ঘৰৰ কোন দিশত কি থাকিব লাগে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

ঘৰৰ কোন দিশত কি থাকিব লাগে জানি লওক : Assamese Fact

Assamese Fact


 সুখ আৰু শান্তিৰ বাবে-ধ্যান ৰাখিব লাগে-বাস্তুৰ এই কথা সমূহ।ঘৰৰ কোন দিশত কি থাকিব লাগে-( Assamese Fact )


*বাস্তু শাস্ত্ৰ অনুসাৰে-


*পূৰ্ৱ দিশ-

পূৰ্ৱ দিশ-সূৰ্য্যদয়ৰ দিশ হয়।এই দিশৰ পৰা-সকাৰত্মক ওৰ্জাবান কিৰণ আমাৰ ঘৰত প্ৰৱেশ কৰে।যদি ঘৰৰ মেনগেট এই দিশৰ ফালে থাকে,তেন্তে বহুত ভাল হয়।খিৰকিও এই দিশে ৰাখিব পাৰে।


*পশ্চিম দিশ-

ঘৰৰ টয়লেট-এই দিশৰ ফালে হব লাগে।টয়লেটৰ আশে-পাশে যাতে পাকঘৰ নাথাকে,এই কথা মন কৰিব লাগে।


*উত্তৰ দিশ-

এই দিশত ঘৰৰ সকলোতকৈ বেছি দুৱাৰ আৰু খিৰকি থাকিব লাগে।ঘৰৰ বেলকনি এই দিশত থাকিব লাগে।যদি ঘৰৰ মেনগেট এই দিশৰ ফালে-থাকে,তেন্তে অতি উত্তম।


*দক্ষিণ দিশ-

এই দিশৰ ফালে-কোনো ধৰণৰ মুকলি,শৌচালয় আদি থাকিব নালাগে।ঘৰৰ এই স্থানত গধূৰ বস্তু ৰাখিব লাগে।যদি ঘৰৰ এই দিশত-দুৱাৰ আৰু খিৰকি থাকে-তেন্তে ঘৰত নকাৰত্মক ওৰ্জা থাকিব আৰু অক্সিজেনৰ মাত্ৰা কম হয়।ইয়াৰ দ্বাৰা ঘৰত সমস্যা বৃদ্ধি হয়।


*উত্তৰ পূৰ্ৱ দিশ-

এই দিশক ঈশান দিশ বুলিও কোৱা হয়।এই দিশ জলৰ স্থান হয়।এই দিশত-চুইমিং পুল,পূজাস্থল আদি থাকিব লাগে।এই দিশে-মেনগেট থকাটো বহুত শুভ হয়।( Assamese Fact )


*উত্তৰ পশ্চিম দিশ-

এই দিশক বাব্য দিশ বুলিও কোৱা হয়।এই দিশে-শুৱনি কোঠা,গেৰেজ,গোহালি আদি থাকিব লাগে।


*দক্ষিণ পূৰ্ৱ দিশ-

এই দিশক ঘৰৰ আগ্নেয় কোণ কোৱা হয়।এই দিশ অগ্নি তত্বৰ দিশ হয়।এই দিশে-পাকঘৰ,গেছ,

ট্ৰেনচফৰ্মাৰ,আদি হব লাগে।


*দক্ষিণ-পশ্চিম দিশ-

এই দিশক নক্ষত্ৰ দিশ কোৱা হয়।এই দিশে মুকলি-অৰ্থাৎ খিৰকি-দুৱাৰ আদি হব নালাগে।ঘৰৰ মুখিয়া জনৰ কোঠালি এই দিশে থাকিব লাগে।কেচ-কাউন্টাৰ,মেচিন আদি আপুনি এই দিশত ৰাখিব পাৰে।


ঘৰৰ চুতাল-

ঘৰত চুতাল এখন নহলে-ঘৰখন ভাল নালাগে।ঘৰৰ আগফালে বা পাচফালে-সৰু কে হলেও,চুতাল এখন থাকিব লাগে।ঘৰৰ বাৰীত-তুলসী,জাম,মধূৰী, নিম গছ,আমলখি আদিৰ বাহিৰেও সকাৰত্মক ওৰ্জা দিয়া গছ ৰুপণ কৰিব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages