কৰদৈ যাক ষ্টাৰ ফ্ৰুইট বুলিও জনা যায় । ই বহুতো পুষ্টিৰে সমৃদ্ধ আৰু বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। ( Assamese Fact )
কৰদৈ টেঙাৰ লাভালাভ-
১/কৰদৈয়ে ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।ইয়াত যথেষ্ট বিটা-কেৰোটিন থাকে।এই বিটা-কেৰোটিনে শৰীৰত ভিটামিন এ'ৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।কৰদৈ খোৱাটোয়ে ৰোগবোৰ নিজৰ পৰা-আঁতৰাই ৰখাত সহায় কৰে।কিয়নো ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিলে ৰোগৰ আশংকা হ্ৰাস হয়।
২/যিসকলে তেওঁলোকৰ ওজন হ্ৰাসৰ বাবে-অসুবিধাত পৰি আছে,তেওঁলোকৰ বাবে কৰদৈ খোৱাটো লাভজনক হব পাৰে।কৰদৈত পৰ্যাপ্ত পৰিমাণৰ আঁহ থকাৰ পৰিৱৰ্তে কেলৰি কম থাকে।সেয়হে-সীমিত পৰিমাণত কৰদৈ খাই ওজন হ্ৰাস কৰিব পাৰি।
৩/কৰদৈত এন্টিঅক্সিডেন্ট পোৱা যায়।এই এন্টিঅক্সিডেন্টবোৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা-যেনে-হাপানিত সহায় কৰে।যিসকল লোকৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে-তেওঁলোকে নিশ্চিতভাৱে দিনত এটা কৰদৈ খাব লাগে।
৪/কৰ্কট ৰোগৰ দৰে-ৰোগ পৰিহাৰ কৰিবলৈ কৰদৈ খোৱাটো উপকাৰী।ইয়াৰ কাৰণ হৈছে-কৰদৈ ফলত বিটা-কেৰোটিনৰ পৰিমাণ পোৱা যায়।বিটা-কেৰোটিনে এন্টিঅক্সিডেন্টৰ দৰে কাম কৰে।বিটা-কেৰোটিনৰ পৰিমাণ গ্ৰহণে কৰ্কট ৰোগ হোৱাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।
৫/হজম স্বাস্থ্য উন্নত ৰখাৰ বাবে-কৰদৈ অতি উপকাৰী।ফাইবাৰ সমৃদ্ধ শ্ৰেণীৰ ফলত-কৰদৈ মুখ্যভাৱে গণনা কৰা হয়।কৰদৈয়ে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে।
৬/ হাড় শক্তিশালী কৰাৰ বাবে-কৰদৈ টেঙা যথেষ্ট উপযোগী।যিসকল লোকৰ হাড়ৰ বিষ হৈ থাকে-তেওঁলোকে কৰদৈ টেঙা নিশ্চতভাৱে খোৱা প্ৰয়োজনীয়।
৭/ইয়াৰ বাহিৰেও হৃদযন্ত্ৰৰ বাবে-কৰদৈ যথেষ্ট উপকাৰী।কৰদৈৰ সেৱনে-হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে। ( Assamese Fact )
৮/ছালৰ বাবেও কৰদৈ প্ৰয়োজনীয়।অৰ্থাৎ যিসকল লোকৰ যিকোনো প্ৰকাৰৰ এলাৰ্জি বা শালমইনাৰ দৰে সমস্যা আছে-তেওঁলোকে কৰদৈ গ্ৰহণ কৰিব লাগে।
৯/কৰদৈ পেটৰ সমস্যাৰ বাবেও যথেষ্ট উপকাৰী।যদি পেটত গেছ জমা হয় বা খাদ্য হজম নহয়-তেনেহলে-কৰদৈ টেঙা খাব লাগে।
১০/কৰদৈ খালে কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পাব পাৰে।ইয়াত যথেষ্ট ফাইবাৰ থাকে।ই-কোষ্টকাঠিন্য,বদহজম,গেছ আৰু পেটৰ বিষৰ দৰে সমস্যা আঁতৰ কৰাত সহায় কৰে।
১১/কৰদৈ খোৱাৰ ফলত চুলিৰ বিকাশো উন্নত হয়!ই চুলি শক্তিশালী আৰু ডাঠ কৰাত সহায় কৰে।কৰদৈ ভিটামিন চি আৰু ভিটামিন বি'ৰে সমৃদ্ধ।ই এন্টিঅক্সিডেন্টেৰেও সমৃদ্ধ।
১২/শৰীৰত কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত-হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়।গতিকে কলেষ্টৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ-কৰদৈ খাব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment