৰ ব্যায়াম দিয়ে যাৰ ফলত ফুটাবোৰ বহল হব পাৰে আৰু বিষৰ পৰা উপশম পাব পাৰি।কিন্তু বেছিভাগ চিকিৎসকে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব নিদি ঔষধ লিখি দিয়াৰ ফলত ৰোগীয়ে আৰাম নাপায়।অবশ্য চিকিৎসক হিচাবে এনেকুৱা বহুত ৰোগী পাইছো যিয়ে ব্যায়াম নকৰে যাৰ বাবে আৰাম নাপায়।


     আয়ুৰ্বেদিক চিকিৎসাৰ সফলতাৰ মূল মন্ত্ৰ হৈছে উপযুক্ত ব্যায়াম আৰু আয়ুৰ্বেদিক ঔষধ সেৱন।আয়ুৰ্বেদিক ঔষধৰ আঘাতপ্ৰাপ্ত নাৰ্ভক পুনৰ ঠিক কৰিব পাৰে লগতে আশে পাশে থকা হাড় আৰু ligament বোৰকো সবল কৰিব পাৰে।ইয়াৰ বাবেই বহু কঁকালৰ বিষৰ ৰোগীয়ে আজি হাঁহি মুখে জীৱন যাপন কৰি আছে।


ডাঃ অনুপ বৈশ্য

সহযোগী অধ্যাপক

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়

গুৱাহাটী-১৪

Whats app :8638211711


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages